ETV Bharat / state

Gaurav Bania passes away: ইন্দ্ৰ বণিয়াৰ পুত্ৰ, সংগীত শিল্পী গৌৰৱ বণিয়া আৰু নাই

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 5:27 PM IST

প্ৰয়াত অভিনেতা ইন্দ্ৰ বণিয়াৰ একমাত্ৰ পুত্ৰ গৌৰৱ বণিয়াৰ বিয়োগ । সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে । মহানগৰীৰ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় ।

Actor and musician Gaurav Bania passed away
সংগীত শিল্পী গৌৰৱ বণিয়াৰ বিয়োগ

গুৱাহাটী, 6 নৱেম্বৰ: ইহলীলা সম্বৰণ কৰিলে অভিনেতা, সংগীত শিল্পী গৌৰৱ বণিয়াই । সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে । জানিব পৰা মতে বিগত জুলাই মাহৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী ।

Actor and musician Gaurav Bania passed away
সংগীত শিল্পী গৌৰৱ বণিয়া

দীৰ্ঘদিন ধৰি মুম্বাইৰ কোকিলাবেন হাস্পতালত চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী । কিন্তু কোকিলাবেন হাস্পতালৰ পিচত শিল্পীগৰাকীক কিছুদিন পূৰ্বে খানাপাৰাস্থিত হেল্থ চিটি হাস্পতালত ভৰ্তি কৰোৱা হয় । হেল্থ চিটি হাস্পতালৰ পৰা শেহতীয়াকৈ অৰ্থাৎ ৪ দিন পূৰ্বে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় আৰু তাতেই চলি আছিল তেওঁৰ শেহতীয়া চিকিৎসা ৷ কিন্তু আজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে সংগীত শিল্পীগৰাকীয়ে ৷ আজি দিনৰ ১২.২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে ৷

Actor and musician Gaurav Bania passed away
সংগীত শিল্পী গৌৰৱ বণিয়া

গুৱাহাটী আকাশবাণীৰ নাটক শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট শিশু অভিনয় শিল্পী আছিল প্ৰয়াত গৌৰৱ বণিয়া । ‘হালধীয়া চৰায়ে বাওধান খায়’ ছবিখনৰ শিশু শিল্পী আছিল গৌৰৱ বণিয়া । উল্লেখ্য যে, ‘হালধীয়া চৰায়ে বাওধান খায়’ ছবিখনৰ বাবে শিশু শিল্পী হিচাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল তেওঁ । লগতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ "মিৰি জীয়ৰী" ছবিখনৰ শিশুশিল্পী ৰূপেও অভিনয় কৰিছিল গৌৰৱ বণিয়াই ।

Actor and musician Gaurav Bania passed away
সংগীত শিল্পী গৌৰৱ বণিয়া

ইয়াৰোপৰি এগৰাকী সংগীত শিল্পী হিচাপে সকলো ধৰণৰ বাদ্য বজাব পাৰিছিল তেওঁ । প্ৰয়াত অভিনেতা ইন্দ্ৰ বণিয়াৰ একমাত্ৰ পুত্ৰ আছিল গৌৰৱ বণিয়া । গৌৰৱ বণিয়াৰ মৃত্যুত এতিয়া শোক প্ৰকাশ বহুলোকে । মহানগৰীৰ নৱ গ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় শিল্পীগৰাকীৰ ।

লগতে পঢ়ক: Umakanta Bairagi passes away:ৰাজ্যিক মৰ্যাদাৰে উমাকান্ত বৈৰাগীৰ শেষকৃত্য সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.