অসম

assam

Covid infection in Assam: মহানগৰ আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাসহ ৪ গৰাকী Covid ত আক্ৰান্ত

By

Published : Apr 16, 2023, 10:32 PM IST

ক'ভিডত আক্ৰান্ত গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত (Covid case in Assam)। শংকিত হৈছে ৰাইজ । ইয়াৰ মাজতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই ক্ষেত্ৰত বৰ বিশেষ চিন্তাৰ কাৰণ নাই বুলি মন্তব্য় কৰিছে ।

Covid in Assam
ক'ভিডত আক্ৰান্ত গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত

ক'ভিডত আক্ৰান্ত গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত

নিউজ ডেস্ক, ১৬ এপ্ৰিল: দেশজুৰি সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ সময়তে অসমতো ক'ভিডৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে (Covid in Assam) । ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত ক'ভিডৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা বুলি প্ৰচাৰ হোৱাত পুনৰ ইয়াৰ সংক্ৰমণক লৈ শংকিত হৈছে ৰাইজ । এনে শংকাৰ মাজতেই ৰাজ্য়ত বৰ্তমানলৈকে ক'ভিডৰ সংক্ৰমণৰ বাবে কোনো লোককেই চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা নাই বুলি মন্তব্য় কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । দেওবাৰে কলিয়াবৰত এইদৰে মন্তব্য কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এই পৰ্যন্ত ৰাজ্যত ক'ভিড সংক্ৰান্তীয় কোনো চিন্তনীয় পৰিস্থিতি হোৱা নাই বুলি কয় ।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাইজক আতংকিত নহ'বলৈ আহ্বান জনাই কয় যে, এই পৰ্যন্ত চাৰিগৰাকীৰ ক'ভিড পজিটিভ ধৰা পৰিছে (Health Minister Keshav Mahanta on Covid)। এই কেইজনৰ ভিতৰত এপি বি এনত এগৰাকী, সৰুসজাইত দুগৰাকী আৰু ৰেডিচন ব্লুত এগৰাকী ধৰা পৰিছে । তেওঁলোকৰ বিশেষ লক্ষণ নাই বুলিও স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই স্পষ্ট কৰি দিয়ে । তেওঁ পুনৰ কয় যে, সেইবাবে এই লোককেইগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা নাই । এই ক্ষেত্ৰত বৰ বিশেষ চিন্তা বা ভাবিবলগীয়া কথা নাই বলি কয় (covid positive in Assam)।

ইপিনে, ক'ভিডৰ সংক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ সাজু থকা বুলি উল্লেখ কৰি তেওঁ কয় যে, প্ৰত্য়েক হাস্পতালত বিচনা, আইচোলেচন ৱাৰ্ড সাজু কৰি ৰখা হৈছে । পূৰ্বৰ দৰে পৰিস্থিতি যাতে উদ্ভৱ নহয়,তাৰ বাবে স্বাস্থ্য বিভাগ সম্পূৰ্ণ সাজু বুলি কয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । স্বাস্থ‍্য বিভাগৰ ক'ভিড পৰীক্ষাৰ অন্তত আক্ৰান্তকেইজনক হ'ম আইচলেচনৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ কয় ।

আনহাতে, ক'ভিডত আক্ৰান্ত হৈছে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা । বৰ্তমান তেওঁ হোম আইচলেচনত চিকিৎসকৰ নিৰীক্ষণত আছে । উল্লেখ্য যে, দেশৰ কেইবাখনো ৰাজ্যত ভয়াৱহ হাৰত পুনৰ ক'ভিডৰ প্ৰাদুৰ্ভাব ঘটিছে । এদিনতে ১০ হাজাৰৰো অধিক লোক ক'ভিডত আক্ৰান্ত হৈছে । বৰ্ত্তমান সময়ত দেশত ৫০ হাজাৰতকৈ অধিক লোক ক'ভিড পজিটিভ হৈ আছে (Guwahati CP Diganta Borah tested covid positive)।

দেশৰ এনে পৰিস্থিতিকলৈ অসমতো ৰাইজৰ মাজত শংকাৰ সৃষ্টি হৈছে । দুটা বছৰৰ অত্যন্ত ভয়াৱহ পৰিস্থিতিৰ পাছত জনগণ ক'ভিডৰ নাম শুনিলেই সন্ত্রস্ত হৈ পৰে । ২০২০ আৰু ২০২১ চনৰ ক'ভিড পৰিস্থিতিৰ পৰা কোনো লোকেই সাৰি যোৱা নাছিল । সেই দিন যাতে পুনৰ নাহে তাৰেই সকলোৱে কামনা কৰিছে ।

লগতে পঢ়ক:Turmeric Production at Naharkatia: এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে দেখুৱালে আদ

ABOUT THE AUTHOR

...view details