ETV Bharat / state

Kaziranga Elephant Festival 2023 : কাজিৰঙাৰ গজ মহোৎসৱত ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

author img

By

Published : Apr 7, 2023, 11:24 AM IST

Updated : Apr 7, 2023, 12:02 PM IST

President Droupodi Murmu Assam visit
অসমলৈ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু ৷ ৰাজ্যখনৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যৰে অসমলৈ আহিছে ৰাষ্ট্ৰপতি মূৰ্মু (President Droupodi Murmu Assam visit) ।

অসমলৈ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

গোলাঘাট, 7 এপ্ৰিল : ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্য প্ৰাণীৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ ৰাজ্যত ৬ৰ পৰা ৮ এপ্ৰিললৈ পালন কৰা হৈছে গজ উৎসৱ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গজ মহোৎসৱত গজৰাজৰ জলকেলি । আজি গজ মহোৎসৱৰ দিনাই গজৰাজৰ জলকেলিৰ নয়নাভিৰাম দৃশ্য উপভোগ কৰিলে উজনি-নামনিমুৱা যাত্ৰীয়ে । ৰাষ্ট্ৰীয় উদ্যানখনৰ কাঞ্চনজুৰিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এখন বিলত একেলগে কেইবাটাও বন্যহস্তীয়ে পোৱালীৰ সৈতে বিলত নামি শুৰৰে পানী ছটিয়াই জলকেলি কৰাৰ দৃশ্যই মুগ্ধ কৰি পেলাইছে মানুহক ।

গজৰাজৰ জলকেলিৰ এপলক মুহূৰ্ত নয়নভৰি উপভোগ কৰি আনন্দিত হৈ পৰিল পথাচাৰী, পৰ্যটক । ৰাষ্ট্ৰীয় উদ্যানখনত আয়োজিত এই গজ মহোৎসৱৰ মুখ্য অতিথি হিচাবে উপস্থিত হৈছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু । উল্লেখ্য যে, এই বিশেষ দিনটোতে গজৰাজৰ জলকেলিৰ নানন্দিক দৃশ্যয়ে বহন কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰাকৃতিক সৌন্দৰ্য (President Droupadi Murmu in Assam) ।

উল্লেখ্য যে, ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণক কেন্দ্ৰ কৰি দ্বিতীয় দিনাও যানবাহনৰ গতিপথ সালসলনি কৰা হৈছে ৷ কলিয়াবৰ তিনিআলিৰ পৰা উজনিমুৱা গধুৰ যানবাহনৰ চলাচলত অব‍্যাহত নিষেধাজ্ঞা বাহাল ৰখা হৈছে ৷ কলিয়াবৰ তিনিআলিৰ পৰা উজনিমুৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী গধুৰ যানবাহন প্ৰৱেশত বাধা প্ৰদান কৰিছে আৰক্ষীয়ে (Traffic control for presidents Assam visit) ।

President Droupodi Murmu Assam visit
অসমলৈ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

নগাওঁ জিলাৰ কলিয়াবৰ তিনিআলিত ৰখাই দিয়া হৈছে গুৱাহাটী আৰু তেজপুৰ দিশৰ পৰা অহা গধুৰ বাহনসমূহ । আজি সন্ধিয়া ৭ বজালৈকে এই নিয়ম বাহাল থাকিব বুলি প্ৰশাসনে জানিবলৈ দিয়ে । প্ৰশাসনৰ এই নিৰ্দেশনাৰ পিচতে কলিয়াবৰৰ ৰাজপথত শ-শ ট্ৰাক আৱদ্ধ হৈ পৰিছে । উল্লেখ কৰা প্ৰয়োজন যে, আজি ৰাষ্ট্ৰপতিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গজ উৎসৱ ২০২৩ উদ্বোধন কৰিব । ইয়াৰ পিচত ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটীত আয়োজিত কাঞ্চনজংঘা পৰ্বত অভিযান ২০২৩ৰ শুভাৰম্ভ কৰিব (President Murmu visit Kaziranga national park) ।

একেদিনাই, ৰাষ্ট্ৰপতি মুৰ্মূয়ে গুৱাহাটীত অৱস্থিত গৌহাটি উচ্চ ন্যায়ালয়ৰ ৭৫ বছৰ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানতো উপস্থিত থাকিব বুলি চৰকাৰী সূত্ৰত প্ৰকাশ (Platinum Jubilee of Gauhati High Court) । কাইলৈ অৰ্থাৎ ৮ এপ্ৰিলৰ দিনা ৰাষ্ট্ৰপতিগৰাকীয়ে তেজপুৰ বায়ু সেনা আস্থানত ছুখই ৩০ এমকেআই যুঁজাৰু বিমানৰ এক উড়নত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক : Amazon of the East :পূৱৰ আমাজানখ্যাত দিহিং পাটকাই জিলিকি উঠিছে নানাৰঙী অৰ্কিডেৰে

Last Updated :Apr 7, 2023, 12:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.