অসম

assam

হোজাইৰ নামঘৰত সত্যৰঞ্জন বৰাৰ বিস্ফোৰণ

By

Published : Oct 6, 2022, 3:00 PM IST

Updated : Oct 6, 2022, 3:48 PM IST

হোজাইত এইবাৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ আন এক বিস্ফোৰণ (Satya Ranjan Borah in controversy)। ইছলামৰ চিন্তা-চৰ্চা কৰা সকলোকে আওঁতালৈ আনিবলৈ আহ্বান জনালে নেতাজনে । ইছলাম ধৰ্মগুৰুসকলক আক্ৰমণ বৰাৰ । শ্বেৰমান আলী আৰু ৰেকিবুদ্দিন আহমেদকো বিতৰ্কৰ মাজলৈ তানিলে বৰাই ।

Sankardev
হোজাইৰ নামঘৰত সত্যৰঞ্জন বৰাৰ বিস্ফোৰণ

হোজাই,৬ অক্টোবৰ :ৰাজ্যজুৰি বুধবাৰে পালন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৪৭ সংখ্যক আবিৰ্ভাৱ তিথি (574th birth anniversary of Sankardev)। নামঘৰ, সত্ৰ সকলোতে ব্যাপক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । হোজাই জিলাৰ লংকাৰ নৱজাগৰণ কৃষ্টি সংঘৰ উদ্যোগতো সাৰ্বজনীন নামঘৰত ব্যাপক কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Sankardev birth anniversary organised at Lanka)।

নিমন্ত্ৰিত দলে নিশা নামঘৰত দিহানাম প্ৰদৰ্শন কৰে । উক্ত অনুষ্ঠানত শিৱসাগৰৰ পৰা আমন্ত্ৰিত দিহানামৰ গুৰু স্বীকৃতপ্ৰাপ্ত অমিয়া নেওগ আৰু সহযোগী শিল্পীসকলে দিহানামৰ শৰাই আগবঢ়ায় ।

ইফালে উক্ত অনুষ্ঠানতে উপস্থিত থাকে বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা । অনুষ্ঠানত উপস্থিত থাকি সত্যৰঞ্জন বৰাই পুনৰ বিস্ফোৰণ ঘটালে (Controversy of Satya Ranjan Borah)। এইবাৰ ইছলামিক সংগঠন, প্ৰতিষ্ঠান আৰু ইছলাম ধৰ্মগুৰুসকলৰ বিৰুদ্ধে মন্তব্য কৰিলে নেতাজনে ।

হোজাইৰ নামঘৰত সত্যৰঞ্জন বৰাৰ বিস্ফোৰণ

নিষিদ্ধ পিএফআই সংগঠন সন্দৰ্ভত প্ৰতিক্ৰিয়া দিবলৈ গৈ পুনৰ ইছলামিক চিন্তা-চৰ্চাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে মন্তব্য কৰিলে নেতাজনে । তেওঁৰ মতে মছজিদ, মাদ্ৰাছা আদিৰ দৰে ইছলামিক চিন্তা চৰ্চা কৰা সকলোকে আওতালৈ আনিব লাগে আৰু তদন্ত কৰিব লাগে । সত্যৰঞ্জনৰ মতে ইছলামৰ ধৰ্মগুৰুৱে ভাল কথা ক'লেও বিহ থকা যেন অনুভৱ হয় (Satya Ranjan Borah slams Islamic leader)।

পিএফআই সংগঠনক চৰকাৰে নিষিদ্ধ কৰা সন্দৰ্ভত তেওঁ কয় যে PFIক আগতেই নিষিদ্ধ কৰিব লাগিছিল (Satya Ranjan Borah slams PFI)। তেওঁ উল্লেখ কৰা মতে অসমৰ দুগৰাকীমান বিধায়কেও পূৰ্বে PFIৰ ৰাজহুৱা সভাত ভাষণ দিছে । তেওঁলোককো ধৰিবলৈ আহ্বান জনাই সত্যৰঞ্জন বৰাই । সেই বিধায়ক কেইজনৰ ভিতৰত শ্বেৰমান আলী আৰু ৰেকিবুদ্দিন আহমেদো আছে বুলি মুকলিকৈ কয় সত্যৰঞ্জন বৰাই ।

তেওঁ প্ৰশ্ন কৰি কয় যে অসমৰ বিধানসভাত বহি কেনেকৈ ভাৰত বিৰোধী কাম কৰিব পাৰে, তেওঁলোকক বিচাৰক আৰু গ্ৰেপ্তাৰ কৰক লগতে বিধায়ক পদ খাৰিজ কৰিব লাগে বুলিও তেওঁ দাবী কৰে । ইফালে PFIক নিষিদ্ধ কৰা ক্ষেত্ৰত সত্যৰঞ্জন বৰাই চৰকাৰক সমৰ্থন জনায় ।

লগতে পঢ়ক :গুৰু জয়ন্তী উপলক্ষে আমগুৰিত প্ৰদৰ্শিত হ’ল মহিলা ভাওনা

Last Updated :Oct 6, 2022, 3:48 PM IST

ABOUT THE AUTHOR

...view details