ETV Bharat / state

অম্বুবাচীৰ বাবেহে আহিছে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়ক: যোগেন মহন

author img

By

Published : Jun 25, 2022, 1:02 PM IST

Updated : Jun 25, 2022, 5:13 PM IST

কমলপুৰত বান পৰিস্থিতি পৰিদৰ্শন কৰিলে মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan at Kamalpur)। বান সাহায্যও বিতৰণ কৰিলে মন্ত্ৰীগৰাকীয়ে । মহাৰাষ্ট্ৰৰ বিধায়কে গুৱাহাটীত বাহৰ পতাক লৈ বিশেষ মন্তব্য দিলে মন্ত্ৰীগৰাকীয়ে । বিৰোধী কংগ্ৰেছ দলকো সমালোচনা মন্ত্ৰীগৰাকীৰ ।

Jogen Mohan
মা কামাখ্যাৰ আশীষ ল'বলৈহে আহিছে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়ক

বাইহাট চাৰিআলি, ২৫ জুন : 'আন্দোলন কৰা আৰু সংবাদমেল পতাৰ বাহিৰে অন্য কাম নাই কংগ্ৰেছৰ । ৬০ বছৰ শাসন কৰা দলটো বিধ্বস্ত ৰূপ লৈছে ।' এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনৰ । কামৰূপ জিলাৰ কমলপুৰ সমষ্টিত বান পৰিস্থিতি পৰিদৰ্শন কৰি কংগ্ৰেছ দলৰ বিৰুদ্ধে এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (Minister Jogen Mohan criticizes Congress)।

উল্লেখ্য যে কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ কেইবাটাও অঞ্চল বানৰ কৱলত পৰিছে । বানপীড়িত অঞ্চলটো শনিবাৰে পৰিদৰ্শন কৰে মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan inspects flood situation in Kamalpur)। মন্ত্ৰীগৰাকীক সংগ দিয়ে স্থানীয় বিধায়ক দিগন্ত কলিতাই । কমলপুৰ সমষ্টিৰ মনিয়ৰিত বান বিধ্বস্ত ৰাইজৰ সৈতে মত বিনিময় কৰি ৰাজহ মন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্যত পৰ্যাপ্ত পৰিমাণৰ বান সাহায্য মজুত আছে ।

অম্বুবাচীৰ বাবেহে আহিছে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়ক: যোগেন মহন

প্ৰতিগৰাকী বানাক্ৰান্তই চৰকাৰৰ সাহায্য লাভ কৰিব বুলিও তেওঁ আশ্বাস দিয়ে । ইফালে বান সাহায্য প্ৰদানৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ বিসংগতি নহয় সেই দিশত চৰকাৰে চোকা দৃষ্টি ৰাখিছে বুলি তেওঁ দাবী কৰে । ইফালে বিৰোধীক লক্ষ্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে শাসনাধিষ্ঠ চৰকাৰে বানাক্ৰান্তক সাহায্য প্ৰদান কৰি থকা বিৰোধীয়ে কেৱল সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাইছে । তেওঁৰ মতে বিৰোধী কংগ্ৰেছ বৰ্তমান বিধ্বস্ত হৈ গৈছে ।

মহাৰাষ্ট্ৰ বিসম্বাদী বিধায়কে গুৱাহাটীত বাহৰ পাতি থকা বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পৰ্যটকৰ ৰূপত আহিছে অন্য ৰাজ্যৰ বিধায়কসকল । 'অম্বুবাচীৰ বাবেহে আহিছে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়ক'- যোগেন মহন (Jogen Mohan on Maharashtra political crisis)। অন্য ৰাজ্যৰ বিধায়ক অসমলৈ অহা বেয়া নেকি বুলি প্ৰশ্ন তুলি মন্ত্ৰী যোগেন মহনে কয় যে এয়া কোনো চৰকাৰ ভঙা পতাৰ খেল নহয় ।

ইফালে বানৰ কৱলত পৰা সমষ্টিবাসীৰ সৈতে দিনে-নিশাই সমভাগী হৈ থকা বুলি দাবী কৰে বিধায়ক দিগন্ত কলিতাই । সমষ্টিবাসীক সাহায্যৰ ক্ষেত্ৰত অলপো কৃপণালি কৰা নহয় বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে । আনহাতে বানপীড়িত অঞ্চল পৰিদৰ্শনৰ সময়তে লণ্ডনস্থিত এটা স্বেচ্ছাসেৱী সংস্থাই বানাক্ৰান্তৰ বাবে অনা সাহায্য সামগ্ৰীও বিতৰণ কৰে মন্ত্ৰী যোগেন মহনে (Jogen Mohan distributes flood relief)। অঞ্চলটোৰ প্ৰায় ৫ শতাধিক পৰিয়ালক সংস্থাটোৱে সাহায্য সামগ্ৰী বিতৰণ কৰে ।

লগতে পঢ়ক :এদিনৰ দৰমহাৰে বানাক্ৰান্তলৈ সাহাৰ্য শিক্ষক সমাজৰ

Last Updated : Jun 25, 2022, 5:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.