ETV Bharat / state

Constituency Delimitation 2023 : জনজাতিৰ লোকৰ বাবে মৰিগাঁও সমষ্টিটো সংৰক্ষণৰ দাবীত তীব্ৰ প্ৰতিবাদ

author img

By

Published : Jun 27, 2023, 10:44 PM IST

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মৰিগাঁও জিলাতো সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে ৷ তিৱা জাতিৰ বিজেপি নেতাসকলক দলৰ পৰিৱৰ্তে জাতিটোক প্ৰথমে প্ৰাধান্য দি দল ত্যাগ কৰিবলৈ আহ্বান সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি চেনীৰাম মালাঙৰ ৷

Tiwa protest over Constituency Delimitation 2023 in Morigaon
জনজাতিৰ লোকৰ বাবে মৰিগাঁও সমষ্টিটো সংৰক্ষণৰ দাবীত তীব্ৰ প্ৰতিবাদ

জনজাতিৰ লোকৰ বাবে মৰিগাঁও সমষ্টিটো সংৰক্ষণৰ দাবীত তীব্ৰ প্ৰতিবাদ

মৰিগাঁও, 27 জুন : ৰাজ্যজুৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পিচতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মৰিগাঁও জিলাতো মৰিগাঁও সমষ্টি জনজাতিকৰণৰ দাবীত সদৌ তিৱা ছাত্ৰ সন্থাৰ দুয়ো গোটৰ উদ্যোগত মঙলবাৰে দহ তিৱা সংগঠনে চৰকাৰক সকিয়নী প্ৰদান কৰে ৷

মঙলবাৰে পুনৰ মৰিগাঁও আৱৰ্ত ভৱনৰ সন্মুখৰ সদৌ তিৱা ছাত্ৰ সন্থাৰ দুয়োটা গোটৰ উদ্যোগত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে নিৰ্বাচনী আয়োগ গ'বেক , অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায়, ন’ জাষ্টিছ ন’ ৰেষ্ট, ন’ ST ন’ ৰেষ্ট , জনজাতি বিৰোধী শক্তি হুচিয়াৰ শীৰ্ষক শ্লোগানেৰে উত্তপ্ত কৰি তোলে মৰিগাঁও উপায়ুক্ত কাৰ্যলয়ৰ চৌহদ।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ক্ৰমে সমষ্টি সংৰক্ষণ দাবী সমিতি সম্পাদক ৰিমল আমচি, সদৌ তিৱা ছাত্ৰ সন্থাৰ চেনীৰাম মালাঙৰ গোটৰ সভাপতি চেনীৰাম মালাং, প্ৰশান্ত মছৰঙৰ গোটৰ প্ৰশান্ত মছৰং, সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰহ্লাদ মছৰং, কন্দৰ্প হুকাই ৷ লগতে অংশগ্ৰহণ কৰে তিৱা যুৱ পৰিষদৰ সম্পাদক বাবুল বৰদলৈ, তিৱা সুৰক্ষা সমিতি, তিৱা মহিলা সন্থা ,তিৱা সাংস্কৃতিক সমাজ, সমষ্টি সুৰক্ষা সমিতি, ঐতিহ্যমণ্ডিত তিৱা ৰাজদৰবাৰ, তিৱা যুৱ ছাত্ৰ পৰিষদ দুয়োটা গোটকে ধৰি সকলো তিৱা জাতীয় সংগঠনৰ নেতৃত্বই ৷

আজিৰ এই কাৰ্য্যসূচীৰ জৰিয়তে সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি চেনীৰাম মালাঙে তিৱা জাতিৰ বিজেপি নেতাসকলক দলৰ পৰিৱৰ্তে জাতিটোক প্ৰথমে প্ৰাধান্য দি দল ত্যাগ কৰিবলৈ আহ্বান জনাই। অনাগত দিনত এই দাবী পূৰণ নহ'লে মধ্য অসম বন্ধৰ দৰে কাৰ্য্যসূচীও গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি উল্লেখ কৰে।

লগতে পঢ়ক: Bhupen Bora slams Assam CM : হিমন্ত বিশ্ব শৰ্মাৰ বাবেই এদিন ধংস হ’ব বিজেপি- ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.