গুৱাহাটী, 6 নৱেম্বৰ :সোমবাৰে ঘোষণা কৰা হ’ল মুনীন বৰকটকী সাহিত্য বঁটা 2023 । ‘‘জাল কটা জুই’’ শীর্ষক চুটিগল্প সংকলনৰ বাবে অসমীয়া ভাষাৰ প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ কাহিনীকাৰ নয়নজ্যোতি শৰ্মালৈ আগবঢ়োৱা হৈছে 2023 বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা । এই বঁটাত আছে নগদ পঞ্চাছ হাজাৰ টকা, এটা স্মাৰক আৰু এখন প্রশস্তিপত্র ।
আজি এক বিজ্ঞপ্তি যোগে এই কথা জানিবলৈ দিয়ে মুনীন বৰকটকী স্মাৰক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী মীনাক্ষী বৰকটকীয়ে । উল্লেখ্য য়ে, 1995 চনৰ পৰা অসমীয়া ভাষাৰ তৰুণ লেখক-লেখিকাসকলক উদগনি যোগোৱাৰ উদ্দেশ্যে প্ৰদান কৰি অহা হৈছে এই বঁটা । সু-সাহিত্যিক, সমালোচক, সাংবাদিক প্রয়াত মুনীন বৰকটকীৰ পুণ্যস্মৃতিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে ৷ অসমীয়া প্ৰতিভাশালী তৰুণ লেখক-লেখিকাসকলক উদগনি জনাবলৈ বিগত 1995 চনৰ পৰাই প্ৰতি বছৰে মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান কৰি অহা হৈছে ।