অসম

assam

Gamosa gets GI Tag : অসমৰ গামোচাই লাভ কৰিলে 'GI' টেগ

By

Published : Dec 14, 2022, 1:49 PM IST

এই সন্দৰ্ভত মঙলবাৰে ভৌগোলিক সূচাংকৰ পঞ্জীয়কে নিৰ্দেশনা জাৰি কৰিছে (Assamese Gamosa gets GI Tag)। গোলাঘাটৰ হস্তশিল্পৰ ফালৰ পৰা গামোচাক ভৌগোলিক পৰিচয় দিবলৈ ২০১৭ চনতে আবেদন জনোৱা হৈছিল । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক অভিনন্দন জনাইছে ।

Gamosa
অসমৰ গামোচাই লাভ কৰিলে 'জি আই' টেগ

গুৱাহাটী,১৪ ডিচেম্বৰ : দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত অৱশেষত অসম আৰু অসমীয়া স্বাভিমানৰ প্ৰতীক গামোচাই পালে 'জি আই' টেগৰ স্বীকৃতি (Assamese Gamosa gets GI Tag)। মঙলবাৰে ভৌগোলিক সূচাংকৰ পঞ্জীয়কে এই নিৰ্দেশনা জাৰি কৰিছে । ভৌগোলিক সূচাংক বা জি আই হৈছে কোনো এটা সামগ্ৰীৰ আঞ্চলিক পৰিচয় অটুট ৰখাত সহায় কৰা এক ধৰণৰ বৌদ্ধিক স্বত্ব। অসমৰ কৃষি, প্ৰকৃতি, উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰতো গামোচাই এক পৰিচয় বহন কৰে বুলি উল্লেখ কৰিছে জি আই টেগ প্ৰদান কৰা দেশৰ আই পি আই বডীয়ে (Gamosa gets GI Tag)।

উল্লেখ কৰিব পাৰি যে গোলাঘাটৰ হস্তশিল্পৰ ফালৰ পৰা গামোচাক ভৌগোলিক পৰিচয় দিবলৈ ২০১৭ চনত আবেদন জনোৱা হৈছিল । ইয়াৰ পূৰ্বেও অসমৰ চকোৱা চাউল, মুগা, জহা চাউল আৰু তেজপুৰৰ লিচুৱে ভৌগোলিক পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছিল । পুৰণি কামৰূপ ৰাজ্যৰ ৰজা ভগদত্তই অসমীয়া জাতিৰ জাতীয় সত্বাৰ প্ৰতীক এই বুটা বচা গামোচাখন তৈয়াৰ কৰি উলিওৱাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে ব্যৱহাৰ হৈ থকা গামোচাখন ইতিহাসৰ এক গৌৰৱজ্জল অধ্যায় ।

ৰঙা পাৰি দিয়া গামোচাখন অসমীয়া জাতিৰ প্ৰতীক স্বৰূপ । অসমীয়া শিপিনীসকলৰ চানেকী গামোচাখন অসমীয়া লোক-কলাৰো এক অমূল্য সম্পদ ।

অসমৰ গামোচাই লাভ কৰিলে 'জি আই' টেগ

উল্লেখ্য যে অসমীয়াৰ গৌৰৱ অসমীয়াৰ স্বাভিমান গামোচাই ভৌগোলিক পৰিচয় (জি আই) লাভ কৰাৰ লগে লগে টুইটযোগে ভাৰত চৰকাৰৰ বাণিজ্য, উদ্যোগ আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী পীযুষ গোৱেলে অসমবাসীক অভিনন্দন জনাইছে । ইফালে অসমৰ গামোচাই ভৌগোলিক পৰিচয় লাভ কৰাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অসমবাসীক অভিনন্দন জনাইছে (Assam CM reaction after Gamosa gets GI tag)।

উল্লেখ্য যে অসমীয়াৰ স্বাভিমান গমোচাক ভৌগোলিক পৰিচয় (জি আই) প্ৰদানৰ বাবে দীৰ্ঘদিনৰ পৰা বহু দল-সংগঠনে দাবী জনাই আহিছিল (Demand for GI tag of Gamosa)। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তই নিশ্চিতভাৱে ৰাজ্যবাসীক আনন্দিত কৰি তুলিছে ।

লগতে পঢ়ক :Patharughat massacre : ঐতিহাসিক পথৰুঘাট বিদ্ৰোহৰ স্থানক ৰাষ্ট্ৰীয় স্মাৰক হিচাপে নিৰ্মাণৰ আহ্বান দিলীপ শইকীয়াৰ

ABOUT THE AUTHOR

...view details