অসম

assam

Awards Controversy: অষ্টম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈ বিতৰ্ক; গীত গালে বেলেগে বঁটা পালে বেলেগে !

By

Published : Mar 14, 2023, 9:45 PM IST

বিভিন্ন সময়ত অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক ভিন্ন বিতৰ্কই আৱৰি ৰাখে । পিচে এইবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ (8th Assam State Film Awards Controversy) । ৰূপজ্যোতি দেৱীয়ে কণ্ঠদান কৰা গীতত শ্ৰেষ্ঠ নেপথ্য শিল্পীৰ বঁটা প্ৰদান কৰিলে নাহিদ আফ্ৰিনক ।

8th Assam State Film Awards Controversy
অষ্টম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈ বিতৰ্ক

গুৱাহাটী, ১৪ মাৰ্চ: সোমবাৰে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে প্ৰদান কৰে অষ্টম ৰাজ্যিক চলচিত্ৰ বঁটা । আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিভিন্ন শিতানত যোগ্যজনলৈ আগবঢ়োৱা হৈছিল এই বঁটা । পিছে ইয়াৰ পিছতে বিতৰ্কৰ মাজত সোমাই পৰিছে সাংস্কৃতিক বিভাগটো । অষ্টম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈ বিতৰ্ক (8th Assam State Film Awards Controversy) । শ্ৰেষ্ঠ নেপথ্য শিল্পীৰ বঁটাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ (Best Playback Singer Award Controversy) ।

আনে গোৱা গীতৰ বাবে বঁটা গ্ৰহণৰ আভিযোগ উদীয়মান কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ বিৰুদ্ধে (Controversy on Nahid Afrines Award in 8th Assam State Film Awards) । ২০১৮ চনৰ ‘নিজানৰ গান’ ছবিৰ ‘নীলাতে লুকা-ভাকু’ গীতৰ বাবে শ্ৰেষ্ঠ গায়িকাৰ শিতানত প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান কৰা হৈছিল কণ্ঠশিল্পী নাহিদ আফ্ৰিনলৈ । পিছে 'নীলাতে লুকা-ভাকু’ গীতটিত কণ্ঠদান কৰাই নাছিল নাহিদ আফ্ৰিনে । গীতটিৰ প্ৰকৃত কণ্ঠশিল্পী আছিল ৰূপজ্যোতি দেৱী ।

সামাজিক মাধ্যমত গায়িকা ৰূপজ্যোতি দেৱীৰ প্ৰতিক্ৰিয়া

ইয়াকে লৈ ছচিয়েল মিডিয়াত গীতটোৰ গায়িকা ৰূপজ্যোতি দেৱীৰ লগতে বিভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । বিভিন্ন জনে ছচিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে অষ্টম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ ২০১৮ চনৰ শ্ৰেষ্ঠ গায়িকাৰ বাবে নাহিদ আফ্ৰিনক যিটো গীতৰ বাবে শ্ৰেষ্ঠ গায়িকাৰ সন্মান দিলে সেইটো গীত অৰ্থাৎ 'নীলাতে লুকা-ভাকু খেলা' গীতটো নাহিদে গোৱা নাই ।

যতিন শৰ্মাৰ সংগীত আৰু ৰাজদ্বীপৰ কথাৰ অতি জনপ্ৰিয় গীতটি গাইছে জুবিন গাৰ্গ আৰু ৰূপজ্যোতি দেৱীয়ে । যতিন বৰা, আইমী বৰুৱা আৰু অমৃতা গগৈৰ ওপৰত চিত্ৰায়ন কৰা হৈছে গীতটি । ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ দৰে সন্মানীয় বঁটাসমূহ নিৰ্বাচন কৰা বিশিষ্ট জুৰিসকলে কেনেকৈ ইমান ডাঙৰ ভুল কৰিব পাৰে । কিহৰ ভিত্তিত নাহিদ আফ্ৰিনে নোগোৱা গীতত শ্ৰেষ্ট কণ্ঠ শিল্পী বিবেচিত কৰা হ'ল বুলি প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে ৷

উল্লেখ্য যে, সোমবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হৈছিল । সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ সাংস্কৃতিক সঞ্চালকালয়ে অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ সহযোগত ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছিল । পিছে এনে এক ভুলৰ শুদ্ধৰণি অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে কিদৰে কৰে সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক:World Record with Bihu dance: বিহুক বিশ্বমুখী কৰাৰ প্ৰচেষ্টাত অংশগ্ৰহণ কৰিবলৈ সাজু বৰপেটা

ABOUT THE AUTHOR

...view details