হোজাই,২৫ জুন:ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও কমা নাই বানৰ বিভিষিকা(Flood in Assam-2022) । কিছু পৰিমাণে পানী কমিছে যদিও স্বগৃহলৈ উভতিব পৰা নাই বন্যাৰ্ত । একেই পৰিৱেশ দেখা গৈছে হোজাইত । হোজাইৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও জলমগ্ন(Vast area of Hojai still submerged) । বিগত এক মাহৰ ভিতৰত দুবাৰকৈ কপিলী নৈৰ বাঢ়নী পানীয়ে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে জিলাখনত ।
বৰ্তমান কপিলী নৈৰ জলপৃষ্ঠ কমিছে যদিও নৈখনৰ কাষৰীয়া বহু অঞ্চলকে ধৰি দ চৰ-চাপৰি অঞ্চল বৰ্তমানেও জলমগ্ন হৈ আছে । জলমগ্ন যোগীজান অঞ্চলৰ প্ৰায় ৬ ৰ পৰা ৭ খন গাঁৱৰ ৰাইজে আশ্ৰয় লৈ আছে হোজাইৰ যোগীজান ৰে'ল ষ্টেচনত । বৰ্তমানেও কপিলীপৰীয়া দ, চাপৰি অঞ্চলত এবুকু পানী থকাত আপোন ঘৰখনলৈ উভতিবলৈ সাহস কৰিব পৰা নাই উক্ত অঞ্চলৰ বানাক্ৰান্ত ৰাইজে (Flood victims have not been able to return homes) ।