অসম

assam

স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি যোৰহাটত ত্ৰিৰংগা যাত্ৰা

By

Published : Aug 13, 2022, 10:44 PM IST

শনিবাৰে যোৰহাট জিলা আৰক্ষী আৰু জিলা প্ৰশাসনৰ উদ্যোগত চহৰৰ মাজৰে এক ত্ৰিৰংগা সমদলৰ আয়োজন কৰা হয় (Tiranga Yatra in Jorhat) । এই সমদলত জিলাখনৰ আৰক্ষী, যানবাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী আৰু সাধাৰণ লোকে অংশগ্ৰহণ কৰে ৷

Tiranga Yatra organized by Jorhat police and jorhat administration
স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি যোৰহাটত ত্ৰিৰংগা যাত্ৰা

যোৰহাট, 13 আগষ্ট:স্বাধীনতাৰ অমৃত মহোৎসৱৰ (Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি যোৰহাট আৰক্ষী আৰু জিলা প্ৰশাসনে আয়োজন কৰিছে ত্ৰিৰংগা যাত্ৰা । আজিৰে পৰা 15 আগষ্টলৈ আৰম্ভ হোৱা আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ প্ৰথমটো দিন সমগ্ৰ দেশতে অতি উলহ মালহেৰে পালন কৰা হৈছে ৷

এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই সাংস্কৃতিক নগৰি যোৰহাটৰ জনগণ তথা জিলা প্ৰশাসন । তিনিদিনীয়াকৈ পালনৰ প্ৰথমটো দিনটোত যোৰহাট জিলা আৰক্ষী আৰু জিলা প্ৰশাসনৰ উদ্যোগত চহৰৰ মাজৰে এক ত্ৰিৰংগা সমদলৰ আয়োজন কৰা হয় (Tiranga Yatra organized by Jorhat police and jorhat administration) । যোৰহাট আৰ্ৱত ভৱনৰ পৰা আৰম্ভ হোৱা এই সমদলটো সমগ্ৰ যোৰহাট চহৰ ঘূৰি পুনৰ আৰ্ৱত ভৱনতে সামৰণি পৰে ৷

স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি যোৰহাটত ত্ৰিৰংগা যাত্ৰা

শনিবাৰে অনুষ্ঠিত হোৱা এই সমদলত জিলাখনৰ আৰক্ষী, যানবাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী আৰু সাধাৰণ লোকে অংশগ্ৰহণ কৰে (Triranga Yatra in Jorhat) ৷ ইয়াৰ উপৰিও জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন আৰু আৰক্ষী অধীক্ষক মোহন লাল মিনাইও অংশগ্ৰহণ কৰে এই ত্ৰিৰংগা যাত্ৰাত ।

ইফালে জিলা প্ৰশাসনে এই মহোৎসৱৰ লগত সংগতি ৰাখি সন্ধিয়া মিলেনিয়াম পাৰ্কত দেশভক্তিমূলক গীতৰ এক সাংস্কৃতিক সন্ধিয়াও অনুষ্ঠিত কৰে ।

লগতে পঢ়ক:লখিমপুৰৰ ঐতিহাসিক ৰহধলা পুখুৰী পাৰত ৬৫ ফুট উচ্চতাৰ জাতীয় পতাকা উত্তোলন

ABOUT THE AUTHOR

...view details