ETV Bharat / state

ডিজিপিৰ আহ্বানৰ প্ৰতি সঁহাৰি : আৰক্ষীৰ লোকক যোগান ধৰিলে পানী - Water supply to on duty police

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 11:31 AM IST

Water supply to on duty police : ৰাজ্যত গ্ৰীষ্ম প্ৰবাহ ৷ প্ৰচণ্ড গৰমৰ মাজতো অসম আৰক্ষীৰ কৰ্তব্য পালন ৷ কৰ্তব্যৰত আৰক্ষীক পানী যোগান ধৰিবলৈ অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ আহ্বান ৷ আৰক্ষী সঞ্চালক প্ৰধানৰ আহ্বানৰ প্ৰতি সঁহাৰি সৰ্বসাধাৰণৰ ৷

local people provided cold water to the police on duty in KALIABOR
বতৰলৈ লক্ষ্য ৰাখি কৰ্তব্যৰত অসম আৰক্ষীৰ জোৱানক পানী যোগান সৰ্বসাধাৰণৰ (Etv bharat assam)

কলিয়াবৰ, 26 মে’: মে’ মাহৰ মাজভাগৰ পৰা উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য ৷ দৈনিক উৰ্ধমুখী হৈছে পাৰাস্তম্ভ ৷ ঘৰৰ বাহিৰে-ভিতৰে অগ্নিকুণ্ড সদৃশ পৰিস্থিতি !

বতৰলৈ লক্ষ্য ৰাখি কৰ্তব্যৰত অসম আৰক্ষীৰ জোৱানক পানী যোগান সৰ্বসাধাৰণৰ (Etv bharat assam)

অৱশ্যে এনে প্ৰখৰ ৰ’দতো নিজৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে অসম আৰক্ষীয়ে ৷ প্ৰচণ্ড গৰমলৈ লক্ষ্য ৰাখি পথত কৰ্তব্য পালন কৰা আৰক্ষীসকলক পানী যোগানেৰে সহায় কৰিবলৈ আহ্বান জনাইছিল অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰখৰ ৰ’দত কৰ্তব্য পালন কৰা আৰক্ষীক শীতল পানীয়ৰ যোগান ধৰিলে কলিয়াবৰৰ সৰ্বসাধাৰণ লোকে ।

উল্লেখ্য যে, 38 ডিগ্ৰী তাপমাত্ৰাত কলিয়াবৰৰ জখলাবন্ধাত প্ৰখৰ ৰ’দত কৰ্তব্য পালন কৰা আৰক্ষীক পানী যোগান ধৰে স্থানীয় লোকে । প্ৰচণ্ড গৰমৰ বাবে এটুপি শীতল পানীয়ৰ বাবে আতুৰ হৈ থকা আৰক্ষীসকলক শীতল পানীয়ৰ বটল প্ৰদান কৰাত যথেষ্ট সকাহ লাভ কৰিছে বুলি অনুভৱ প্ৰকাশ কৰে আৰক্ষীয়ে । এই কাৰ্যৰ দ্বাৰা সৰ্বসাধাৰণ লোকৰ আৰক্ষীৰ প্ৰতি থকা দায়ৱদ্ধতা তথা আৰক্ষীৰ প্ৰতি থকা সন্মানে পুনৰবাৰ প্ৰমাণ কৰিলে ।

local people provided cold water to the police on duty in KALIABOR
বতৰলৈ লক্ষ্য ৰাখি কৰ্তব্যৰত অসম আৰক্ষীৰ জোৱানক পানী যোগান সৰ্বসাধাৰণৰ (Etv bharat assam)

উল্লেখ্য যে, প্ৰখৰ ৰ'দ তথা উৎকট গৰমে দহিছে ৰাজ্য ৷ মহানগৰীৰ পাৰাস্তম্ভ 38 ডিগ্ৰীৰ পৰা ইতিমধ্যে 40 ডিগ্ৰী চেলছিয়াচ স্পৰ্শ কৰিছেগৈ ৷ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া বহুলোকে গছৰ তল, শীতল পানীয়, ফলৰ ৰসৰ আশ্ৰয় লৈছে যদিও সাৰিব পৰা নাই গ্ৰীষ্ম দাহনৰ পৰা ৷

গৰমৰ প্ৰকোপ তথা প্ৰখৰ ৰ'দৰ বাবে এতিয়া ঘৰৰ পৰা ওলাবলৈ বহুবাৰ চিন্তা কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ লোক ৷ গৰমৰ এই মাত্ৰা যদিহে অব্যাহত থাকে তেন্তে স্বাভাৱিক জীৱনযাত্ৰা অধিক ব্যাহত হৈ পৰাৰ আশংকা প্ৰকাশ কৰিছে সকলোৱে ৷

লগতে পঢ়ক: উৰ্ধমুখী পাৰাস্তম্ভ : লখিমপুৰত বছৰৰ সৰ্বোচ্চ তাপমান ৰেকৰ্ড - HEAT WAVE GRIPS Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.