ETV Bharat / state

উৰ্ধমুখী পাৰাস্তম্ভ : লখিমপুৰত বছৰৰ সৰ্বোচ্চ তাপমান ৰেকৰ্ড - HEAT WAVE GRIPS Assam

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 6:32 PM IST

Assam Heat Wave : গৰমত ছাটি-ফুটি কৰিছে ৰাজ্যবাসীয়ে ৷ লখিমপুৰত আজি এই বছৰৰ ভিতৰত সৰ্বোচ্চ তাপমান ৰেকৰ্ড কৰা হৈছে ৷

HEAT WAVE GRIPS LAKHIMPUR
লখিমপুৰত বছৰৰ সৰ্বোচ্চ তাপমান ৰেকৰ্ড (ETV BHARAT ASSAM)

লখিমপুৰ, 25 মে’ : মে’ মাহৰ গৰমত ছাটি-ফুটি কৰিছে ৰাজ্যবাসীয়ে ৷ ৰ’দ নহয় যেন জুইহে বৰষিছে ৷ গৰমৰ প্ৰকোপত ত্ৰাহি মধুসূদন সুঁৱৰিছে ৰাইজে ৷ সমগ্ৰ ৰাজ্য এতিয়া প্ৰৱল গ্ৰীষ্ম প্ৰবাহৰ কবলত পৰিছে ৷ নিতৌ উৰ্ধমুখী হৈছে পাৰাস্তম্ভ ৷ প্ৰচণ্ড গৰমত সকলোৱে ছাটি-ফুটি কৰিবলগীয়া হৈছে ৷ ৰাজ্যৰ আন আন ঠাইৰ লগতে লখিমপুৰতো বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ ৷ জিলাখনত এই বছৰৰ ভিতৰত আজি সৰ্বোচ্চ তাপমান ৰেকৰ্ড কৰা হৈছে ৷

গৰমত চাটিফুটি লখিমপুৰবাসীৰ (ETV BHARAT ASSAM)

লীলাবাৰী বিমান বন্দৰৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে জিলাখনত আজি তাপমান 39.2 ডিগ্ৰী চেলছিয়াচ ৷ কেন্দ্ৰটোৰ তথ্য মতে জিলাখনত 15 মে'ত 37.6 ডিগ্ৰী, 16 মে'ত 32.8 ডিগ্ৰী, 17 মে'ত 28.2 ডিগ্ৰী, 18 মে'ত 30.6 ডিগ্ৰী, 19 মে'ত 33.0 ডিগ্ৰী, 20 মে'ত 25.4 ডিগ্ৰী, 21 মে'ত 36.2 ডিগ্ৰী, 22 মে'ত 37.6 ডিগ্ৰী, 23 মে'ত 38.2 ডিগ্ৰী, 24 মে'ত 36.2 ডিগ্ৰী আৰু আজি 39.2 ডিগ্ৰী চেলছিয়াচ তাপমান ৰেকৰ্ড কৰা হৈছে ৷ জিলাখনত এনেদৰে ক্ৰমে তাপমান বৃদ্ধি হোৱাত ৰাইজে যাতনা ভোগ কৰিবলগীয়া হৈছে ৷

গছৰ ছাঁ, ফেনৰ তলত বহি অথবা এ.চি আৰু কুলাৰৰ কাষত বহি গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ যত্ন কৰিছে ৰাইজে ৷ বহুতে শীতল পানীয়, কুঁহিয়াৰৰ ৰস আদি সেৱন কৰি গৰমত দেহা শাঁত পেলোৱাৰ ব্যৱস্থা কৰিছে ৷ উৎকট গৰমৰ বাবে এইবাৰ অভিলেখ পৰিমাণে এ.চি, কুলাৰ আদি বিক্ৰী হৈছে বুলি জানিবলৈ দিয়ে ব্যৱসায়ীসকলে ৷ এনে সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ অন্যতম নগৰৰ এছ এন এন্টাৰপ্ৰাইজৰ অনুপম শইকীয়াই কয় যে, বিগত বছৰত গৰমৰ সময়ত ফেনৰ বিক্ৰী বৃদ্ধি হৈছিল ৷ এইবাৰ কিন্তু ফেনৰ পৰিৱৰ্তে এ.চি আৰু কুলাৰৰ বিক্ৰী বৃদ্ধি পাইছে ৷ বিগত সময়ৰ তুলনাত এইবাৰ অভিলেখ পৰিমাণে এ.চি আৰু কুলাৰ বিক্ৰী হৈছে বুলি জনায় তেওঁ ৷ ইয়াৰ মাজতে সকলোৱে এজাক দোপালপিটা বৰষুণৰ বাবে অপেক্ষা কৰিছে ৷

লগতে পঢ়ক : গোৱালপাৰাত গৰমে প্ৰাণ ল'লে তিনিগৰাকীকৈ লোকৰ - HEAT STROKE IN ASSAM

লগতে পঢ়ক : উৎকট গৰম : ডিমা হাছাওতো বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি - HEATWAVE IN ASSAM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.