ETV Bharat / city

ৰাজ্যৰ 7 জিলাৰ উপায়ুক্তক ৰদ বদল

author img

By

Published : Aug 20, 2022, 8:32 AM IST

Updated : Aug 20, 2022, 8:42 AM IST

ৰাজ্য চৰকাৰৰ প্ৰশাসনত ব্যাপক ৰদ-বদল ৷ শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘা নিধি দাহালক দিয়া হৈছে গুৱাহাটী পৌৰ নিগমৰ নতুন আয়ুক্তৰ দায়িত্ব ৷ আনহাতে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাক মৰিগাঁৱৰ উপায়ুক্ত হিচাপে বদলি(GMC Commissioner Debasish Sarma) ৷ গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাক মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ যুটীয়া সচিব পদলৈ বদলি ৷

assam-governments-reshuffle-7-changes-made
ৰাজ্যৰ 7 জিলাৰ উপায়ুক্তক ৰদ বদল

নিউজ ডেস্ক, 20 আগষ্ট : ৰাজ্য চৰকাৰে শুকুৰবাৰে এক নিৰ্দেশ অনুসৰি কেইবাখনো জিলাৰ উপায়ুক্তক ৰদ বদল কৰাৰ উপৰিও প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত কেতবোৰ সালসলনি ঘটায়(Assam Governments Reshuffle) ৷ সেই অনুসৰি গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাক মৰিগাঁৱৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে । ইয়াৰ বিপৰীতে গুৱাহাটী পৌৰ নিগমৰ নতুন আয়ুক্তৰ দায়িত্ব দিয়া হৈছে মেঘা নিধি দাহালক(New Commissioner of GMC Megha Nidhi Dahal) ৷ ইয়াৰ পূৰ্বে শিৱসাগৰ জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল দাহালে ।

assam-governments-reshuffle-7-changes-made
ৰাজ্যৰ 7 জিলাৰ উপায়ুক্তক ৰদ বদল

আনহাতে শিৱসাগৰৰ নতুন উপায়ুক্ত হিচাপে বদলি কৰা হৈছে আদিত্য বিক্ৰম যাদৱক ৷ যাদৱে সাধাৰণ প্ৰশাসন বিভাগৰ যুটীয়া সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছিল ৷ একেদৰে ৰাজ্য চৰকাৰৰ ট্ৰেঞ্চফৰ্মেছন এণ্ড ডেভেলপমেন্ট বিভাগৰ যুটীয়া সচিব ড৹ ছদনেক সিঙক ওদালগুৰিৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে ৷ তেওঁক অতিৰিক্তভাৱে বিটিআৰৰ সচিবৰ দায়িত্বও অৰ্পণ কৰা হৈছে ৷

অনুৰূপভাৱে মৰিগাঁৱৰ উপায়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰি থকা প্ৰকাশ ৰঞ্জন ঘৰফলীয়াক গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পদলৈ বদলি কৰা হৈছে ৷ একেটা নিৰ্দেশতে ওদালগুৰিৰ উপায়ুক্ত তথা বিটিআৰৰ সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ড৹ পি উদয় পাৰবীনক গোলাঘাটৰ নতুন উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ৷ আনহাতে গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাক মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ যুটীয়া সচিব পদলৈ বদলি কৰা হৈছে ৷

লগতে পঢ়ক: ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ চাওক

Last Updated :Aug 20, 2022, 8:42 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.