অসম

assam

মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বানত ক্ষতিগ্ৰস্ত লোকৰ বাবে সাহায্য পুঁজি

By

Published : Aug 20, 2022, 2:06 PM IST

Updated : Aug 20, 2022, 5:54 PM IST

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বানত ক্ষতিগ্ৰস্ত লোকৰ বাবে ধন মোকলাই দিয়ে । বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক বেংকৰ জৰিয়তে হিতাধিকাৰীৰ বেংক একাউন্টত ক্ষতিপূৰণৰ ধন মোকলাই দিয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰে (Assam CM launches relief fund for flood victims)। অহা ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা মথাউৰিত থকা ৩০৯ টা পৰিয়ালক ১ লাখ টকাকৈ অতিৰিক্তভাৱে দিয়া হ'ব‌ ।

Assam
মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বানত ক্ষতিগ্ৰস্ত লোকৰ বাবে সাহাৰ্য পুঁজি

গুৱাহাটী,২০ আগষ্ট :চলিত বছৰৰ দুটাকৈ বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক ৰাজ্য চৰকাৰে শনিবাৰে বেংকৰ জৰিয়তে ক্ষতিপূৰণৰ ধন মোকলাই দিয়ে । ৰাজ্যৰ সংশ্লিষ্ট জিলাসমূহত ৰাজ্য চৰকাৰৰ দায়িত্ববাহী মন্ত্ৰীসকল উপস্থিত হৈ জিলাসমূহৰ বানত ঘৰ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক বেংকৰ জৰিয়তে হিতাধিকাৰীৰ বেংক একাউন্টত ক্ষতিপূৰণৰ ধন মোকলাই দিয়ে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ জনতা ভৱনত বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক বেংকৰ জৰিয়তে হিতাধিকাৰীৰ বেংক একাউন্টত ক্ষতিপূৰণৰ ধন মোকলাই দিয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰে (Assam CM launches relief fund for flood victims)।

ৰাজ্যৰ জিলা উপায়ুক্তসকল আৰু বিভাগীয় মন্ত্ৰীসকলে প্ৰকাশ কৰা তথ্যৰ ভিত্তিত বানপানীত ক্ষতিগ্ৰস্তৰ চূড়ান্ত প্ৰতিবেদনৰ তথ্য সদৰি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে চলিত বছৰৰ দুটাকৈ বানত ২ লাখ ৪ হাজাৰ ৩৪৮ টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে (Flood affects Assam)। এই ক্ষতিগ্ৰস্ত ঘৰবোৰৰ ভিতৰত ৫১৮৫ টা ঘৰ সম্পূৰ্ণ বানপানীত জাহ গৈছে (Houses fully damaged in floods)। আনহাতে ৩৪ হাজাৰ ৯২৪ টা পকী, ১ লাখ ৫৩ হাজাৰ ৩২৬ টা কেঁচা ঘৰ, ৩২৮৭ টা জুপুৰী ঘৰ আৰু ৭ হাজাৰ ৬২৬ টা পশু গৃহ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ।

মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বানত ক্ষতিগ্ৰস্ত লোকৰ বাবে সাহাৰ্য পুঁজি

তেওঁ জনায় যে এই ক্ষতিৰ পৰিমাণ ১০৯ কোটি ১১ লাখ টকা নিৰ্ধাৰণ কৰিছে । চৰকাৰে ক্ষতিগ্ৰস্তসকলক এই ধন বেংকৰ জৰিয়তে মুকলি কৰি দিছে । বানত কাছাৰ জিলাত ৮১৫৩৮ টা , কৰিমগঞ্জ জিলাত ২৮৩৬৪ টা, কামৰূপ জিলাত ২০৬১৫ টা, কৰিমগঞ্জ জিলাত ২৮৩৬৪ টা, নগাঁও জিলাত ১৫২০০ টা, নলবাৰী জিলাত ১০৫৬৪ টা সৰ্বাধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে ।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনায় যে দ্বিতীয় পৰ্যায়ত অহা ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা মথাউৰিত থকা ৩০৯ টা পৰিয়ালক ১ লাখ টকাকৈ অতিৰিক্তভাৱে দিয়া হ'ব‌ (Government relief for flood affected people of Assam)। ছেপ্টেম্বৰত বানত ক্ষতিগ্ৰস্ত হোৱা মথাউৰি, স্কুল, পথ মেৰামতি কৰা হ'ব । ইয়াৰ পুনৰ পৰীক্ষণ কাম চলি আছে ।

লগতে পঢ়ক :ৰাজ্যৰ 7 জিলাৰ উপায়ুক্তক ৰদ বদল

Last Updated :Aug 20, 2022, 5:54 PM IST

ABOUT THE AUTHOR

...view details