অসম

assam

পুনৰ অপৰাধীলৈ গুলী মহানগৰ আৰক্ষীৰ

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 2:05 PM IST

ভূ-মাফিয়ালৈ গুলী আৰক্ষীৰ ৷ GMCH লৈ প্ৰেৰণ কৰা হয় গুলীবিদ্ধ ভূ মাফিয়াটোক ।

assam police firing in guwahati
পুনৰ অপৰাধীলৈ গুলী মহানগৰ আৰক্ষীৰ

GMCH ৰ অধীক্ষক ডাঃ অভিজিত শৰ্মা

গুৱাহাটী, 27 নৱেম্বৰ: ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউন্টাৰ । এইবাৰ ভূ-মাফিয়ালৈ গুলী চলালে আৰক্ষীয়ে । বশিষ্ঠ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ যুটীয়া অভিযানত গুলীবিদ্ধ হয় দুৰ্ধৰ্ষ ভূ-মাফিয়াটো । ভূ-মাফিয়াটো লালুং গাঁৱৰ ৰমেন মদাহী (34) বুলি জানিব পৰা গৈছে ৷ ভূ-মাফিয়াটো সোঁভৰিত গুলীবিদ্ধ হৈছে বুলি জানিব পৰা গৈছে । উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয় গুলীবিদ্ধ ভূ মাফিয়াটোক ।

জানিব পৰা মতে ভূ-মাফিয়া ৰমেন মদাহীক লগত লৈ আন এজন ভূ-মাফিয়াৰ সন্ধানত নিশা লালুংগাঁৱত অভিযান চলোৱাৰ সময়ত আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ চেষ্টা কৰে ৰমেন মদাহীয়ে ৷ তেনেসময়তে আৰক্ষীৰ গুলীত আহত হয় ভূ-মাফিয়াটো । এই সম্পৰ্কে GMCH ৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই কয়, "নিশা 2.40 বজাত সংঘটিত হৈছে এই ঘটনাটো । সোঁ ভৰিখন গুলীৱিদ্ধ হৈছে । ভৰিখনত এফালৰ পৰা গুলীটো সোমাই এফালে ওলাই গৈছে ।"

উল্লেখ্য যে মহানগৰীৰ কোটিটকীয়া মাটি অবৈধভাৱে মাটি হস্তান্তৰ কৰা দালাল চক্ৰ মহানগৰ আৰক্ষীয়ে উৎখাত কৰাৰ পিছতে জালিয়াতিৰে মাটি হস্তান্তৰ কৰাৰ তথ্য পোহৰলৈ আহিছে । এই দালাল চক্ৰটোত একাংশ চৰকাৰী বিষয়া কৰ্মচাৰী, অধিবক্তা, লাট মণ্ডল জড়িত হৈ আছে বুলি জানিব পৰা গৈছে । ভূমি জালিয়াতি গোচৰত ইতিমধ্যে আৰক্ষীয়ে কামৰূপ (মেট্ৰ’)ৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক নিতুল দাস, দিছপুৰ ৰাজহ চক্ৰৰ ডাটা এণ্ট্ৰি অপাৰেটৰ ধ্ৰুৱ জ্যোতি বৰ্মন; অধিবক্তা মাইনুল হক আৰু দালাল তাপস চৌধুৰী, লাট মণ্ডল নলবাৰী কমাৰকুছিৰ বাপধন দাসক গ্ৰেপ্তাৰ কৰিছে ।

উল্লেখ্য যে, বশিষ্ঠ থানাত এজন ভুক্তভোগী লোকে দিয়া এজাহাৰৰ ভিত্তিত 645/23 নম্বৰত এটি গোচৰ ৰুজু হোৱাৰ লগতে দিছপুৰ ৰাজহ চক্ৰ বিষয়া পাপু গগৈয়ে ভুৱা নামজাৰি সন্দৰ্ভত চাইবাৰ থানাত এজাহাৰ দাখিল কৰিছিল । এই এজাহাৰৰ ভিত্তিত 12/23 নম্বৰত গোচৰ ৰুজু কৰি চলোৱা তদন্তত পোহৰলৈ আহে ভূমি কেলেংকাৰীৰ ক’লা অধ্যায় ।

লগতে পঢ়ক:মহানগৰীৰ কামাকাজী বাৰ এণ্ড ৰেষ্টুৰেণ্টত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details