অসম

assam

Guwahati High Court; দেশৰ ন্যায়িক ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ; ৰাষ্ট্ৰপতি

By

Published : Apr 7, 2023, 9:33 PM IST

৭৫ বছৰীয়া হ’ল গুৱাহাটী উচ্চ ন্যায়ালয় (75 years of Guwahati High Court) ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৫ বছৰীয়া গৌৰৱোজ্জল ইতিহাসক সুঁৱৰি শুকুৰবাৰে আয়োজন কৰা হয় মহাৰজত জয়ন্তীৰ অনুষ্ঠান (Maharajat Jayanti of Guwahati High Court) ৷ এই অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূর্মু, দেশৰ আইন মন্ত্ৰী কিৰেণ ৰিজজুসহ অসমৰ মন্ত্ৰী-বিষয়াসকল ৷

President Droupadi Murmu in Guwahati
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্রৌপদী মূর্মুৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্রৌপদী মূর্মুৰ

গুৱাহাটী, ৭ এপ্ৰিল :দেশৰ লগতে অসম তথা উত্তৰ-পূবৰ ন্যায়িক সেৱাৰ অন্যতম পীঠস্থান হৈছে গুৱাহাটী উচ্চ ন্যায়ালয় ৷ এই গুৱাহাটী উচ্চ ন্যায়ালয়ে বিগত ৪ এপ্ৰিলত সম্পূৰ্ণ কৰিছে গৌৰৱোজ্জ্বল ৭৫ বছৰ (75 years of Guwahati High Court)। যাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে আয়োজন কৰে মহাৰজত জয়ন্তীৰ অনুষ্ঠান ৷

শুকুৰবাৰে আয়োজন কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূর্মুৱে (President Droupadi Murmu in Guwahati)। এই অনুষ্ঠানত অংশ লৈ তেওঁৰ ভাষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূর্মুৱে কয় যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে দেশৰ ন্যায়িক ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জৰিয়তে কেবাটাও ঐতিহাসিক শুনানী হৈছে, ৰায় প্ৰদান কৰা‌ হৈছে । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সুদীৰ্ঘ ৭৫ বছৰ এক গৌৰৱোজ্জল ইতিহাস আছে । এই ক্ষেত্ৰত অধিবক্তা আৰু ন্যায়াধীশসকলৰ অৰিহণা সদায় স্মৰণীয় হৈ থাকিব (Maharajat Jayanti of Guwahati High Court)।

ভাষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূর্মুৱে অসম তথা উত্তৰ-পূবৰ বৰ্ণময় ইতিহাস আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইতিবিত্তৰ বিষয়েও চমু আলোকপাত কৰে । ভাষণ প্ৰসংগত তেওঁ কয়, ‘‘আধুনিক তথ্য প্ৰযুক্তি সকলোৰে বাবে উপলব্ধ হ'ব লাগে । আশা কৰো চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব’’ । এই অনুষ্ঠানতে দেশৰ আইন মন্ত্ৰী কিৰেণ ৰিজজুয়েও ভাষণ দি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইতিহাসৰ বিষয়ে চমুকৈ ব্যক্ত কৰে । তেওঁ দেশৰ ন্যায়িক ব্যৱস্থাৰ বিষয়েও চমু আলোকপাত কৰে (President Droupadi Murmu in Assam) ।

উল্লেখযোগ্য যে, ১৯৪৮ চনৰ ৫ এপ্ৰিলত প্ৰতিষ্ঠা হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয় । মহাৰজত জয়ন্তী উপলক্ষে উচ্চ ন্যায়ালয়ক নানাৰঙী পোহৰ, ফুল আদিৰে সজাই পৰাই তোলা হৈছে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী উৎসৱ উপলক্ষে বিগত ৪ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিল পর্যন্ত বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে (President Murmu Assam visit)।

আজি অৰ্থাৎ শুকুৰবাৰে আয়োজন কৰা মহাৰজত জয়ন্তীৰ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূর্মুৰ লগতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ড৹ ডি ৱাই চন্দ্ৰচূড়ে অংশগ্ৰহণ কৰে । ১৪ এপ্ৰিলৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশগ্ৰহণ কৰিব । মহাৰজত জয়ন্তী উপলক্ষে উচ্চ ন্যায়ালয়ে কেইবাগৰাকীও প্ৰাক্তন ন্যায়াধীশ, ন্যায়িক সেৱাত ৫০ বছৰ সম্পূৰ্ণ কৰা জ্যেষ্ঠ অধিবক্তা, ৰেজিষ্ট্ৰীৰ প্ৰাক্তন সদস্য, ন্যায়িক বিষয়া আৰু লগতে অধিবক্তাৰ কেৰাণীক সম্বৰ্দ্ধনা জনোৱা হয় ।

লগতে পঢ়ক :Kaziranga Elephant Festival 2023 : কাজিৰঙাত গজ‌ উৎসৱ মুকলি কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে

ABOUT THE AUTHOR

...view details