অসম

assam

ULFA cadre surrendered : তিনিচুকীয়াত আলফা সদস্যৰ আত্মসমৰ্পণ; আন এজন যুৱকৰ আলফাত যোগদানৰ সন্দেহ

By

Published : Apr 8, 2023, 8:34 AM IST

তিনিচুকীয়াত আলফা(স্বাঃ)ৰ কেডাৰৰ আত্মসমৰ্পণ; আন এজন যুৱক আলফা(স্বাঃ)ত যোগদান কৰাৰ সন্দেহ (Mysterious missing case in Tinsukia) ৷ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য

Etv Bharat
Etv Bharat

কাকপথাৰৰ এজন যুৱক যুৱক সন্ধানহীন

তিনিচুকীয়া, 8 এপ্ৰিল: সংযুক্ত মুক্তি বাহিনী অসম, স্বাধীনৰ 44 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনটোতে তিনিচুকীয়াত আত্মসমৰ্পণ এজন আলফা (স্বাঃ)ৰ কেডাৰৰ ৷ তিনিচুকীয়া আৰক্ষী আৰু অসম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰে সদস্যজনে ৷ আত্মসমৰ্পণকাৰী আলফা সদস্যজন মিন্টু মৰাণ ওৰফে মদন অসম(25) ৷ মিন্টু মৰাণে 2021 চনত যোগদান কৰিছিল আলফা(স্বাঃ)ত (ULFA I Cadre Surrenders in Tinsukia) ৷

ম্যানমাৰৰ আলফা(স্বাঃ)ৰ শিৱিৰৰ পৰা পলায়ন কৰি আহি মিণ্টু মৰাণে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা বুলি সদৰী কৰিছে অসম আৰক্ষীৰ উজনিৰ IGP জিৎমল দলেয়ে ৷ আত্মসমৰ্পণ কৰা আলফা(স্বাঃ)ৰ সদস্যজনৰ ঘৰ তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত তৰাণি গাঁৱত ৷ আত্মসমৰ্পণৰ সময়ত আৰক্ষীক এটা .32 পিষ্টল আৰু তিনি জাঁই সক্ৰিয় গুলী জমা দিছে মিন্টু মৰাণ ওৰফে মদন অসমে ৷ পৰৱৰ্তী সময়ত সদস্যজনক তিনিচুকীয়া আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

আলফা(স্বাঃ)ৰ কেডাৰৰ আত্মসমৰ্পণ

আনহাতে, আলফা(স্বাঃ)ৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোতে তিনিচুকীয়া জিলাৰ এজন 20 বছৰীয়া যুৱকৰ নিৰুদ্দেশৰ খৱৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ নিৰুদ্দেশ হোৱা যুৱকজন তিনিচুকীয়া জিলাৰ কাকপথাৰ 2নং চেলেংগুৰীৰ গমিধৰ মহন্ত আৰু ৰূপা মহন্তৰ পুত্ৰ বিকাশ মহন্ত ৷ বিবাহপাশত আৱদ্ধ হোৱা 9 মাহৰ পাচতে এতিয়া আলফা (স্বাঃ)ত যুৱকজন যোগদান কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে (Foundation day of ULFA independent) ৷

বিকাশ মহন্তই 21 মাৰ্চত ঘৰৰ পৰা কাম কৰিবলৈ বুলি ওলাই গৈ 22 মাৰ্চত নলনিৰ আত্মীয়ৰ ঘৰৰ পৰাই সন্ধানহীন হৈ আছে ৷ তাৰ পাচতে 4 এপ্ৰিলত বিকাশ মহন্তৰ পৰিয়ালৰ ম’বাইল ফোনলৈ এটা অচিনাকি ফোন অহাৰ পাচতে অধিক চিন্তাত পৰিছে পৰিয়ালবৰ্গ ৷ সিফালৰ পৰা ফোনত জনালে যে,‘‘ল’ৰাজন আমাৰ ওচৰত আহি পালে’’ (Mysterious missing case in Tinsukia) ৷

কাকপথাৰৰ এজন যুৱক নিৰুদ্দেশ

গতিকে, পৰিয়ালবৰ্গই এতিয়া অধিক চিন্তাত পৰাৰ লগতে যদিহে বিকাশ মহন্তই আলফা (স্বাঃ)ত যোগদান কৰিছে তেন্তে তেওঁক ঘূৰাই পঠিয়াবলৈ আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কাতৰে আহ্বান জনাইছে ৷ আলফা(স্বাঃ)ৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোতে এনে এক আলফা (স্বাঃ)ত যোগদান কৰাৰ সন্দেহজনক খবৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে অঞ্চলটোত (Missing youth suspected to joined the ULFA independent) ৷

লগতে পঢ়ক :IndiGo Flight : ইণ্ডিগো বিমানত জৰুৰীকালীন দুৱাৰ খোলাৰ চেষ্টা মাতাল যাত্ৰীৰ

ABOUT THE AUTHOR

...view details