ETV Bharat / city

মাজুলীত দলং নিৰ্মাণ হোৱাত বাধা প্ৰদান কৰিছিল সত্ৰাধিকাৰ সকলে: জুৰি বৰা বৰগোহাঞি

author img

By

Published : Sep 9, 2021, 3:51 PM IST

Updated : Sep 12, 2021, 12:34 PM IST

মাজুলীত দলং নিৰ্মাণ হোৱাত বাধা প্ৰদান কৰিছিল সত্ৰাধিকাৰ সকলে: জুৰি বৰা বৰগোহাঞি
মাজুলীত দলং নিৰ্মাণ হোৱাত বাধা প্ৰদান কৰিছিল সত্ৰাধিকাৰ সকলে: জুৰি বৰা বৰগোহাঞি

নিমাতীঘাটৰ শিহৰণকাৰী নাও দুৰ্ঘটনা সন্দৰ্ভত বিশিষ্ট ঔপন্যাসিক তথা মাজুলীৰ সন্তান জুৰি বৰা বৰগোহাঞিৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ মাজুলীৰ দলং নিৰ্মাণ হোৱাত বাধা প্ৰদান কৰিছিল সত্ৰাধিকাৰ সকলে বুলি কেতবোৰ বিস্ফোৰক মন্তব্য জুৰি বৰা বৰগোহাঞিৰ ৷

মৰাণ,9 ছেপ্তেম্বৰ: বুধবাৰে নিমাতীঘাটত মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত সংঘটিত শিহৰণকাৰী নাও দুৰ্ঘটনাই সম্প্ৰতি দেশ জুৰি চৰ্চা লাভ কৰিছে । একেদৰে দুৰ্ঘটনাটোৰ পাছতে মাজুলীবাসীয়ে দলং নিৰ্মাণৰ বাবে পুনৰ দাবী উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে ৷ তাৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো এই মৰ্মান্তিতক ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখা গৈছে ।

আনহাতে এই ঘটনাটোৰ পাছতে বিশিষ্ট ঔপন্যাসিক তথা মাজুলীৰ সন্তান জুৰি বৰা বৰগোহাঞিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেতবোৰ বিস্ফোৰক মন্তব্য কৰা দেখা গৈছে ৷ দলং নিৰ্মাণ নোহোৱাৰ বাবে মাজুলীৰ সত্ৰাধিকাৰ সকলক সমালোচনা কৰি বিশিষ্ট ঔপন্যাসিক তথা মাজুলীৰ সন্তান জুৰি বৰা বৰগোহাঞিয়ে কয় যে, মাজুলীৰ দলং নিৰ্মাণত সত্ৰাধিকাৰ সকলে বাধা প্ৰদান কৰিছিল ।

মাজুলীত দলং নিৰ্মাণ হোৱাত বাধা প্ৰদান কৰিছিল সত্ৰাধিকাৰ সকলে: জুৰি বৰা বৰগোহাঞি

দলং নিৰ্মাণ হ'লে মাজুলীৰ সংস্কৃতি ধংস হ'ব বুলি সত্ৰাধিকাৰ সকলে কোৱাৰ বাবে দলং খন নিৰ্মাণত বিধিপথালি সৃষ্টি হোৱা বুলি ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিয়ে সদৰি কৰিছে ৷ ইপিনেদি শোকাৱহ নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ বৃহস্পতিবাৰে নিমাতীঘাটত উপস্থিত হয় গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

মুখ্যমন্ত্ৰীগৰাকীয়ে এই শোকাৱহ দুৰ্ঘটনাৰ বুজ লৈ ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষী চকীত এটা ফৌজদাৰী গোচৰ ৰুজু কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে কয়, যোৰহাট-মাজুলীৰ মাজত এটা ইঞ্জিনযুক্ত ফেৰী চলাচল বৃহস্পতিবাৰৰ পৰা বন্ধ কৰা হৈছে ৷

লগতে পঢ়কঃ অফলামুখ পাৰঘাটত এটা ইঞ্জিনযুক্ত ফেৰী বন্ধ পূৱ মাজুলী আছুৰ

একেদৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ফেৰীসমূহ দুটা ইঞ্জিনলৈ ৰূপান্তৰ কৰিব বিচৰা লোকক ১০ লাখকৈ টকা দিয়াৰ কথাও ব্যক্ত কৰে । ইয়াৰে ৭৫ শতাংশ ৰেহাই দিয়া হ’ব বুলি কয় ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক শীঘ্ৰে ব্ৰহ্মপুত্ৰত ৰপেক্স জাহাজ চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ কথাও সংবাদমাধ্যমৰ জৰিয়তে জানিবলৈ দিয়ে ৷

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুসৰি, ব্ৰহ্মপুত্ৰত ডুব যোৱা নাওখনত মুঠ 90 গৰাকী যাত্ৰী আছিল ৷ ইয়াৰে পৰিমিতা দাস নামৰ এগৰাকী নিহত হোৱাৰ লগতে আন দুজন লোক সন্ধানহীন হৈ আছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ উপৰিও মাজুলীত ফেৰী সেৱা 4 খনৰ পৰা 6 খনলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷

আনহাতে মাজুলীৰ দলং নিৰ্মাণৰ কাম নৱেম্বৰৰ পৰা আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷ লগতে তেওঁ কয় দলঙৰ কাম সম্পূৰ্ণ হ’বলৈ ৪ বছৰ লাগিব । এতিয়া সময়তহে লক্ষণীয় হ’ব মুখ্যমন্ত্ৰীৰ ঘোষণা কাৰ্যকৰী হয় নে প্ৰতিশ্ৰুতিতে সীমাবদ্ধ থাকে ৷

লগতে পঢ়কঃ নিমাতীঘাটত উপস্থিত DGP ভাস্কৰজ্যোতি মহন্ত

Last Updated :Sep 12, 2021, 12:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.