ETV Bharat / state

বিকশিত অসম ! ধুবুৰীৰ জুইশলা কাৰখানা পুনৰুজ্জীৱিতকৰণৰ দাবী

author img

By

Published : Nov 9, 2021, 7:46 AM IST

মৃত্যুৰ দিশে গতি কৰিছে অসমৰ ঐতিহ্য বহনকাৰী ধুবুৰীস্থিত জুইশলা কাৰখানা(Fire Dealer Factory)টো ৷ ব্ৰিটিছৰ শাসনকালতে নিৰ্মাণ কৰা জুইশলা কাৰখানাটো পুনৰুজ্জীৱিত কৰাৰ দাবীৰে চৰকাৰলৈ একাধিক স্মাৰক পত্ৰ প্ৰেৰণ সচেতন মহলৰ ৷

demand-for-revival-of-the-deserted-wimco-fire-dealer-factory
উইমকো জুইশলা কাৰখানা পুনৰুজ্জীৱিতকৰণৰ দাবী

ধুবুৰী, 9 নৱেম্বৰ : ধুবুৰীত সোমবাৰে ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকাক সাক্ষাৎ কৰে সচেতন ৰাইজে । ধুবুৰীৰ ঐতিহাসিক জুইশলা কাৰখানা(Fire Dealer Factory)টো পুনৰুজ্জীৱিত কৰাৰ দাবীত চৰকাৰলৈ একাধিক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৰাইজ ।

সুদীৰ্ঘ বছৰে বন্ধ হৈ থকা ধুবুৰী জিলাৰ একমাত্ৰ জুইশলা কাৰখানা পুনৰ মুকলি কৰাৰ বাবে বিগত সময়ত বিভিন্ন দল-সংগঠন তথা সচেতন ৰাইজৰ ফালৰ পৰা দাবী উত্থাপন কৰা হৈছিল । অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ উপৰিও বিভিন্ন বিভাগৰ নেতা-মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি একমাত্ৰ জুইশলা কাৰখানা পুনৰ মুকলি কৰাৰ বাবে দাবী উত্থাপন কৰি অহা পৰিলক্ষিত হৈছে ।

demand-for-revival-of-the-deserted-wimco-fire-dealer-factory
উইমকো জুইশলা কাৰখানা পুনৰুজ্জীৱিতকৰণৰ দাবী

তেনে সময়তে পুনৰ এবাৰ স্থানীয় বিশিষ্ট সমাজ সেৱক দীপাংকৰ মজুমদাৰৰ নেতৃত্বত জ্যেষ্ঠ সাংবাদিক বিজয় শৰ্মাকে ধৰি একাংশ সচেতন লোকে ধুবুৰীৰ আৱৰ্ত ভৱনত উপস্থিত হোৱা ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকাক সাক্ষাৎ কৰে ৷ লগতে নতুনকৈ আন এখন স্মাৰক পত্ৰ প্ৰদান কৰি জুইশলা কাৰখানাটো পুনৰ মুকলি কৰাৰ দাবী উত্থাপন কৰে ।

আনকি জুইশলা কাৰখানা পুনৰুজ্জীৱিত কৰাৰ সম্ভৱ নহ’লেও আই টি চি কোম্পানীৰ সৈতে চৰকাৰে আলোচনা কৰি যিকোনো উদ্যোগ স্থাপনৰ বাবেও দাবী উত্থাপন কৰা পৰিলক্ষিত হয় । উল্লেখ্য যে, ধুবুৰীৰ এ এম কো ৰোডত অৱস্থিত উইমকো জুইশলা কাৰখানা(WIMCO) ঐতিহ্য বহন কৰা এটা জুইশলা কাৰখানা ৷

এসময়ত ধুবুৰীক বিশ্বৰ বুকুত পৰিচয় কৰাই দিছিল উইমকো নামৰ এই জুইশলা কাৰখানাটোৱে । তথ্য অনুসৰি, 1925 চনত ধুবুৰী চহৰৰ এ এম কো ৰোডত 132 বিঘা মাটিত স্থাপিত হৈছিল এই জুইশলা কাৰখানাটো৷ আছাম মেছ কোম্পানী AMC নামৰ প্ৰখ্যাত চুইডিছ কোম্পানী এটাই ধুবুৰীৰ উপৰিও মুম্বাই, চেন্নাই, বৰেলী আৰু কলকাতাতো স্থাপন কৰিছিল ইয়াৰ অনুৰূপ 4 টাকৈ জুইশলা কাৰখানা ৷

demand-for-revival-of-the-deserted-wimco-fire-dealer-factory
উইমকো জুইশলা কাৰখানা পুনৰুজ্জীৱিতকৰণৰ দাবী

আনকি চৰ্চিত এয়াও আছিল যে, কোম্পানীটোৰ এই পাঁচটা কাৰখানাৰ ধুবুৰীৰ জুইশলা কাৰখানাটো আটাইতকৈ লাভদায়ক আছিল৷ 1989 চনত জাথানী গ্ৰুপ অৱ ইণ্ডাষ্ট্ৰীজ নামৰ আন এটা কোম্পানীয়ে ধুবুৰীসহ বাকী চাৰিটা জুইশলা কাৰখানা চুইডিছ কোম্পানীটোৰ পৰা ক্ৰয় কৰি Western India Match Company চমুকৈ ‘WIMCO’ নামেৰে নতুনকৈ নামাকৰণ কৰিছিল ৷ প্ৰায় তিনি হাজাৰ কৰ্মচাৰীয়ে চাকৰি কৰিছিল উক্ত জুইশলা কাৰখানাত ।

সম্প্ৰতি জুইশলা কাৰখানাটো বন্ধ হৈ পৰাৰ ফলত বহু কষ্টেৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে কাৰাখানাটোৰ কৰ্মচাৰীসকলে । সেই সময়ত ধুবুৰী জুইশলা কাৰখানাটোৰ কৰ্মৰত থকা একাংশৰ দাবী অনুসৰি, ধুবুৰীৰ কাৰখানাটোৰ লাভেৰেই কোম্পানীটোৰ মুম্বাই, চেন্নাই, বৰেলী আৰু কলকাতাৰ জুইশলা কাৰখানাৰ ঘাটি পূৰণ কৰা হৈছিল ৷

কেইবাবছৰ ধৰি স্ব-গৰিমাৰে চলাৰ পাচত 1988 চনৰ পৰা আৰম্ভ হৈছিল ধুবুৰীৰ জুইশলা কাৰখানাটোৰ অধঃগামী যাত্ৰা ৷ তাৰ পাচতেই কোম্পানীয়ে বিভিন্ন অজুহাত দেখুৱাই কৰ্মচাৰীৰ চাটাই অভিযান আৰম্ভ কৰিছিল । তেতিয়াৰ পৰাই লাহে লাহে মৃত্যুমুখী যাত্ৰা আৰম্ভ কৰিলে ধুবুৰীৰ সেই বিখ্যাত জুইশলা কাৰখানাটোৱে ৷

ইফালে 1993 চনত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গছ কটাৰ ওপৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছিল ৷ ফলত স্বাভাৱিকভাৱেই তাৰ প্ৰভাৱ পৰিছিল দেশৰ বিভিন্ন জুইশলা কাৰখানাৰ লগতে ধুবুৰীৰ কাৰখানাটোৰ ওপৰতো ৷ যাৰ ফলস্বৰূপে জুইশলা নিৰ্মাণৰ বাবে প্ৰয়োজনীয় কাঠৰ চাহিদাৰ অভাৱৰ বাবেই 1997 চনত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল জুইশলা কাৰখানাটোৰ কাম ৷

কাৰখানা চলি থকাৰ সময়ত প্ৰতিদিনে নিশা 10 বজা আৰু পুৱা 6 বজাত কৰ্মীৰ কৰ্তব্য সলনি হোৱাৰ সময়ত কাৰখানা কৰ্তৃপক্ষই বজোৱা ‘চাইৰেণ’ৰ ধ্বনিৰ সৈতে অতি পৰিচিত আছিল ধুবুৰীবাসী ৷ অৱশ্যে বিগত প্ৰায় 25 বছৰৰ অধিক সময়ৰ পৰা আজি পৰ্যন্ত শুনা পোৱা নাই সেই বিশেষ চাইৰেণৰ ধ্বনি ৷ 1997 চনৰ পৰাই বন্ধ হৈ আছে ধুবুৰীলৈ খ্যাতি বুটলি অনা জুইশলা কাৰখানাটো । ইফালে কিছুদিন পূৰ্বে এই জুইশলা কাৰখানাটো ITC নামৰ এটা কোম্পানীয়ে ক্ৰয় কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : আজিও মেৰামতি নহ’ল ব্ৰিটিছৰ দিনতে সজা চাহ শ্ৰমিকৰ বাসগৃহবোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.