অসম

assam

যুৱতীৰে ছেলফি উঠিব গৈ সুন্দৰ প’জ দিলে বিধায়ক ফুকনে

By

Published : Sep 27, 2022, 10:55 AM IST

সততে চৰ্চাত থকা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰো পূজা লাগিছে (Dibrugarh MLA Prasanta Phukan seen in Different way)। বিভিন্ন সময়ত ৰাজনীতিৰ কথা-বতৰাৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা বিধায়ক ফুকনক এইবাৰ দেখা গ'ল সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত ।

Dibrugarh MLA Prasanta Phukan  seen in exceptional appearance
এইবাৰ ব্যতিক্ৰমী ৰূপত বিধায়ক প্ৰশান্ত ফুকন

ডিব্ৰুগড়, 27 ছেপ্টেম্বৰ: শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো (Durga Puja 2022 in Assam) কেইদিনমান বাকী । দুৰ্গাদেৱীৰ আগমণত পূজা-অৰ্চনাৰ বাবে সাজু হৈছে সকলো । জাক-জমকতাৰে ভৰি পৰিছে ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপসমূহ । দুৰ্গোৎসৱ উপলক্ষে বজাৰ সমাৰসমূহতো অগণন লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ সকলোৰে ব্যস্ততাৰ অন্ত নাই ৷ সমান্তৰালকৈ ব্যস্ততা বাঢ়িছে পূজা সমিতি, মৃন্ময় শিল্পী, ব্যৱসায়ী সকলোৰে ।

ইফালে পূজাৰ বতৰত ডিব্ৰুগড়ৰ দোকানে দোকানে ঘূৰি ফুৰা দেখা গ’ল এজন বিধায়কক ৷ সততে চৰ্চাত থকা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰো পূজা লাগিছে (Dibrugarh MLA Prasanta Phukan seen in Different way)। বিভিন্ন সময়ত ৰাজনীতিৰ কথা-বতৰাৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা বিধায়ক ফুকনক এইবাৰ দেখা গ'ল সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত ।

পূজাৰ বতৰত এক ব্যতিক্ৰমী ৰূপত বিধায়ক প্ৰশান্ত ফুকন

গ্ৰাহক-ব্যৱসায়ী, ব্যৱসায়ীক প্ৰতিষ্ঠানৰ গৰাকী- সকলোৰে লগত মত বিনিময় কৰিলে বিধায়ক ফুকনে (MLA Prasanta Phukan seen in exceptional appearance)৷ লগতে এজন সাধাৰণ গ্ৰাহকৰ দৰে দোকানৰ পৰা সুস্বাদু খাদ্য ক্ৰয় কৰি হাঁহি ধেমালি কৰি নিজেও খালে আনকো খোৱালে (Selfie with MLA Prasanta Phukan)। ইফালে তেওঁৰ লগতে ছেলফিও তুলিলে বহুকেইগৰাকী যুৱতীয়ে ৷ গোমধানৰ চপ আৰু পাণ খাই সকলোকে শুভেচ্ছা জনালে শাৰদীয় দূৰ্গা পূজাৰ । ক'ভিডসৃষ্ট পৰিৱেশৰ পিছতে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাত এইবাৰ সুস্থিৰ পৰিৱেশত ৰাইজে শাৰদীয় দূৰ্গোৎসৱ উদযাপন কৰিব বুলি কয় বিধায়ক ফুকনে ।

লগতে পঢ়ক:পুথিভঁড়ালৰ আৰ্হিত ছাত্ৰীবাৰীৰ দুৰ্গা পূজা মণ্ডপ

ABOUT THE AUTHOR

...view details