ETV Bharat / state

উৎকট গৰম : ডিমা হাছাওতো বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি - HEATWAVE IN ASSAM

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 4:01 PM IST

School Time Changes : উৎকট গৰমৰ বাবে বিদ্যালয়সমূহত পাঠদানৰ সময় সলনি কৰা হৈছে ৷ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে ৷

EDUCATION DEPARTMENT DIMA HASAO
শিক্ষানুষ্ঠান সমূহত পাঠদানৰ সময়সূচী পৰিৱৰ্তন (ETV BHARAT ASSAM)

হাফলং 25 মে’: উৎকট গৰমে দহিছে সমগ্ৰ দেশৰ লগতে ৰাজ্য ৷ অস্বাভাৱিক হাৰত তাপমাত্ৰা বৃদ্ধি হোৱাৰ বাবে দেশত ইতিমধ্যে কেবাজনো লোকৰ মৃত্যু হৈছে ৷ গৰমৰ ফলত ঠায়ে ঠায়ে ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱনযাত্ৰা ৷ তীব্ৰ গৰমৰ বাবে শিক্ষানুষ্ঠানসমূহত পাঠদানৰ লগতে আন আন কৰ্মস্থলীতো প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷

EDUCATION DEPARTMENT DIMA HASAO
বিদ্যালয় সমূহত পাঠদানৰ সময় সলনি (ETV BHARAT ASSAM)

পাহাৰীয়া জিলা ডিমা হাছাওতো উৎকট গৰমৰ বাবে জনজীৱন সম্পূৰ্ণ বিপৰ্যস্ত হৈ পৰিছে ৷ বিগত এটা সপ্তাহৰ পৰা সমগ্ৰ পাহাৰীয়া জিলাখনত অস্বাভাৱিক হাৰত বৃদ্ধি হৈছে তাপমাত্ৰা ৷ ডিমা হাছাও জিলাত এনে উৎকট গৰমৰ বাবে বিদ্যালয়সমূহত পাঠদানৰ সময় সলনি কৰা হৈছে ৷ ডিমা হাছাও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক গায়ত্ৰী নাইডিঙে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে ৷

পাহাৰীয়া জিলাখনত অত্যাধিক হাৰত তাপমাত্ৰা বৃদ্ধি হোৱাৰ বাবে জিলাখনৰ শিক্ষানুষ্ঠানসমূহত পাঠদানৰ সময়সূচী পৰিৱৰ্তন কৰা হৈছে ৷ নিৰ্দেশনা অনুসৰি, জিলাখনৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত পুৱা 8 বজাৰ পৰা দিনৰ 12.30 বজালৈ পাঠদান কৰা হ’ব ৷ উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত পাঠদানৰ নতুন সমসূচী হৈছে পুৱা 8 বজাৰ পৰা দুপৰীয়া 1 বজালৈ ৷ আনহাতে উচ্চ মাধ্যমিক বিদ্যালয়সমূহত পুৱা 8 বজাৰ পৰা দুপৰীয়া 1.30 বজালৈকে পাঠদান হ’ব ৷

উল্লেখ্য যে, ডিমা হাছাও জিলাত দিনে দিনে তাপমাত্ৰা বৃদ্ধি হৈছে ৷ বৰ্তমান ডিমা হাছাও জিলাৰ তাপমাত্ৰা 34 পৰা 36 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছে ৷ যাৰ বাবে জনজীৱন সম্পূৰ্ণ বিপৰ্যস্ত হৈ পৰিছে ৷ আগন্তুক সপ্তাহত ডিমা হাছাও জিলাত তাপমাত্ৰা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : গৰমৰ বাবে ৰাজ্যত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি - HEATWAVE IN ASSAM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.