অসম

assam

Tense Situation at Mariani : নাহৰফুটুকীৰ আক্ৰমণত আহত শ্ৰমিকক চিকিৎসা প্ৰদানত হেমাহিৰ অভিযোগ; উত্তপ্ত পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 7:55 PM IST

মৰিয়নীৰ সোনোৱালত চাহ বাগিচাত নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন শ্ৰমিক ৷ শ্ৰমিকজনক বাগিচা চিকিৎসালয়ত চিকিৎসা কৰাৰ ক্ষেত্ৰত চিকিৎসক তথা স্বাস্থ্য কৰ্মীয়ে হেমাহি কৰা গুৰুতৰ অভিযোগ উত্থাপন কৰি একাংশ চাহ শ্ৰমিকে বাগিচাৰ চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

Hunwal Tea Estate Hospital Authority at Mariani
উত্তপ্ত পৰিস্থিতি

মৰিয়নীৰ সোনোৱালত চাহ বাগিচাত নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিক

যোৰহাট, 24 আগষ্ট : মৰিয়নীৰ সোনোৱালত চাহ বাগিচাত নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন শ্ৰমিক ৷ চাহ বাগিচা খনত পাত তুলি থকা অৱস্থাতে নাহৰফুটুকীৰ আক্ৰমণত আহত হয় শ্ৰমিক জন ৷ নাহৰফুটুকীৰ আক্ৰমণত হাত, ভৰি আৰু ডিঙিত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় সুৰজ পানিকা নামৰ শ্ৰমিকজন ৷

আহত সুৰজ পানিকা নামৰ শ্ৰমিকজনে বিষত চিৎকাৰ কৰি থকাৰ পিছতো শ্ৰমিকজনক বাগিচা চিকিৎসালয়ত চিকিৎসা কৰাৰ ক্ষেত্ৰত চিকিৎসক তথা স্বাস্থ্যকৰ্মীয়ে হেমাহি কৰা গুৰুতৰ অভিযোগ উত্থাপন কৰি একাংশ চাহ শ্ৰমিকে বাগিচাৰ চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতি উদ্ভৱ হোৱাত ততাতৈয়াকৈ চিকিৎসক আৰু স্বাস্থ্যকৰ্মী উপস্থিত হৈ আহত শ্ৰমিকজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে ৷

আনহাতে গুৰতৰভাৱে আহত শ্ৰমিকজনক বাগিচা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা দিয়াৰ পিছত উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ জানিব পৰা মতে মৰিয়নীস্থিত সোনোৱাল চাহ বাগিচা খনত কেইদিনমান ধৰি এটা নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰি আহিছে আৰু কাষৰীয়া অঞ্চলত প্ৰৱেশ কৰি পোহনীয়া হাঁহ, কুকুৰা আৰু ছাগলী ভক্ষণ কৰি চাহ শ্ৰমিক ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছে ৷

ফলত নাহৰফুটুকীৰ সন্ত্ৰাসৰ বাবে বাগিচাখনৰ শ্ৰমিক ৰাইজে উজাগৰী নিশা পাৰ কৰিবলৈ বাধ্য হৈছে ৷ সেয়েহে নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৰাইজে ৷

উল্লেখ্য যে, মৰিয়নীৰ সোনোৱাল চাহ বাগিচাখন প্ৰায়ে বিৰ্তক আৱৰ্তত সোমাই পৰাৰ অভিযোগ দীৰ্ঘদিনীয়া ৷ ইয়াৰ পূৰ্বেও বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰিছিল শ্ৰমিকসকলে ৷

লগতে পঢ়ক :Protest in Tinsukia: কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদানৰ দাবীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details