মহানগৰীৰ কামাকাজী বাৰ এণ্ড ৰেষ্টুৰেণ্টত ভয়ংকৰ অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 11:08 AM IST

thumbnail

গুৱাহাটী, ২৭ নৱেম্বৰ : ব্যস্ত মহানগৰীত হঠাৎ হৈ-চৈ ৷ দেওবাৰে নিশা গুৱাহাটী মহানগৰীত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । হঠাতে দাউ দাউকৈ জ্বলি উঠিল ফ্ল’টিং বাৰ এণ্ড ৰেষ্টুৰেণ্ট । মহানগৰীৰ ফাঁচী বজাৰ লাচিত ঘাটত থকা কামাকাজী বাৰ এণ্ড ৰেষ্টুৰেণ্টখনত এই অগ্নিকাণ্ড সংঘটিত হয় ।

বিগত ৬ মাহ ধৰি বন্ধ হৈ থকা ফ্ল’টিং ৰেষ্টুৰেণ্টখনত চলি আছিল পুনৰ নিৰ্মাণৰ কাম । অহা মাহৰ ভিতৰতে ৰেষ্টুৰেণ্টখন মুকলি কৰাৰ কথা আছিল । কিন্তু হঠাৎ দেওবাৰে নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডত নিমিষতে ছাঁই হৈ যায় ৰেষ্টুৰেণ্টখন । তাৰ পাচতে খবৰ দিয়া হয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকক ৷

ঘটনাৰ খবৰ পোৱাৰ পিচতে ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়‌ । এই অগ্নিকাণ্ডত কেবালাখ টকাৰ সম্পত্তি জুইত জাহ গৈছে । অৱশ্যে কামাকাজী বাৰ এণ্ড ৰেষ্টুৰেণ্টখনত কেনেদৰে এই অগ্নিকাণ্ড সংঘটিত হ’ল তাৰ কোনো সঠিক কাৰণ জানিব পৰা হোৱা নাই ।

ইফালে এই অগ্নিকাণ্ডৰ মাজতে চৰ্চালৈ আহিছে এজন যুৱকৰ নাম ৷ তথ্য অনুসৰি, কামাকাজী বাৰ এণ্ড ৰেষ্টুৰেণ্টখনত কিছুদিন পূৰ্বে এজন যুৱকে গ্লাচ এখন ভাগিছিল । সেই গ্লাচখন ভগাৰ বাবে ফাঁচী বজাৰ আৰক্ষীয়ে আটক কৰিছিল যুৱকজনক । অৱশ্যে এই ঘটনাৰ লগত যুৱকজন কিবা প্ৰকাৰে জড়িত নেকি সেই সন্দৰ্ভত আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক : উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসে আকৰ্ষণ কৰিছে হাজাৰ হাজাৰ দৰ্শকক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.