ETV Bharat / state

গুৰু জয়ন্তী উপলক্ষে আমগুৰিত প্ৰদৰ্শিত হ’ল মহিলা ভাওনা

author img

By

Published : Oct 6, 2022, 1:24 PM IST

Women bhawna display at Amguri
শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মোৎসৱ পালন

আমগুৰি দোপদৰত আয়োজন গুৰুজনাৰ ৫৭৪ তম গুৰু জয়ন্তী (574th birth anniversary of Sankardev) ৷ গুৰুজনাৰ জন্ম জয়ন্তী উপলক্ষে ১৯ খন গাঁৱৰ ৰাইজৰ সহযোগীতাত দোপদৰত মহিলাসকলৰ দ্বাৰা প্ৰদৰ্শিত হয় ‘কুৰুসন্ধ্যা’ ভাওনা ৷

আমগুৰি, ৬ অক্টোবৰ: বুধবাৰে হৰিনামেৰে মুখৰিত হ’ল সমগ্ৰ ৰাজ্য ৷ সত্ৰীয়া ৰীতি-নীতি তথা পৰম্পৰাৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মোৎসৱ পালন কৰে ৰাজ্যবাসীয়ে (Sankardev birth anniversary celebrated in Assam) ৷ সত্ৰীয়া তথা বৈষ্ণৱ পৰম্পৰা অনুসৰি, শিৱসাগৰৰ আমগুৰিতো উৎযাপন কৰা হয় গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মোৎসৱ (574th birth anniversary of Sankardev) ৷

গুৰুজনাৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি আমগুৰিত প্ৰদৰ্শন কৰা হয় মহিলাসকলৰ দ্বাৰা পৰিবেশিত এখনি ভাওনা (Women bhawna display at Amguri) ৷ আমগুৰিৰ দোপদৰত ১৯ খন গাঁৱৰ ৰাইজে একত্ৰিত হৈ উদযাপন কৰা গুৰুজনাৰ জন্মোৎসৱত মহিলাসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় এই ভাওনা ৷

শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মোৎসৱ পালন

ভাওনাখনত অংশগ্ৰহণ কৰিলে দোপদৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীৰ অভিভাৱক মাতৃসকলে ৷

উল্লেখ্য যে, পোন প্ৰথমবাৰৰ বাবে বৃহত্তৰ দোপদৰ অঞ্চলত অনুষ্ঠিত হয় মহিলা ভাওনা । সেয়েহে ভাওনা চাবলৈও বহু লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : বিজয়া দশমীৰ লগতে বুধবাৰে সমগ্ৰ ৰাজ্যতে শংকৰদেৱৰ জন্মজয়ন্তী উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.