HSLC Exam Question Paper Leaked : মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলে প্ৰকৃত স্বৰূপ উদঙালে ছেবাৰ

By

Published : Mar 13, 2023, 10:39 AM IST

thumbnail

যোৰহাট, 13 মাৰ্চ : কটকটীয়া নিৰাপত্তা বেষ্টনীৰে 3 মাৰ্চৰ পৰা আৰম্ভ হৈছিল 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ কিন্ত সকলো আগফালে মাৰে ডাং পাছফালে ধোবাং বাঙতহে পৰিণত হোৱা পৰিলক্ষিত হ’ল ৷ আজি অনুষ্ঠিত হ’বলগীয়া বিজ্ঞানৰ প্ৰশ্নকাকত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বেই ফাদিত হোৱাত ৰাজ্যৰ সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ লাখ লাখ পৰীক্ষাৰ্থী বিমুখ হৈ উভতিবলগীয়া হৈছে পৰীক্ষা হ'লৰ পৰা ঘৰলৈ (HSLC Exam Science Question Paper Leaked)।

ইয়াৰ পিছতে ৰাজ্যৰ শিক্ষামন্ত্ৰী আৰু ছেবাৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ পৰীক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকল ৷ উল্লেখনীয় বিষয় যে বিজ্ঞানৰ প্ৰশ্ন কাকত আগদিনাই ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা কাণ্ডই পুনৰ উদঙাই দেখুৱালে ছেবাৰ প্ৰকৃত স্বৰূপ । প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছতে মাজনিশা ৰাজ্যৰ শিক্ষামন্ত্ৰী গৰাকীয়ে এক প্ৰেছ বিবৃত্তি যোগে পৰীক্ষা বাতিল হোৱাৰ কথা ঘোষণা কৰে যদিও সৰহ সংখ্যক পৰীক্ষাৰ্থী অৱগত নোহোৱাৰ ফলত পুৱাই ওলায় আহে পৰীক্ষা গৃহলৈ (HSLC Question paper leaked before exam)। 

লগতে পঢ়ক : HSLC Exam 2023: মেট্ৰিকৰ আজি হ’বলগীয়া বিজ্ঞান পৰীক্ষা বাতিল, মাজনিশা ছেবাৰ ঘোষণা

ঘটনাটো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি যোৰহাট ছাত্ৰ সন্থাই শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষৰ পদত্যাগ দাবী কৰে ৷ তদুপৰি, এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ প্ৰতি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ছাত্ৰ ছাত্ৰী, অভিভাৱকসকলে । লক্ষণীয় বিষয় যে, সংবাদ মাধ্যমত প্ৰচাৰিত প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাতৰিয়ে পৰীক্ষাৰ্থীৰ মনত বিৰূপ প্ৰভাৱ পেলাব পাৰে বাবেহে বিজ্ঞানৰ পৰীক্ষা বাতিল কৰা হৈছে বুলি ছেবা ব’ৰ্ড আৰু শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰে  ৷

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.