ETV Bharat / city

ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ চাওক

author img

By

Published : Aug 19, 2022, 10:53 PM IST

ৰাজ্যিক কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ চাকৰিৰ কাৰ্যকাল বৃদ্ধি হ’ব চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যাপক সকলৰ ৷ ৰাজ্যত থকা চিকিৎসা মহাবিদ্যালয়সমূহৰ পৰা বছৰি ২১০০ জনৰ পৰা ২৩০০ গৰাকী চিকিৎসক সৃষ্টি কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে (Assam cabinet decides to appoint new doctors)। এতিয়াৰে পৰা মণ্ডল আৰু কাননগো আদিৰ নাম সলনি হ’ব ।

Assam cabinet decides to appoint new doctors
ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ চাওক

গুৱাহাটী, 19 আগষ্ট: দিছপুৰ জনতা ভৱনত শুকুৰবাৰে কেবিনেট বৈঠক অনুষ্ঠিত হয় (Assam cabinet decisions) । কেবিনেট বৈঠকত ৰাজ্যৰ প্ৰশাসনিক সেৱাৰ পৰা আৰম্ভ কৰি পুনঃনবীকৰণ বিদ্যুত শক্তি আৰু সৌৰ শক্তি উৎপাদন কৰা, পৰ্যটন ক্ষেত্ৰৰ উন্নয়ন কৰা, চিকিৎসা সেৱা আৰু পৰিবহনৰ ক্ষেত্ৰত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে (Assam cabinet takes new decisions) । কেবিনেট বৈঠকৰ অন্তত কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহ জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলৰ জৰিয়তে মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিক সকলৰ আগত সদৰী কৰে ।

কেবিনেটৰ সিদ্ধান্ত সমূহ-

  1. এতিয়াৰে পৰা মণ্ডল আৰু কাননগো আদিৰ নাম সলনি হ’ব । মণ্ডলৰ ঠাইত Land record assistant, কাননগোৰ ঠাইত Land record supervisor, Inspector of land record-ৰ ঠাইত Land record Inspector হিচাপে নামাকৰণ কৰা হ’ব।
  2. নতুনকৈ Land record officer নাম দি নতুন পদ সৃষ্টি কৰা হ’ব । Land record inspector আৰু Land record officer পদ দুটা Gazette Officer মৰ্যদাৰ হ’ব ।
  3. Land record assistant এখন জিলাত পাঁচবছৰ বেছি সময় থাকিব নোৱাৰিব । তেওঁক বদলি কৰা হ’ব ।
  4. নগাঁও আৰু শিলচৰৰ কাগজ কলত কাম কৰা ৬৪ গৰাকী কৰ্মচাৰীক তৎকলীনভাবে চৰকাৰৰ বিভিন্ন বিভাগত চৰকাৰী পদত নিযুক্ত কৰা হ’ব (Assam cabinet choose to appoint 64 paper mill employees in other department) ।
  5. নামৰূপত ২৫ মেগাৱাট পুনঃনবীকৰণ বিদ্যুত শক্তি আৰু সৌৰ শক্তি উৎপাদন কৰাৰ বাবে অইল ইণ্ডিয়া আৰু এ পি জি চি এলৰ মাজত এখন বুজাবুজিৰ চুক্তি সম্পন্ন কৰা হ’ব ।
  6. এ পি জি চি এল আৰু এ জি ভি এল লিমিটেডৰ মাজত পুনঃনবীকৰণ বিদ্যুত শক্তি উৎপাদনৰ বাবে আন এখন বুজাবুজিৰ চুক্তিও সম্পন্ন কৰা হ’ব ।
  7. অহা সময়ছোৱাত ৰাজ্যত থকা চিকিৎসা মহাবিদ্যালয়সমূহৰ পৰা বছৰি ২১০০ জনৰ পৰা ২৩০০ গৰাকী চিকিৎসক সৃষ্টি কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে (Assam cabinet decides to appoint new doctors)।
    ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ চাওক
  8. ৰাজ্যত থকা চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যাপক সকলৰ চাকৰিৰ কাৰ্যকাল পাঁচ বছৰ বৃদ্ধি কৰা হৈছে (Assam cabinet decides to extend service term of medical college principal)।
  9. ৰাজ্য চৰকাৰে ঔষধ ক্ৰয়ৰ বাবে স্বাস্থ্য বিভাগক ১৩৪.৮ কোটি টকাৰ অনুমোদন দিছে ।
  10. গোলাঘাটৰ হাতীখুলী আৰু নগাঁৱৰ কেলিডেন চাহ বাগিচাত পৰ্যটকৰ বাবে দুখন হোটেল নিৰ্মাণৰ বাবে ATDC আৰু Indian hotel company limited ৰ মাজত বুজাবুজিৰ চুক্তি কৰা হ’ব ।
  11. সকলো জিলাতে ৰাজ্য চৰকাৰৰ আৰু অসম ৰাজ্যিক পৰিবহন নিগমৰ ভূমিত ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ অধীনত স্বয়ংক্ৰিয় বাহন পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হ’ব ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.