ETV Bharat / state

চাকৰি নিয়মীয়া নকৰিলে আত্মহত্যাৰ পথ বাছি লোৱাৰ সিদ্ধান্ত এগৰাকী শিক্ষকৰ

author img

By

Published : Jun 25, 2022, 1:52 PM IST

শিক্ষা সঞ্চালক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ গাফিলতিৰ বাবে ওলমি আছে এগৰাকী শিক্ষকৰ চাকৰি । চাকৰি নিয়মীয়া নহ'লে আত্মহত্যাৰ পথ বাছি লোৱাৰ সিদ্ধান্ত ভুক্তভোগী শিক্ষক গৰাকীৰ(Teacher decides to commit suicide) । সংবাদমেলযোগে সদৰি কৰিলে ভয়ংকৰ তথ্য(Teachers Press Conference in Goalpara) ।

teacher threatens suicide if job not regularised
চাকৰি নিয়মীয়া নকৰিলে আত্মহত্যাৰ পথ বাছি লোৱাৰ সিদ্ধান্ত এগৰাকী শিক্ষকৰ

গোৱালপাৰা,২৫ জুন: শিক্ষা সঞ্চালক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ গাফিলতিৰ বাবে ওলমি আছে এগৰাকী শিক্ষকৰ চাকৰি । উচ্চ ন্যায়লয়ৰ ৰায়দানৰ পিচতো চাকৰি নিয়মীয়া নহ'ল শিক্ষকগৰাকীৰ । অৱশেষত আত্মহত্যাৰ পথ বাচি লোৱাৰ সিদ্ধান্ত দুৰ্ভগীয়া শিক্ষকগৰাকীৰ(Teacher decides to commit suicide) ।

গোৱালপাৰা জিলাৰ লক্ষীপুৰ ব্লকৰ শালবাৰী এম.ই মাদ্ৰাছাৰ শিক্ষক চানিদুল ইছলামে গোৱালপাৰা প্ৰেছ ক্লাৱত এক সংবাদমেলযোগে প্ৰকাশ কৰিলে তেঁওৰ সিদ্ধান্ত(Teachers Press Conference in Goalpara) । শিক্ষক চানিদুল ইছলামে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, শালবাৰী এম.ই মাদ্ৰাছাত ২০০৯ চনৰ পৰাই ভাষা শিক্ষক হিচাপে তেঁও সেৱা আগবঢ়াই আহিছে । কিন্তু ২০২১ চনত যেতিয়া শিক্ষকৰ চাকৰি নিয়মীয়াকৰন কৰা হ'ল তেতিযা শিক্ষক বাচনি তালিকাৰ পৰা বাদ পৰিল চানিদুল ইছলামৰ নাম ।

চাকৰি নিয়মীয়া নকৰিলে আত্মহত্যাৰ পথ বাছি লোৱাৰ সিদ্ধান্ত এগৰাকী শিক্ষকৰ

ইতিমধ্যে ভাষা শিক্ষক হিচাপে প্ৰধান শিক্ষকে তালিকাত চানিদুল ইছলামৰ নাম প্ৰেৰন কৰা বুলিও সংবাদ মাধ্যমক সদৰি কৰে । কিন্তু জিলা প্ৰাথমিক শিক্ষা বিষয়াই কি কাৰনত তেঁওৰ নামটো সঞ্চালকলৈ প্ৰেৰন নকৰিলে সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত । এই ক্ষেত্ৰত শিক্ষক গৰাকীয়ে উচ্চ ন্যায়লয়ৰ দ্বাৰস্থ হোৱাৰ পাছত ন্যায়ালয়ে শিক্ষক গৰাকীৰ সপক্ষে ৰায়দান দিয়ে ।

ইয়াৰ পিচতো শিক্ষক গৰাকীক সঞ্চালক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়াই বিভিন্ন অজুহাত দেখুৱাই হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে শিক্ষকগৰাকীয়ে । সেয়ে শিক্ষকগৰাকীয়ে এক সংবাদমেল সম্বোধন কৰি তেঁওৰ প্ৰাপ্য চাকৰিটো নিয়মীয়া কৰি দিবলৈ শিক্ষামন্ত্ৰীলৈ কাতৰ অনুৰোধ জনাই । অন্যথা আত্মহত্যাৰ পথ বাচি লব লাগিব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ভুক্তভোগী শিক্ষক ছানিদুল ইছলামে ।

লগতে পঢ়ক: অম্বুবাচীৰ বাবেহে আহিছে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়ক: যোগেন মহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.