ETV Bharat / state

Protest in Tinsukia: কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদানৰ দাবীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 7:15 PM IST

কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদানৰ দাবীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী সাব্যস্ত কৰে ৷

Protest in Tinsukia
কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদানৰ দাবীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ

কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদানৰ দাবীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ

তিনিচুকীয়া, ২৪ আগষ্ট: আৰ্থ-সামাজিক তথা গ্ৰাম্য অৰ্থনীতিৰ সপোন ৰচোঁতা ক্ষুদ্ৰ চাহ খেতিয়কসকলে বর্তমান সময়তো বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ যথেষ্ট শংকাত দিন অতিবাহিত কৰিব লগা হৈছে। বৃহস্পতিবাৰে খেতিয়কসকলে কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদানৰ দাবীত তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী সাব্যস্ত কৰে ৷

পৰৱৰ্তী সময়ত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা তিনিচুকীয়া জিলা সমিতিয়ে জিলা আয়ুক্তলৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা সমাধানৰ বাবে এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ স্মাৰকপত্ৰত উল্লেখ কৰা দাবীসমূহ ক্ৰমে- বহিঃৰাজ্যৰ পৰা অবাধ গতিত অহা অবৈধ কেঁচা চাহ পাত সম্পূৰ্ণৰূপে প্ৰৱেশ নিষিদ্ধ এখন আইন প্ৰস্তুত কৰি প্ৰণয়ন কৰা, উৎপাদন খৰচৰ মূল্যৰ ওপৰত ন্যূনতম সমর্থন মূল্য (Minimum Support price Guarantee Act) আইন প্ৰস্তুত কৰি প্ৰণয়নৰ যোগেদি খেতিয়কক জীয়াই থকা ব্যৱস্থা কৰা, চাহ খেতি কৰি চাহ খেতিয়ক জীয়াই থাকিব পৰাকৈ এখন সুকীয়া আইন প্ৰস্তুত কৰা, মণিটৰিং কমিটি M.B.P. চাহ খেতিয়কে পোৱাৰ ব্যৱস্থা কৰা, উপকৰ পুঁজিৰ জমা থকা ধনেৰে ৭৫ শতাংশ ৰাজ সাহাৰ্যৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে কলঘৰ স্থাপন কৰা, এক হাজাৰ টকাৰ প্ৰিমিয়ামেৰে P.G.R., V.G.R. মাটিত ক্ষুদ্ৰ চাহ খেতিয়কক পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা, জলসিঞ্চনৰ ব্যৱস্থা খৰতকীয়াকৈ কাৰ্যকৰী কৰা, ৰেহাই মূল্যত ৰাসায়নিক সাৰৰ যোগান নিশ্চিত কৰা, কেঁচা পাতৰ মানদণ্ড উন্নত কৰাৰ বাবে N.O.C. ৰ ব্যৱস্থা প্ৰতি জিলাতে কাৰ্যকৰী কৰা, আগন্তুক বাজেটত ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নয়নৰ বাবে অন্তত দুশ কোটি টকা ধাৰ্য কৰা, ক্ষুদ্ৰ চাহ খেতিক কৃষিত অন্তৰ্ভুক্ত কৰা, পাম অইল খেতি বন্ধ কৰি অসমৰ জৈৱ বৈচিত্ৰ ৰক্ষা কৰি চাহ খেতিয়কক জীয়াই থাকিবলৈ দিয়া ৷

স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাচতে উপৰোক্ত দাবীসমূহ যদি সোনকালেই সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ’লে অনতিপলমে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা তিনিচুকীয়া জিলা সমিতিয়ে ৷

লগতে পঢ়ক: Conversion of rural areas into cities: গ্ৰামাঞ্চলক নগৰলৈ ৰূপান্তৰ কৰাৰ তীব্ৰ বিৰোধিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.