অসম

assam

লামডিং-বদৰপুৰ সংযোগী ৰে'লপথৰ 61 টা স্থানত ভূমিস্খলন

By

Published : May 20, 2022, 9:31 PM IST

লামডিং-বদৰপুৰ সংযোগী ৰে'লপথৰ 61 টা স্থানত ভূমিস্খলন সংঘটিত হোৱাৰ ফলত সম্প্ৰতি পাহাৰ লাইনত অনিদিষ্টকালৰ বাবে ৰে'লসেৱা বন্ধ হৈ পৰিছে (Rail services stopped for indefinite period due to landslide)। শেহতীয়া বান আৰু ভূমিস্খলনৰ ভয়াৱহ পৰিস্থিতিৰ বাবে আংশিকভাৱে ইতিমধ্যে ১১খন ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে (11 trains cancelled) । কেতিয়া এই ৰে'লপথ সুচল হৈ উঠিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।

landslides-at-various-places-on-lumding-badarpur-broad-gauge-rail-line
লামডিং-বদৰপুৰ ব্ৰডগজ ৰে'লপথৰ 61 খন ঠাইত ভূমিস্খলন

ডিমা হাছাও 20 মে' :লামডিং-বদৰপুৰ ব্ৰডগজ ৰে'লপথচোৱাৰ (Lumding-Badarpur BG track) লগতে অতিকৈ সুন্দৰ আৰু প্ৰাকৃতিক সৌন্দর্যয়ে ভৰপূৰ নিউ হাফলং ষ্টেচন এতিয়া ভূমিস্খলন আৰু বানৰ কৱলত পৰি ধ্বংসস্তুপত পৰিণত হৈ পৰিছে (Landslides at various places on Lumding-Badarpur)। সম্প্ৰতি ৰে'ল ষ্টেচনটো সম্পূৰ্ণৰূপে মাটিৰ তলত পোত খাই পৰিছে ৷

আনহাতে, লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথচোৱাৰ মাজৰ 24 টাকৈ স্থান সম্প্ৰতি অতি বিপদজনক অৱস্থাত আছে । ইতিমধ্যে ভূমিস্খলনৰ ফলত ৰে'লৰ চিৰিৰ তলৰ বহু অংশ খহি পৰিছে ৷ লগতে ৰে'ল লাইনৰ মাটি খহি পৰাৰ লগতে মাটিৰ তলত পোত যোৱাৰ ফলত বহুকেইখন ৰে'ল ক্ষতিগ্ৰস্ত হৈছে ৷ সম্প্ৰতি ৰে'লপথৰ কিমান ক্ষতি হৈছে সেয়া এতিয়াও নিৰূপণ কৰিব পৰা নাই উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই ।

লামডিং-বদৰপুৰ ব্ৰডগজ ৰে'লপথৰ 61 খন ঠাইত ভূমিস্খলন

এই পৰ্যন্ত পাহাৰ লাইনৰ মুঠ 14 টা স্থানৰ ৰে'ল লাইন সুচল কৰি তোলা হৈছে বুলি জানিব পৰা গৈছে ৷ উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষৰ দ্বাৰা বিভিন্ন ঠিকাদাৰ সংস্থাক ইতিমধ্যে এই ৰে'ল লাইন সমূহ মেৰামতিৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷ বৰ্তমান লামডিঙৰ-পৰা মাইবঙলৈকে ৰে'লপথচোৱা সুচল কৰি তোলাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম অব্যাহত ৰখা হৈছে । কিন্তু নিউ হাফলঙৰ পৰা বদৰপুৰৰ মাজৰ অংশচোৱা 50 দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে বুলি জানিবলৈ দিলে উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই ।

লগতে পঢ়ক :অৰুণাচলৰ নেচিফুত ভূমিস্খলন; আহত দুই সাংবাদিক

ABOUT THE AUTHOR

...view details