ETV Bharat / state

Umakanta Bairagi passes away:ৰাজ্যিক মৰ্যাদাৰে উমাকান্ত বৈৰাগীৰ শেষকৃত্য সম্পন্ন

author img

By

Published : Jul 26, 2023, 7:16 PM IST

পঞ্চভূতত বিলীন লোক সংস্কৃতিৰ সাধক উমাকান্ত বৈৰাগীৰ নশ্বৰদেহ । নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন লোক সংস্কৃতিৰ সাধকগৰাকীৰ । নৱগ্ৰহ শ্মশানত শেষ বিদায় জনালে বহু গুণমুগ্ধই ।

Umakant Bairagi
উমাকান্ত বৈৰাগীৰ নশ্বৰদেহ

উমাকান্ত বৈৰাগীৰ নশ্বৰদেহ

গুৱাহাটী, ২৬ জুলাই: নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে লোক সংস্কৃতিৰ সাধক উমাকান্ত বৈৰাগীৰ শেষকৃত সম্পন্ন কৰা হ'ল । লোক সংস্কৃতিৰ সাধনাৰে অসমীয়া সংস্কৃতিৰ বৰপীৰা চহকী কৰা উমাকান্ত বৈৰাগীয়ে বুধবাৰে পুৱা ৭.১০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে । দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল লোক সংস্কৃতিৰ সাধকগৰাকী । তেওঁ সৰুৰে পৰা অসমৰ লোক সঙ্গীত, দেহ বিচাৰ, টোকাৰী গীত পৰিবেশন কৰাৰ লগতে ,ভাওনাৰ বায়ন, দিহানাম, তথা নাম প্ৰসঙ্গৰ আধ্যাত্মিক চৰ্চা আৰু পৰিবেশনৰ লগত জড়িত আছিল ।

টোকাৰী গীতৰ সম্ৰাট, সংগীত নাটক অকাদেমী বঁটা বিজয়ী শিল্পী উমাকান্ত বৈৰাগীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ড৹মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে হেঙেৰাবাৰী কাঞ্চন নগৰবাসীয়ে । পুৱাই তেওঁৰ বাসগৃহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে উপস্থিত হয় জ্যোতি চিত্ৰৱনৰ অধ্যক্ষ বিদ্যাসাগৰৰ লগতেই বহুকেইগৰাকী শিল্পী। তেওঁৰ নশ্বৰদেহ নিজা বাসগৃহৰ পৰা আনি শ্ৰীমন্ত কলাক্ষেত্রলৈ নিয়া হয় । কলাক্ষেত্রত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গুণমুগ্ধসকলে । কলাক্ষেত্ৰৰ পৰা নৱগ্ৰহ শ্মশানলৈ অনা হয় তেওঁৰ নশ্বৰ দেহ। নৱগ্ৰহ শ্মশানতো বহু গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লোক সংস্কৃতিৰ সাধকগৰাকীক।

তেওঁ ১৯৪২ চনত ডিব্ৰুগড় জিলাৰ খোৱাঙত জন্মগ্ৰহণ কৰিছিল ৷ শৈশৱৰ পৰাই ককাদেউতাকক দেখি টোকাৰী গীত আৰু টোকাৰীৰ প্ৰতি আকৃষ্ট হৈ লোক সংগীত সাধনাৰ বাবেই তেওঁ সৈনিকৰ চাকৰি প্ৰত্যাখ্যান কৰিছিল । তেওঁক আকাশবাণী গুৱাহাটী কেন্দ্ৰই ১৯৬৯ চনত নিয়মীয়া শিল্পীৰূপে স্বীকৃতি দিছিল ৷ ১৯৭১ চনত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰই তেওঁক বৈৰাগী উপাধি প্ৰদান কৰিছিল ৷

শিল্পীগৰাকীয়ে ২০১৩-১৪ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰাৰ লগতে অসম চৰকাৰৰ শিল্পী পেঞ্চনেৰে সন্মানিত হৈছিল । তদুপৰি সদৌ টাই আহোম সমাজৰ স্বীকৃতি বঁটা, ভূপেন হাজৰিকা সংহতি বঁটা, প্ৰতিমা পাণ্ডে বঁটা আদিৰেও সন্মানিত হৈছিল উমাকান্ত বৈৰাগী ৷

লগতে পঢ়ক:Umakanta Bairagi passed away: জীৱন বন্তি নিৰ্বাপিত হ’ল টোকাৰী গীতৰ সম্ৰাট উমাকান্ত বৈৰাগীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.