অসম

assam

Haflong Civil Hospital : হাফলং অসামৰিক চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰ বিস্ফোৰণ সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষৰ স্পষ্টীকৰণ

By

Published : Jun 28, 2023, 7:34 AM IST

Updated : Jun 28, 2023, 8:35 AM IST

হাফলং অসামৰিক চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰ বিস্ফোৰণ সন্দৰ্ভত ওলোৱা বাতৰি অস্বীকাৰ চিকিৎসালয় কৰ্তৃপক্ষৰ । হাফলং অসামৰিক চিকিৎসালয়ৰ প্ৰশাসনিক অধিকৰ্তা নয়ন গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে এই কথা ।

Oxygen cylinder blast at Haflong Civil Hospital
হাফলং অসামৰিক চিকিৎসালয়ত চিলিণ্ডাৰ বিস্ফোৰণ

হাফলং অসামৰিক চিকিৎসালয়ৰ প্ৰশাসনিক অধিকৰ্তা নয়ন গোস্বামীৰ স্পষ্টীকৰণ

হাফলং, 28 জুন : মঙলবাৰে হাফলঙৰ স্থানীয় দুই এক পৰ্টেলত হাফলং অসামৰিক চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ বাতৰি প্ৰকাশ হোৱাৰ পিচতে সাধাৰণ নাগৰিকৰ মাজতে আতংকৰ সৃষ্টি হয় । ইয়াৰ পিচতেই হাফলং অসামৰিক চিকিৎসালয়ৰ প্ৰশাসনিক বিষয়া নয়ন গোস্বামীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত হাফলং অসামৰিক চিকিৎসালয়ত কোনো ধৰণৰ অক্সিজেন চিলিণ্ডাৰ বিস্ফোৰণ হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে । লগতে ৰাইজক আতংকিত নহ’বৰ বাবেও আহ্বান জনায় ।

ইয়াৰ লগতে হাফলং অসামৰিক চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত তিনিগৰাকী স্বাস্থ্যকৰ্মী আহত হৈছে বুলি যি বাতৰি প্ৰকাশ পাইছে সেই সন্দৰ্ভতো হাফলং অসামৰিক চিকিৎসালয়ৰ প্ৰশাসনিক অধিকৰ্তা নয়ন গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত কয়, 'দিল্লীৰ পৰা অহা তিনিজনীয়া এটা মূল্যায়নকাৰী দলে হাফলং অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ সোমবাৰৰে পৰা বিভিন্ন কামৰ তদাৰক চলাইছে । মঙলবাৰে এই তিনিজনীয়া দলটোৱে হাফলং অসামৰিক চিকিৎসালয়ৰ লেবাৰ ৰুম আৰু গাইন’ক’ল’জি বিভাগত তদাৰক কৰাৰ সময়ত অক্সিজেন চিলিণ্ডাৰৰ ওপৰতে থকা প্লাষ্টিকৰ ফ্ল’ মিটাৰ ভাঙি যোৱাৰ ফলত তিনিগৰাকী স্বাস্থ্যকৰ্মী কিছু আঘাতপ্ৰাপ্ত হৈছে ।'

এগৰাকী মহিলা স্বাস্থ্যকৰ্মী এই চিলিণ্ডাৰৰ ওচৰতে থকাৰ বাবে তেওঁ চকুত আঘাত পাইছে আৰু বাকী দুগৰাকী স্বাস্থ্যকৰ্মী অলপ আঘাতপ্ৰাপ্ত হৈছে যদিও সেয়া ইমান গুৰুতৰ নহয় বুলি জানিবলৈ দিয়ে হাফলং অসামৰিক চিকিৎসালয়ৰ প্ৰশাসনিক অধিকর্তাগৰাকীয়ে ৷ এই সন্দৰ্ভত অধিক তথ্য জানিবলৈ দি নয়ন গোস্বামীয়ে কয় যে বহু দিন ধৰি অক্সিজেন চিলিণ্ডাৰ খোলা নহ’লে অক্সিজেন চিলিণ্ডাৰৰ ওপৰত থকা প্লাষ্টিকৰ ফ্ল’ মিটাৰ ভাঙি যোৱাটো সাধাৰণ কথা ।

লগতে পঢ়ক :Constituency Delimitation 2023 : জনজাতিৰ লোকৰ বাবে মৰিগাঁও সমষ্টিটো সংৰক্ষণৰ দাবীত তীব্ৰ প্ৰতিবাদ

Last Updated :Jun 28, 2023, 8:35 AM IST

ABOUT THE AUTHOR

...view details