Turmeric Production at Naharkatia: এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে দেখুৱালে আদৰ্শ

By

Published : Apr 16, 2023, 7:01 PM IST

thumbnail

ডিব্ৰুগড়, 16 এপ্ৰিল : নাহৰকটীয়াৰ জয়পুৰ উন্নয়ন খণ্ডই লৈ আহিছে এক ইতিবাচক বতৰা । কাৰ্যালয়টোৰ খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোহাঁইৰ ব্যতিক্ৰমী চিন্তা ধাৰা আৰু পদক্ষেপে এতিয়া ন-ৰূপ পাইছে কাৰ্যালয়টোৰ চৌহদত । খণ্ড উন্নয়ন বিষয়াগৰাকীৰ প্ৰচেষ্টাত কাৰ্যালয়টোৰ চৌহদত পৰি ৰোৱা অৱশিষ্ট মাটিত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে হালধিৰ খেতি আৰম্ভ কৰি অৱশেষত পেকেজিং কৰি সেই হালধি বজাৰলৈ মুকলি কৰি দিছে খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোঁহায়ে (Turmeric Production at Naharkatia)।

এই কৃষি-কৰ্মৰ জৰিয়তে উপাৰ্জন কৰিব লগা টকাৰে কাৰ্যালয়টোৰ উন্নয়ন সাধন কৰাৰ পৰিকল্পনা লৈছে খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোহাঁয়ে ৷ প্ৰায় 8 বিঘা মাটিত হালধি খেতি কৰি 17 কুইন্টল হালধি উৎপাদন কৰি "জয়পুৰ হালধি গুৰি" নামেৰে পেকেজিং কৰি বজাৰলৈ মুকলি কৰি দিছে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়টোৱে (Garlic cultivation at Naharkatia) ।

35 আৰু 125 টকা প্ৰতিটো পেকেটত বিক্ৰী হ’ব লগা এই হালধি পেকেটসমূহ বুধবাৰে নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে গ্ৰাহকৰ বিক্ৰীৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে । ইতিমধ্যে প্ৰায় 100 কেজি হালধি পেকেটৰ অৰ্ডাৰ লাভ কৰিছে জয়পুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ে । ইফালে উন্নয়ন খণ্ডটোৰ এই ব্যতিক্ৰমী চিন্তা ধাৰা আৰু পদক্ষেপক বিশেষভাৱে শলাগ লয় বিধায়কগৰাকীয়ে ।

উল্লেখযোগ্য যে, জয়পুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোহাঁইয়ে ইতিমধ্যে ভোট জলকীয়া, আদা, কোমোৰা আদি কৰি বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰি পোৱা টকাৰে উন্নয়ন খণ্ডটোৰ বিভিন্ন কাম-কাজত বিনিয়োগ কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । তদুপৰি এগৰাকী চৰকাৰী বিষয়াৰ এনে পদক্ষেপে এতিয়া চৰকাৰী কাৰ্যালয়ৰ প্ৰতি সাধাৰণ ৰাইজৰ থকা ভাব ধাৰণাক সলনি কৰি পেলাইছে ।

লগতে পঢ়ক : Motorcycle recovered: মাছমৰীয়াৰ জালত উঠিল মটৰ চাইকেল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.