অসম

assam

দ্বিতীয় দিনাও লামডিং বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান

By

Published : Nov 9, 2021, 11:37 AM IST

Updated : Nov 9, 2021, 12:39 PM IST

সোমবাৰে শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছিল লামডিং বনাঞ্চলৰ উচ্ছেদ অভিযান । মঙলবাৰেও পুৱাৰে পৰা চলিছে প্ৰশাসনৰ উচ্ছেদ ৷ উচ্ছেদ অভিযানৰ দ্বিতীয় দিনা বেদখলমুক্ত কৰা হ'ব ২০০ হেক্টৰ ভূমি ।

eviction
দ্বিতীয় দিনাও লামডিং বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান

হোজাই, ৯ নৱেম্বৰ :হোজাই জিলাৰ লংকাৰ নখুঁটিৰ সমীপৰ লামডিং বনাঞ্চলত সোমবাৰৰ পৰা প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে । মঙলবাৰেও পুৱাৰে পৰা প্ৰশাসনে আৰম্ভ কৰা উচ্ছেদ অভিযানত আৰক্ষী বাহিনী, অৰ্ধ সামৰিক বাহিনীৰ ৪ টাকৈ কোম্পানী, বুলড’জাৰ, ট্ৰেক্টৰ, হাতী আদি ব্যৱহাৰ কৰা দেখা গৈছে ।

সোমবাৰে পুৱাৰ পৰা কমাৰপানী, পাগলাবস্তি আদি অঞ্চলত চলা উচ্ছেদ অভিযান শান্তিপূর্ণভাৱেই সমাপ্তি ঘটিছিল । প্রশাসনে শতাধিক ঘৰ উচ্ছেদ কৰে যদিও বহুলোকে জাননী লাভ কৰাৰ পিছতে উক্ত স্থান ত্যাগ কৰি বনাঞ্চলৰ পাৰ্শ্ববর্তী জানজুৰ অঞ্চলত অস্থায়ী শিবিৰ স্থাপন কৰি থকাৰ ব্যৱস্থা কৰে ।

দ্বিতীয় দিনাও লামডিং বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান

প্রশাসনে প্রথমে ড্রোণৰ সহায়ত বনাঞ্চলখনৰ মাজত থকা বেদখলকাৰীসকলৰ ঘৰসমূহ চিনাক্ত কৰি উচ্ছেদ অভিযান চলায় । উল্লেখ্য যে, কমাৰপানী অঞ্চলত ইছলাম ধর্মাৱলম্বী ২০০ টা পৰিয়াল, পাগলাবস্তিত গাৰো জনগোষ্ঠীৰ ৫০ টা পৰিয়াল, হাবিতি গাৰো আৰু চাকমা জনগোষ্ঠীৰ ৬০ টা পৰিয়াল, ভেটনলাত ইছলাম ধর্মৰ ১৭০ টা পৰিয়াল, লাংচি পাই গাৰোবস্তিত গাৰো জনগোষ্ঠীৰ ৩৫ টা পৰিয়াল আছে । এই লোকসকলৰ বহুসংখ্যকে জাননী লাভ কৰাৰ পিছতে সেই অঞ্চল ত্যাগ কৰিছে ।

মঙলবাৰৰ দিনটোত বেটনলা অঞ্চলত কোনো নথকা ঘৰসমূহত উচ্ছেদ চলাই থকা হৈছে । হোজাই জিলাৰ উপায়ুক্তই জনোৱা মতে, প্রায় ২০০ টা পৰিয়ালক এই উচ্ছেদ অভিযানে সামৰি ল'ব । প্রথম পর্যায়ৰ উচ্ছেদ অভিযানত প্রায় ৩০০ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হৈছে ৷

মঙলবাৰে পুনৰ ২০০ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হ'ব । ছিপাঝাৰৰ গৰুখুঁটিৰ (Garukhuti) উচ্ছেদৰ পাছতে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী লামডিং বনাঞ্চলত উচ্ছেদকাৰ্য আৰম্ভ কৰিছে প্ৰশাসনে ।

লগতে পঢ়ক :বিকশিত অসম ! ধুবুৰীৰ জুইশলা কাৰখানা পুনৰুজ্জীৱিতকৰণৰ দাবী

Last Updated :Nov 9, 2021, 12:39 PM IST

ABOUT THE AUTHOR

...view details