অসম

assam

Assam Blind cricket team: চণ্ডীগড়ত নাগেশ ট্ৰফী টি-২০ ত অংশ ল’লে অসম দৃষ্টিহীন ক্ৰিকেট দলে

By

Published : Feb 3, 2023, 5:34 PM IST

ভাৰতৰ দৃষ্টিহীন ক্ৰিকেটৰ সৰ্বোচ্চ প্ৰতিযোগিতা হৈছে নাগেশ ট্ৰফী ৷ নাগেশ ট্ৰফীত অংশগ্ৰহণ কৰে অসম দৃষ্টিহীন ক্ৰিকেট দলে(Assam Blind Cricket Team) । ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাত অংশ লোৱাত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্বামীক ধন্যবাদ জনায় অসম দৃষ্টিহীন ক্ৰিকেট সন্থাৰ আহ্বায়ক ভৃগু বৰঠাকুৰে ।

Assam Blind cricket team
চণ্ডিগড়ত অনুষ্ঠিত নাগেশ ট্ৰফী টি-২০ ত অংশ ল’লে অসম দৃষ্টিহীন ক্ৰিকেট দলে

স্পৰ্টছ ডেস্ক, ৩ ফেব্ৰুৱাৰী:ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট সন্থাৰ উদ্যোগত ৩১ জানুৱাৰীৰ পৰা চণ্ডীগড়ত অনুষ্ঠিত ভাৰতৰ দৃষ্টিহীন ক্ৰিকেটৰ সৰ্বোচ্চ প্ৰতিযোগিতা নাগেশ ট্ৰফীত অসম দৃষ্টিহীন ক্ৰিকেট দলে অংশগ্ৰহণ কৰে(Assam Blind Cricket Team) । ৰাজদ্বীপ ডাকুৱাৰ নেতৃত্বত যোৱা অসম দলটোৱে প্ৰতিযোগিতাৰ প্ৰথম দিনা ৰেলৱেৰ বিৰুদ্ধে ১৭ অভাৰত তিনিটা উইকেট হেৰুৱাই ১৭২ ৰাণ কৰে যদিও ৰেলৱে দলটো ৭ উইকেটত বিজয়ী হয় । অসমৰ হৈ হোমেন বুঢ়াগোহাঁয়ে সৰ্বাধিক ৫৮ ৰাণৰ বৰঙণি আগবঢ়ায় ।

অসম দলটো দ্বিতীয় দিনৰ খেলত চণ্ডিগড়ৰ বিৰুদ্ধে ৯ উইকেটত পৰাজিত হয় । অসমে ১৮ অভাৰত দুটা উইকেটত ১৬৫ ৰাণ কৰে । অসমৰ হৈ মনজিত চৌধুৰীয়ে ৪৯ টা বলত ৮৪ ৰাণ কৰি অপৰাজিত হৈ ৰয় । প্ৰতিযোগিতাত অসম দলে মণিপুৰৰ বিৰুদ্ধে খেলা এখন খেলত ১৮ অভাৰত ৩ উইকেটত ১৯১ ৰাণ সংগ্ৰহ কৰে । অসমৰ হৈ হোমেন বুঢ়াগোঁহায়ে ৪৪ টা বলত ৬৫ ৰাণৰ বৰঙণি আগবঢ়ায় । আনহাতে বলিঙত ৰাজদ্বীপ ডাকুৱা আৰু প্ৰতাপ ৰাজবংশীয়ে ভাল প্ৰদৰ্শন কৰে ।

লগতে পঢ়ক:National Yogasana Sports Championship: ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপত তিনিটাকৈ পদক আজুৰিলে যুক্তা বৰাই

উল্লেখযোগ্য যে মুঠ ২৮ টা দলে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাৰ গ্ৰুপ এফত মুঠ চাৰিটা দলে অংশগ্ৰহণ কৰে(Assam Team participate in Nagesh Trophy) । অসমৰ দলটোৰ টীম মেনেজাৰ আৰু প্ৰশিক্ষক হিচাপে গৈছিল কেয়াৰ ইউ ৩৬৫ৰ ক্ৰমে ৰঞ্জন কুমাৰ গোস্বামী আৰু সুশীল পৌৰেল । অসমত দৃষ্টিহীন ক্ৰিকেটৰ বাটকটীয়া বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ৰ সভাপতি (স) আৰু অসম দৃষ্টিহীন ক্ৰিকেট সন্থাৰ আহ্বায়ক ভৃগু বৰঠাকুৰে কয় যে প্ৰতিযোগিতাত জয়লাভ কৰিব নোৱাৰিলেও উপযুক্ত প্ৰশিক্ষণ আৰু আন্তঃগাঁথনি নোহোৱাকৈ অসমৰ দলটোৱে আশা কৰাতকৈও উৎকৃষ্ট প্ৰদৰ্শন কৰিছে ।

উপযুক্ত প্ৰশিক্ষণ লাভ কৰিলে তেওঁলোকে আৰু অধিক ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে । তেওঁ লগতে এইবাৰ ক্ৰিকেট দলটোক চণ্ডীগড়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাত(Nagesh Trophy National T20 Cricket Tournament) ভাগ লোৱাৰ বাবে সহায়ৰ হাত আগবঢ়োৱা অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্বামীক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক:Teok horse riding: ব্ৰহ্মপুত্ৰৰ বালিচৰত ঐতিহ্য ৰক্ষা কৰি ঘোঁৰাদৌৰৰ অনুশীলনত ব্যস্ত এজাক তৰুণ

ABOUT THE AUTHOR

...view details