অসম

assam

নিমাতীঘাটৰ ঘটনাৰ বাবে জলপৰিবহণ বিভাগৰ লগতে যাত্ৰীৰো ভুল আছে : অতুল বৰা

By

Published : Sep 9, 2021, 6:21 PM IST

নিমাতীঘাটত সংঘটিত ঘটনাৰ বাবে জলপৰিবহণ বিভাগৰ সমানেই যাত্ৰীৰো ভুল আছে বুলি মন্তব্য বিজেপিৰ বিধায়ক অতুল বৰাৰ ৷ যাত্ৰীসকলে নাৱেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হওতে সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন বুলি মন্তব্য বিধায়কগৰাকীৰ ৷ যোৰহাট-মাজুলী সংযোগী দলঙখন নিৰ্মাণ কৰাত চৰকাৰে পলম নকৰা হ’লে এনে ধৰণৰ ঘটনা নহ'লহেতেন বুলিও মত পোষণ কৰিছে বৰাই ৷

mla atul boras reaction on nimatighat incident
নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনা সন্দৰ্ভত বিধায়ক অতুল বৰাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী , 9 ছেপ্টেম্বৰ :যোৰহাট জিলাৰ নিমাতীঘাটত বুধবাৰে বিয়লি ভাগত বৰলুইতৰ বুকুত সংঘটিত শিহৰণকাৰী নাও দুৰ্ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য ৷ নিমাতীঘাটৰ পৰা যোৱা 'মা কমলা' নামৰ যাত্ৰীবাহী নাওখনে কমলাবাৰীৰ পৰা অহা 'ত্ৰিপৰাই' নামৰ নাওখনক তীব্ৰগতিত খুন্দিওৱাৰ ফলত সলিল সমাধি হৈছিল কেইবাজনো যাত্ৰীৰ ।

এই ঘটনা সন্দৰ্ভত গুৱাহাটীৰ সংবাদমাধ্যমৰ আগত বিধায়ক অতুল বৰাই কৰা মন্তব্যৰ পাচতে এতিয়া সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ ৷ এই ঘটনাৰ বাবে জলপৰিবহণ বিভাগৰ একাংশ বিষয়া কৰ্মীৰ লগতে যাত্ৰীসকলৰো ভুল আছে বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে ৷ বিধায়ক বৰাই আনকি যোৰহাট-মাজুলী সংযোগী দলং খন নিৰ্মাণ কৰাত চৰকাৰে পলম নকৰা হ’লে এনে ধৰণৰ ঘটনা নহ'লহেতেন বুলিও মত পোষণ কৰে ৷

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনা সন্দৰ্ভত বিধায়ক অতুল বৰাৰ প্ৰতিক্ৰিয়া

লগতে পঢ়ক :অনুৰূপ ঘটনাৰ বাবে তিনিবছৰত দুবাৰ নিলম্বিত কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী

এই কৰুণ ঘটনাটোৰ বাবে সকলোৱে ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগকে দোষাৰোপ কৰিছিল ৷ আনকি বিভাগীয় মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে দুৰ্ভাগ্যজনক ঘটনাটোৰ বাবে জল পৰিবহণ বিভাগৰ গাফিলতি স্বীকাৰ কৰি ইতিমধ্যে তিনিজনকৈ অভিযন্তাক চাকৰিৰ পৰা নিলম্বনো কৰিছে ৷ তেনে সময়তে যাত্ৰীৰ ভুলৰ বাবেও ঘটনাটো সংঘটিত হ'বলৈ পালে বুলি বিধায়কগৰাকীয়ে কৰা মন্তব্যই এতিয়া শাসক দলকো অস্বস্তিত পেলাইছে ৷

লগতে পঢ়ক :মাজুলীত দলং নিৰ্মাণ হোৱাত বাধা প্ৰদান কৰিছিল সত্ৰাধিকাৰ সকলে: জুৰি বৰা বৰগোহাঞি

সংবাদ মাধ্যমৰ আগত তেওঁ লগতে কয়- যাত্ৰীসকলে নাৱেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হওতে সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন ৷ নাও এখনত যিমান যাত্ৰী উঠে সিমান সংখ্যক বাহন উঠাই নিয়া দেখা যায় ৷ বৰাই কয় যে, নাও এখনৰ বহন ক্ষমতাৰ বিপৰীতে যথেষ্ঠ সংখ্যক যাত্ৰী তথা যান-বাহন ভৰ্তি কৰাৰ বাবে বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হয় ৷ সেয়ে এনে ধৰণৰ দুৰ্ঘটনা প্ৰতিহত কৰিবলৈ যাত্ৰীৰ লগতে পৰিবহণ বিভাগক সতৰ্ক হবলৈ আহ্বান জনায় ।

লগতে পঢ়ক :মাজুলীত ছাত্ৰৰ প্ৰতিবাদ সম্পৰ্কে মন্ত্ৰী বিমল বৰাৰ মন্তব্য

বিধায়ক গৰাকীয়ে বুধবাৰৰ ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰি এই নাও দুৰ্ঘটনাত সকলোৰে কম বেছি পৰিমানে দোষ থকা বুলিও তাৎপৰ্যমূলক মন্তব্য কৰে ৷ উল্লেখ্য যে বিধায়ক গৰাকীয়ে এমএলএ ফাণ্ডৰ ২লাখ টকা ব্যয় সাপেক্ষে মহানগৰীৰ মঠঘৰীয়াস্থিত শ্ৰী নগৰৰ নামঘৰত আধাৰশিলা স্থাপন কৰে । মঠঘৰীয়াৰ লক্ষ্মী মন্দিৰটোৰ নতুন ঘৰ নিৰ্মাণৰ বাবে অসম দৰ্পণ আঁচনিৰ অধীনত ধন মোকোলাই দিয়া হয় ।

লগতে পঢ়ক :নৱেম্বৰৰ পৰা আৰম্ভ হ’ব মাজুলীৰ দলং নিৰ্মাণৰ কাম !

ABOUT THE AUTHOR

...view details