Kaziranga Elephant Festival 2023 : কাজিৰঙাত গজ‌ উৎসৱ মুকলি কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে

By

Published : Apr 7, 2023, 4:23 PM IST

thumbnail

গুৱাহাটী, 7 এপ্ৰিল : শুকুৰবাৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে কাজিৰঙাত গজ উৎসৱ মুকলি কৰে (President inaugurated Kaziranga Elephant Festival) । ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে কয়, ‘‘অসমৰ কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান দেশৰে নহয়, সমগ্ৰ বিশ্বৰ এক সম্পদ । ইয়াক ৰক্ষা কৰাটো সকলোৰে দায়িত্ব’’ ।

তেওঁ কয়, ‘‘ভাৰতত প্ৰজেক্ট এলিফেন্টৰ ৩০ বছৰ সম্পূৰ্ণ হৈছে । প্ৰজেক্ট এলিফেন্ট হৈছে হস্তীকুলৰ সংৰক্ষণ কৰা আৰু কল্যাণ সাধন কৰা । হস্তী সংৰক্ষিত ক্ষেত্ৰসমূহ হৈছে প্ৰজেক্ট এলিফেন্টৰ অধীনৰ মৌলিক ব্যৱস্থপনা গোট । হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত এই প্ৰজেক্ট এলিফেন্টৰ লক্ষ্য আৰু প্ৰত্যাহ্বান’’ (President Droupadi Murmu in Assam)।

ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু কয়, ‘‘হাতীক সংৰক্ষণ কৰাটো দেশবাসীৰ বাবে মংগল । আনহাতে, হাতীক সংৰক্ষণ কৰাটো জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান মোকাবিলা কৰা দৃষ্টিকোণৰ পৰাও গুৰুত্বপূৰ্ণ’’ । তেওঁ কয়, ‘‘হাতীক সংৰক্ষণ কৰাটো চৰকাৰৰ লগতে সমাজৰো সমানে দায়িত্ব আছে । আমাৰ দেশত হাতী সংস্কৃতিৰ প্ৰতীক । ভাৰতত হাতী আৰু মানুহৰ মাজৰ সম্পৰ্ক বিশ্বৰ ভিতৰতে গভীৰ আৰু অতুলনীয় । ভাৰতত হাতীক সমৃদ্ধিৰ কাৰক হিচাপে পূজা কৰা‌ হয়’’ ।

ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে শেহতীয়াকৈ অস্কাৰ পোৱা ডকুমেন্টৰী The elephant whisperers কথা আলোচনা কৰে । উল্লেখ্য যে, তিনিদিনীয়া ভ্ৰমণৰ কাৰ্যসূচীৰে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু অসমত উপস্থিত হৈছিল (President Droupadi Murmu visits Assam)।

৮ এপ্ৰিললৈ ৰাষ্ট্ৰপতিয়ে অসম ভ্ৰমণৰ সময়ছোৱাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে আজি অৰ্থাৎ শুকুৰবাৰে সন্ধিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰ্জত জয়ন্তীত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক : Kaziranga Elephant Festival 2023 : কাজিৰঙাৰ গজ মহোৎসৱত ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.