অসম

assam

College upgrade into university : ৰাজ্যৰ আঠখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ বাজেট ঘোষণা বাতিল

By

Published : Jun 16, 2023, 1:58 PM IST

বাজেটত শিৱসাগৰ মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, বঙাইগাঁও মহাবিদ্যালয়, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয় আৰু শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় লৈ উন্নিতকৰণ কৰাৰ ঘোষণা কৰা হৈছিল । শিক্ষামন্ত্ৰীৰে হোৱা আলোচনাৰ অন্তত ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে হঠাতে বাতিল কৰিলে বাজেটৰ ঘোষণা ।

Assam Budget announcement
মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নিতকৰণ কৰাৰ বাজেট ঘোষণা বাতিল

গুৱাহাটী, ১৬ জুন :বাতিল কৰা হ’ল বাজেটত ঘোষণা কৰা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ২০২৩-২৪ বৰ্ষৰ বাজেটত ৰাজ্যৰ আঠখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নিতকৰণৰ কৰাৰ ঘোষণা কৰা হৈছিল । কিন্তু সেই ঘোষণা বাতিল কৰা হ’ল । এতিয়া আৰু ৰাজ্যৰ আঠখন মহাবিদ্যালয়লক বিশ্ববিদ্যালয়লৈ উন্নিতকৰণ কৰা নহয় ।

২০২৩-২৪ বৰ্ষৰ বাজেটত বিত্তমন্ত্ৰী অজন্তা নেওগে ৰাজ্যৰ মুঠ ৮ খন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰিছিল । সেই মহাবিদ্যালয় কেইখন আছিল ক্ৰমে শিৱসাগৰ মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, বঙাইগাঁও মহাবিদ্যালয়, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয় আৰু শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয় ।

বাজেট দাখিলৰ সময়ছোৱাত বিত্তমন্ত্ৰীৰ এই ঘোষণাই ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । একাংশই এই সিদ্ধান্তৰ সমৰ্থন কৰিছিল যদিও আন একাংশই এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল । কিন্তু তাৰে মাজতে মহাবিদ্যালয় কেইখনক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তে ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে এক জাননীৰ জৰিয়তে সেই সিদ্ধান্ত বাতিল কৰাৰ কথা সদৰী কৰিছে ।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰে হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কবিতা ডেকাই আঠখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নিতকৰণৰ পূৰ্বৰ ঘোষণা বাতিল কৰাৰ কথা অৱগত কৰিছে । এই সন্দৰ্ভত সংশ্লিষ্ট মহাবিদ্যালয় কেইখনৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক :Upgrade College into University: 8খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয় কৰাৰ আঁৰত ব্যক্তিগত খণ্ডলৈ হস্তান্তৰৰ পৰিকল্পনা নেকি?

উল্লেখ্য যে, ২০২৩-২৪ বৰ্ষৰ বাজেট ভাষণত বিত্তমন্ত্ৰী অজন্তা নেওগে এইবছৰ আইন প্ৰণয়ন কৰি অসম চৰকাৰে ৰাজ্যৰ ৮ খন গুৰুত্বপূৰ্ণ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ঘোষণা কৰিছিল । বিত্তমন্ত্ৰী অজন্তা নেওগে ১৬ মাৰ্চত দাখিল কৰা ২০২৩-২৪ বৰ্ষৰ বাজেটত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ৫ নম্বৰ শিতানত এই ঘোষণা কৰিছিল ।

আঁচনিৰ আনবোৰ ঘোষণাকে ধৰি বিশ্ববিদ্যালয়সমূহৰ ভৱন আৰু আন্তঃগাঁথনিৰ বাবে ১২০০ কোটি টকা বাজেটত ধার্য কৰা হৈছিল । সেই সময়ত চৰকাৰী সেই ঘোষণাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছিল । বহুতেই সন্দেহৰ দৃষ্টিৰে চাইছিল সেই ঘোষণাক । সেই ঘোষণাক নতুন শিক্ষা নীতিৰ আধাৰত ব্যক্তিগতকৰণৰ প্ৰথম পদক্ষেপ বুলি অভিযোগ কৰিছিল বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষে ।

আনহাতে, আন্তঃগাঁথনিৰ নামত কেৱল ভৱন কিছুমান নির্মাণ কৰিলেই বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ নকৰে বুলি বিভিন্নজনে সেই সময়ত মত প্ৰকাশ কৰিছিল । কাৰণ ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হোজাই কলেজ, বজালী কলেজ, নাৰায়ণপুৰৰ মাধৱদেৱ কলেজ আদিৰ আন্তঃগাঁথনি উন্নতি ঘটাই বিশ্ববিদ্যালয় পর্যায়ৰ কৰিব পৰা নাই চৰকাৰে । যাৰ বাবে সেই সময়ত সেই ঘোষণাকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । কিন্তু এতিয়া হঠাতে কিয় চৰকাৰে বাজেটৰ সেই ঘোষণা বাতিল কৰিলে তাকলৈ ৰহস্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :SI Junmoni Rabha death case update : নগাঁৱত CBI ৰ দল, কেবাগৰাকী আৰক্ষী বিষয়াক জেৰা চলোৱাৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details