Upgrade College into University: 8খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয় কৰাৰ আঁৰত ব্যক্তিগত খণ্ডলৈ হস্তান্তৰৰ পৰিকল্পনা নেকি?
Published: Mar 18, 2023, 9:00 PM


Upgrade College into University: 8খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয় কৰাৰ আঁৰত ব্যক্তিগত খণ্ডলৈ হস্তান্তৰৰ পৰিকল্পনা নেকি?
Published: Mar 18, 2023, 9:00 PM
অসম চৰকাৰৰ 2023-24 বৰ্ষৰ বাজেট দাখিল কৰি ৰাজ্যৰ 8 খন আগশাৰীৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে (FM Ajanta Neog) ৷ কিন্তু চৰকাৰৰ এই ঘোষণাক সন্দেহৰ দৃষ্টিৰে চাইছে বহু লোকে ৷ মহাবিদ্যালয়সমূহক বিশ্ববিদ্যালয়লৈ উন্নীত কৰি সেইসমূহ ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰাৰ পৰিকল্পনা চৰকাৰে কৰিছে বুলি উদ্বেগ প্ৰকাশ কৰিছে কেইবাটাও ছাত্ৰ সংগঠন আৰু ব্যক্তি বিশেষে ৷
গুৱাহাটী, 18 মাৰ্চ: এইবছৰ আইন প্ৰণয়ন কৰি অসম চৰকাৰে ৰাজ্যৰ 8 খন গুৰুত্বপূৰ্ণ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বিত্তমন্ত্ৰী অজন্তা নেওগে 16 মাৰ্চত দাখিল কৰা 2023-24 বৰ্ষৰ বাজেটত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত 5 নম্বৰ শিতানত ঘোষণা কৰিছে এই তথ্য ৷ আঁচনিৰ আনবোৰ ঘোষণাকে ধৰি বিশ্ববিদ্যালয়সমূহৰ ভৱন, আন্তঃগাঁথনিৰ বাবে 1200 কোটি টকা বাজেটত ধাৰ্য কৰা হৈছে (Assam budget highlight 2023) ৷
স্বাভাৱিকতে বাহ্যিক দৃষ্টিত এয়া সুখবৰ যেন লাগিলেও এই ঘোষণাক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ লগতে উদ্বেগ সৃষ্টি হৈছে ৷ লগতে বহুতেই সন্দেহৰ দৃষ্টিৰে চাইছে এই ঘোষণাক ৷ অসম বাজেট 2023-24ত 8 খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰকৰণ প্ৰস্তাৱক লৈ সংশয়ৰ সৃষ্টি হৈছে ৷ এয়া নতুন শিক্ষা নীতিৰ আধাৰত ব্যক্তিগতকৰণৰ প্ৰথম পদক্ষেপ বুলি কৈছে বহু লোক আৰু সংগঠনে (College upgrade into university) ৷
এইবাৰৰ বাজেটৰ ঘোষণা অনুসৰি শিৱসাগৰ মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, বঙাইগাঁও মহাবিদ্যালয়, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয় আৰু শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈ উন্নীত কৰাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে ৷ লগতে এইখন বাজেটত শোণিতপুৰ জিলাৰ গহপুৰত কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয় নামেৰে এখন নতুন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰাৰ কথাও ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে (Assam college upgrade to university) ৷
কিন্তু ৰাজ্যখনৰ বহুলোক আৰু সংগঠনৰ অভিযোগ আৰু সন্দেহ যে এইদৰে মহাবিদ্যালয়সমূহ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ আঁৰত আছে মহাবিদ্যালয়সমূহক পৰ্যায়ক্ৰমে ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰাৰ পৰিকল্পনা ৷ এই প্ৰসংগত বিভিন্ন সময়ত ৰাজহুৱা বিষয়ত সৰৱ ভূমিকা পালন কৰি অহা সুব্ৰত তালুকদাৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এইদৰে-
মহাবিদ্যালয়সমূহক বিশ্ববিদ্যালয় কৰাৰ আঁৰৰ কাহিনী: ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ৰ 10.1 নং দফা অনুসৰি উচ্চ শিক্ষা অনুষ্ঠানবোৰক Multi Disciplinary University , HEI clusters/ Knowledge Hub লৈ ৰূপান্তৰ কৰা হ’ব, যিবোৰৰ নূন্যতম ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ’ব 3000 ৷ অৰ্থাৎ যিসমূহ উচ্চ শিক্ষানুষ্ঠান অৰ্থাৎ মহাবিদ্যালয়ৰ 3000 ছাত্ৰ-ছাত্ৰী নাই তেনেকুৱা 2/3/4 খন মহাবিদ্যালয় একলগ কৰি দিয়া হ’ব ৷ বৰ্তমান ঘোষণা কৰা বিশ্ববিদ্যালয়সমূহ তেনেকুৱা একোটা কেন্দ্ৰই হ’ব ৷ অৰ্থাৎ লাহে লাহে ওচৰৰ মহাবিদ্যালয়সমূহ বন্ধ কৰি ওচৰৰ ঘোষণা কৰা বিশ্ববিদ্যালয়খনৰ লগত একেলগ কৰি দিব ৷ তাৰ পাচত অনুদানৰ ক্ষেত্ৰত সেইবোৰ বিশ্ববিদ্যালয় হ’ব লাগিব স্বতন্ত্ৰ ৷ অৰ্থাৎ নিজৰ খৰছ নিজেই উলিয়াব লাগিব ৷ গতিকে ভাল ভাল মহাবিদ্যালয়বোৰ বিশ্ববিদ্যালয় ৰূপে ঘোষণা কৰাৰ পাচত ফূৰ্তি কৰাৰ আগত এবাৰ ভাবি চাব কথাবোৰ ৷
একেদৰেই ছাত্ৰ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক দেৱব্ৰত শইকীয়াইয়ো এইবাৰৰ বাজেটত ৰাজ্যৰ 8 খনকৈ প্ৰথম শাৰীৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ ঘোষণাৰ আঁৰত ৰহস্য থকাৰ সন্দেহ কৰিছে ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদকজনে সংশয় প্ৰকাশ কৰিছে যে চৰকাৰৰ এই ঘোষণা প্ৰকৃততে মহাবিদ্যালয়সমূহক পৰ্যায়ক্ৰমে বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰি ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰা হ’ব ৷
আন্তঃগাঁথনিৰ নামত কেৱল ভৱন কিছুমান নিৰ্মাণ কৰিলেই বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ নকৰে ৷ ইতিপূৰ্বে ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়লৈ পৰিবৰ্তন ঘটোৱা হোজাই কলেজ, বজালী কলেজ, নাৰায়ণপুৰৰ মাধৱদেৱ কলেজ আদিৰ আন্তঃগাঁথনি উন্নতি ঘটাই বিশ্ববিদ্যালয় পৰ্যায়ৰ কৰিব পৰা নাই ৷ সেয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ব্যক্তিগতকৰণৰ উদ্দেশে আগত ৰাখি ৰাজ্য চৰকাৰে নতুনকৈ মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰিব খোজা কাৰ্যৰ বিৰোধিতা কৰিছে ৷
লগতে পঢ়ক: Assam govt in debt: ২২ মাহতে বিজ্ঞাপনত ১৩১ কোটি টকা ব্যয় কৰি অভিলেখ শৰ্মা চৰকাৰৰ
