World Record with Bihu dance: বিহুক বিশ্বমুখী কৰাৰ প্ৰচেষ্টাত অংশগ্ৰহণ কৰিবলৈ সাজু বৰপেটা

By

Published : Mar 14, 2023, 8:02 PM IST

thumbnail

বৰপেটা, ১৪ মাৰ্চ: উতলা ফাগুন যাবৰে হ'ল । যোৱাৰ পৰত ফাগুনে মাতিলে বসন্ত, দিলে হেঁপাহৰ ব'হাগ অহাৰ জাননী । ব'হাগ অহাৰ বাতৰি পাই গাত তত নাই অসমীয়াৰ । ঢুলীয়া-নাচনীয়ে আৰম্ভ কৰিছে বিহুৰ প্ৰস্তুতি । ইয়াৰ মাজতে চৰকাৰে লৈছে বিহুক বিশ্বমুখী কৰাৰ প্ৰচেষ্টা (Guinness World Record for largest Bihu performs) । অসমীয়াৰ প্ৰাণৰ বিহুৰ বিশ্বমুখী যাত্ৰাৰে ১৪ এপ্ৰিলত ১০ হাজাৰ বিহুৱা-নাচনীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত পৰিৱেশন কৰিব বিহু নৃত্য (Assam to attempt Guinness World Record) ৷  

অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত বিহুৰ বিশ্বমুখী যাত্ৰাৰ বাবে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে দেখা গৈছে ব্য়াপক প্ৰস্তুতি । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালবাৱে মঙলবাৰে বৰপেটাত বিহুৱা-নাচনী নিৰ্বাচনৰ বাবে অনুষ্ঠিত হয় এক কৰ্মশালা (Bihu dance practices in Barpeta) ৷ বৰপেটা জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত বিহুৱা-নাচনী নিৰ্বাচনৰ বাবে অনুষ্ঠিত কৰা হয় কৰ্মশালাখনি (Bihu dance practices for Guinness World Record in Barpeta) ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিহুৱা, নাচনী আদিয়ে অংশ লোৱা কৰ্মশালাখনৰ পৰা ১১০ গৰাকী বিহুৱা, নাচনী নিৰ্বাচিত কৰা হয় ৷  

আনহাতে, ১৪ এপ্ৰিলৰ মূল অনুষ্ঠানৰ পূৰ্বে ২৭ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ বৰপেটাত চলিব প্ৰশিক্ষণ পৰ্ব ৷ ইয়াৰ পিচতে ১৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ১০ হেজাৰ বিহুৱা নাচনীয়ে বিশ্ব অভিলেখৰ বাবে একলগে বিহু পৰিৱেশন কৰিব ৷ 

লগতে পঢ়ক: Silchar murder case: হত্যাকাৰীক ফাঁচীৰ দাবীত শিলচৰত অব্যাহত প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.