ETV Bharat / state

আজিও মেৰামতি নহ’ল ব্ৰিটিছৰ দিনতে সজা চাহ শ্ৰমিকৰ বাসগৃহবোৰ

author img

By

Published : Nov 8, 2021, 10:41 PM IST

Updated : Nov 9, 2021, 9:24 AM IST

ব্ৰিটিছৰ দিনতে চাহ বাগিচাত নিৰ্মাণ কৰা হৈছিল ৭০ শতাংশ শ্ৰমিকৰ বাস গৃহ । ৰাজ্যৰ ৮ শতাধিক বাগিচাত আছে ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা আৰু বৰ্তমান উঁৱলি জৰাজীৰ্ণ ৰূপ লোৱা হাজাৰ হাজাৰ শ্ৰমিকৰ বাস গৃহ । স্বৰাজোত্তৰ কালত এবাৰলৈও মেৰামতি নহ’ল এই বাসগৃহ সমূহ ৷ যাৰ বাবে জৰাজীৰ্ণ, উৱঁলি যোৱা তথা বিপদজনক বাসগৃহত মৰণত শৰণ দি বাগিচা সমূহত বাস কৰিব লগীয়া হৈছে হাজাৰ হাজাৰ শ্ৰমিকৰ পৰিয়াল ।

Assam Tea Garden
আজিও মেৰামতি নহ’ল ব্ৰিটিছৰ দিনতে সজা চাহ শ্ৰমিকৰ বাসগৃহবোৰ

লখিমপুৰ, 8 নৱেম্বৰ : সেউজী চাহ গছে সোণত শুৱগা চৰাই বিনন্দীয়া অসমীৰ বুকু ৷ সেউজ সমাহাৰেৰে ভৰপূৰ অসমৰ চাহ বাগিচাৰ আছে এক অনন্য ইতিহাস ৷ তাহানিতে ইংৰাজে অসমত চাহ বাগিচা স্থাপন কৰি ঝাৰখণ্ড,ওড়িশা, দাক্ষিণাত্য মালভূমি আদিৰ পৰা আনিছিল চাহ-বনুৱা ৷ বুধুৱা-চামেলি বুলিলে অসমৰ প্ৰতিগৰাকী মানুহৰেই মানস পটত ভাঁহি উঠে চাহ বাগিছাৰ এখন ছবি ৷

বুধুৱা-চামেলিহঁতৰ আপদালত হালি জালি নাচে এটি কলি দুটি পাতে ৷ পুৱাতেই হাতত দা-কোৰ লৈ পুৰুষ চাহ শ্ৰমিকসকল বাগিচালৈ যায় কলম দিবলৈ, বাগিচা অতাবলৈ ৷ একেদৰে টুকুৰীটো পিঠিত বান্ধি মহিলাসকলো ওলাই যায় সেউজীয়া কেঁচা পাত তুলিবলৈ ৷

আজিও মেৰামতি নহ’ল ব্ৰিটিছৰ দিনতে সজা চাহ শ্ৰমিকৰ বাসগৃহবোৰ

দিনৰ দিনটো ৰ’দ বৰষুণ নেওচি হাঁড় ভগা শ্ৰম কৰি সন্ধিয়া লাইনলৈ উভতি আহে তেওঁলোক ৷ সপ্তাহৰ শেষত কামৰ বিনিময়ত পাই বেতন কেইটা ৷ কিন্তু এই শ্ৰমিক সকলৰ সেউজীয়া মনটোৰ আঁৰত আছে বহু কষ্ট আৰু দুখভৰা অকথিত কাহিনী ৷ কঠোৰ শ্ৰম কৰি চাহ উৎপাদন কৰা শ্ৰমিক সকলৰ জীৱন ধাৰণ প্ৰণালী বৰ দুখ লগা ৷

আন সা সুবিধাৰ কথা বাদেই তেওঁলোকৰ বাসগৃহৰ অৱস্থা অতি দুখলগা । ব্ৰিটিছৰ দিনতে চাহ বাগিচাত নিৰ্মাণ কৰা হৈছিল ৭০ শতাংশ শ্ৰমিকৰ বাস গৃহ । ৰাজ্যৰ ৮ শতাধিক বাগিচাত আছে ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা আৰু বৰ্তমান উঁৱলি জৰাজীৰ্ণ ৰূপ লোৱা হাজাৰ হাজাৰ শ্ৰমিকৰ বাস গৃহ ।

স্বৰাজোত্তৰ কালত এবাৰলৈও মেৰামতি নহ’ল এই বাসগৃহ সমূহ ৷ যাৰ বাবে জৰাজীৰ্ণ, উৱঁলি যোৱা তথা বিপদজনক বাসগৃহত মৰণত শৰণ দি বাগিচা সমূহত বাস কৰিব লগীয়া হৈছে হাজাৰ হাজাৰ শ্ৰমিকৰ পৰিয়াল । বাসগৃহ ভাগি পৰি মৃত্যুৰ ঘটনাৰ পূৰ্ণ সম্ভাৱনা আছে যদিও চৰকাৰ নাইবা বাগিচা কৰ্তৃপক্ষ নীৰৱ । ২৫ শ টকীয়া চৰকাৰী অনুদান দিয়াতকৈ বাসগৃহ নিৰ্মাণ, শিক্ষা, স্বাস্থ্যৰ সু-ব্যৱস্থা কৰাৰ দাবী আদিবাসী ছাত্ৰ সন্থাৰ ।

ব্ৰিটিছ আমোলৰ পৰা স্বৰাজোত্তৰ কাললৈকে চাহ বাগিচাৰ শ্ৰমিকৰ বাস গৃহ মেৰামতি নোহোৱা আশ্চর্যকৰ ঘটনাত ক্ষোভ প্ৰকাশ কৰিছে আদিবাসী ছাত্ৰ সন্থা, আছাই । শ্ৰমিকৰ বাসগৃহ সমূহ মেৰামতি অথবা পুনৰ নিৰ্মাণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে আছাৰ নেতৃত্বই । মাত্ৰ কেইটামান বেতন, অলপ ৰেচন লৈয়ে হাঁড় ভঙা শ্ৰম কৰা এই শ্ৰমিকসকলৰ দুখবোৰ বুজিবনে মালিক পক্ষই ৷ নে এই দৰেই কামীন কুলি হৈ দিন অতিবাহিত কৰিব লাগিব তেওঁলোকে ৷ উত্তৰ মাথোঁ সময়ৰ হাতত ৷

লগতে পঢ়ক : ভাস্কৰ্যৰ জৰিয়তে অসমৰ ঐতিহ্য সংৰক্ষণৰ চেষ্টা শিল্পী অজিত বৰাৰ

Last Updated : Nov 9, 2021, 9:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.