অসম

assam

Assam HSLC Exam 2023: বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাক কেন্দ্ৰ কৰি উত্তাল সদন

By

Published : Mar 13, 2023, 12:55 PM IST

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাক কেন্দ্ৰ কৰি উত্তাল সদন (HSLC science question paper leak)। বিৰোধী দলৰ বিধায়কসকলে চৰকাৰৰ ব্যৰ্থতাৰ বাবে ক্ষমা খোজাৰ দাবী তোলে, লগতে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী কৰে (Demand for education minister resignation)।

Assam HSLC Sceince Exam Cancelled
প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি উত্তাল সদন

গুৱাহাটী, 13 মাৰ্চ: পৰীক্ষা অনুষ্ঠিত হোৱাৰ ৯ ঘন্টা পূৰ্বে মাজনিশা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাক (HSLC Exam Question Paper Leaked) কেন্দ্ৰ কৰি সোমবাৰে বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা উত্তাল হৈ পৰে সদন (Budget Session of Assam Legislative Assembly)। উল্লেখ্যযোগ্য যে, আজি বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হোৱাৰ কথা আছিল । সেই মৰ্মে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুযায়ী পুৱা ৯.৩০ বজাৰ‌ পৰা‌ বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুষ্ঠিত হয়।

সদনৰ আৰম্ভণিতে কংগ্ৰেছ, এ আই ইউ ডি এফ, ৰাইজৰ দল, চি পি আই এম তথা বিৰোধী দলৰ বিধায়কে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ ৯ ঘন্টা পূৰ্বে মাজনিশা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাক কেন্দ্ৰ কৰি সদনৰ মজিয়া উত্তাল কৰি তোলে । বিৰোধী দলৰ বিধায়কসকলে চৰকাৰৰ ব্যৰ্থতাৰ বাবে ক্ষমা খোজাৰ দাবী তোলে, লগতে শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী কৰে (Demand for education minister resignation)।

বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাক কেন্দ্ৰ কৰি সোমবাৰে বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা সদন আধাতে ত্যাগ কৰি বিধানসভাৰ বাহিৰ লৈ আহি প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী বিধায়কসকলে ৷ (HSLC 2023 Science exam cancelled in Assam) যাৰ‌ বাবে বিধানসভাৰ অধ্যক্ষই সদন আধাতে স্থগিত কৰিব লগা হয় ।

উল্লেখ্যযোগ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি অনুষ্ঠিত হ'বলগীয়া সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষালৈ মাত্ৰ কেইটামান ঘণ্টা বাকী থকা অৱস্থাতে কালি মাজনিশা এই পৰীক্ষা বাতিল কৰা বুলি ঘোষণা কৰিছিল ৰাজ্যৰ শিক্ষামন্ত্রী ৰণোজ পেগুৱে। টুইটাৰত নিশা ১১.৪৮ বজাত ছেবাৰ জাননীসহ তেওঁ প্ৰকাশ কৰে যে সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল কৰা হৈছে।

জাননীখনত কোৱা হৈছিল যে দেওবাৰে সন্ধিয়াৰ ভাগত বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পৰিপ্ৰেক্ষিততে শিক্ষার্থীসকল যাতে বিভ্রান্ত নহয়, তাৰ বাবে বিজ্ঞানৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে । আজি অৰ্থাৎ সোমবাৰে পুৱা 9 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া আছিল মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা ৷

লগতে পঢ়ক: HSLC Exam Question Paper Leaked : মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলে প্ৰকৃত স্বৰূপ উদঙালে ছেবাৰ

ABOUT THE AUTHOR

...view details