পুথিভঁড়ালৰ আৰ্হিত ছাত্ৰীবাৰীৰ দুৰ্গা পূজা মণ্ডপ

author img

By

Published : Sep 25, 2022, 11:00 PM IST

Durga Puja  Preparation at Chhatrabari in Guwagati
পুথিভড়ালৰ আৰ্হিত ছাত্ৰীবাৰীৰ দুৰ্গাপূজা মণ্ডপ ()

সমাগত দুৰ্গা পূজা (Durga Puja 2022) ৷ ষষ্ঠীৰ বেদীত মা দুৰ্গাক প্ৰতিষ্ঠা কৰিবলৈ সাজু ৰাজ্য তথা দেশবাসী ৷ মহানগৰীতো দুৰ্গা পূজাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশৰ । ব্যতিক্ৰমী ৰূপত সজাই পৰাই তোলা হৈছে ছাত্ৰীবাৰীৰ দুৰ্গা পূজা মণ্ডপ ৷ সবিশেষ এই প্ৰতিবেদনত...

গুৱাহাটী, 25 ছেপ্টেম্বৰ : আজি পবিত্ৰ মহালয়া (Mahalaya 2022) ৷ শাৰদীয় উৎসৱৰ বতৰা লৈ হাতীৰ পিঠিত উঠি ধৰালৈ নামিল মহিষ মৰ্দিনী দেৱী দুৰ্গা ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লেখিয়াকৈ মহানগৰীতো দুৰ্গা পূজাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশ (Durga Puja 2022) ।

ক’ৰণা মহামাৰীয়ে প্ৰায় দুটা বছৰ বিধ্বস্ত কৰি যোৱাৰ পিছত এইবাৰ ৰাইজে প্ৰথমবাৰৰ বাবে মুকলিকৈ শাৰদীয় দুৰ্গা পূজাৰ উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে । মহানগৰীৰ পূজা সমিতিসমূহৰ প্ৰস্তুতি তুংগত উঠিছে । ব্যতিক্ৰম নহয় ছাত্ৰীবাৰীৰ দুৰ্গা পূজা মণ্ডপো ( Durga Puja Preparation at Chhatrabari) ৷

Durga Puja  Preparation at Chhatrabari in Guwagati
পুথিভড়ালৰ আৰ্হিত ছাত্ৰীবাৰীৰ দুৰ্গাপূজা মণ্ডপ

1954 চনৰ পৰা হৈ অহা ছাত্ৰীবাৰী সাৰ্ব্বজনীন দেৱ পূজাস্থান সমিতিয়ে এইবাৰ ব্যতিক্ৰমী ৰূপত দুৰ্গা পূজাৰ আয়োজন কৰিছে । সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত ইতিবাচক চিন্তা কৰি পূজা মণ্ডপৰ এক বিশেষ থীম লৈছে পূজা কমিটিয়ে । ছাত্ৰীবাৰীৰ দুৰ্গা পূজা সমিতিৰ এইবাৰৰ থীম হৈছে পুথিভঁড়াল ।

Durga Puja  Preparation at Chhatrabari in Guwagati
ষষ্ঠীৰ বেদীত মা দুৰ্গাক প্ৰতিষ্ঠা কৰিবলৈ সাজু ৰাজ্য তথা দেশবাসী

ম’বাইল তথা ইন্টাৰনেটৰ যুগত কিতাপৰ ব্যৱহাৰ লাহে লাহে কমি গৈছে । সেয়েহে নতুন প্ৰজন্মক কিতাপৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্যে এই থীম লৈছে পূজা কমিটিয়ে ৷ তদুপৰি পূজাখনৰ আন আকৰ্ষণ হৈছে কলম, কাঠ পেঞ্চিলেৰে তৈয়াৰী দেৱীৰ প্ৰতিমা (Clay idol of Goddess Durga)।

লগতে পঢ়ক : মহালয়া উপলক্ষে হোজাইবাসীৰ মাজত উছাহ-উদ্দীপনা

29 ছেপ্টেম্বৰৰ ভিতৰত পূজা মণ্ডপৰ কাম সম্পূৰ্ণ হ’ব বুলি সদৰী কৰিছে পূজা সমিতিয়ে ৷ এই পূজা মণ্ডপৰ থীম পুথিভঁড়াল হোৱাৰ লগতে দুটাকৈ দুৰ্গা দেৱীৰ মূৰ্তি থাকিব (Devi Durga Idol) । এটা মৃন্ময় মূৰ্তি আৰু আনটো কলম আৰু কাঠ পেঞ্চিলেৰে তৈয়াৰ কৰা মা দুৰ্গাৰ মূৰ্তি ।

কলম আৰু কাঠ পেঞ্চিলৰ মূৰ্তিটোৰ উচ্চতা 8.5 ফুট । এই ব্যতিক্ৰমী মূৰ্তিটো তৈয়াৰ কৰিছে বাসুগাঁৱৰ শিল্পী সঞ্জয় চন্দই । মূৰ্তিটো প্ৰস্তুত কৰোতে প্ৰায় 1 লাখ 15 হাজাৰ টকা ব্যয় হৈছে । জানিব পৰা মতে, এইবাৰ মণ্ডপটোৰ ভিতৰত প্ৰদৰ্শন কৰা হ’ব গীতা, ভাগৱতকে ধৰি বহু ধৰ্মীয় গ্ৰন্থ ৷

পুথিভড়ালৰ আৰ্হিত ছাত্ৰীবাৰীৰ দুৰ্গাপূজা মণ্ডপ

লগতে প্ৰদৰ্শিত হ’ব অসমীয়া, ইংৰাজী, হিন্দী ভাষাৰ প্ৰায় 10 হাজাৰ বিভিন্ন গ্ৰন্থ আৰু অৰুণোদয়কে ধৰি অসমৰ বহু ন-পুৰণি ভিন্ন বাতৰি কাকতসমূহ । তদুপৰি এইবাৰ শিশুসকলক প্ৰায় এহাজাৰ গ্ৰন্থ উপহাৰ দিয়াৰো চিন্তা চৰ্চা কৰিছে পূজা কমিটিয়ে । লগতে এইবাৰ পূজা মণ্ডপত 3 লাখতকৈ অধিক ভক্তৰ সমাগম হোৱাৰ আশা প্ৰকাশ কৰিছে সমিতিয়ে ।

আনহাতে, প্ৰায় ছমাহ আগৰে পৰা আৰম্ভ কৰা এই দুৰ্গা দেৱীৰ মূৰ্তি তৈয়াৰ কৰিবলৈ প্ৰয়োজন হৈছে প্ৰায় 16-17 হাজাৰ ৰং-বিৰঙি কলম আৰু দুই হাজাৰ কাঠ পেঞ্চিল ৷ উল্লেখ্য যে, 30 ছেপ্টেম্বৰত উদ্যোগী ৰিণিকি ভূঞা শৰ্মাই পূজা মণ্ডপটো আনুষ্ঠানিকভাৱে মুকলি কৰিব ৷ এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে ছাত্ৰীবাৰী সাৰ্ব্বজনীন দুৰ্গা পূজা সমিটিয়ে ৷

লগতে পঢ়ক : কাইলৈ মহালয়া: দাক্ষায়ণীক আদৰাৰ বাবে সাজু ৰাজ্যবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.