কাইলৈ মহালয়া: দাক্ষায়ণীক আদৰাৰ বাবে সাজু ৰাজ্যবাসী

author img

By

Published : Sep 24, 2022, 8:11 PM IST

Mahalaya 2022

বিগত প্ৰায় দুটা বছৰৰ অন্তত দেশ তথা দেশবাসীয়ে উদযাপন কৰিব পবিত্ৰ মহালয়া (Mahalaya 2022) ৷ মহিষ মৰ্দিনী দেৱী দুৰ্গাক ধৰালৈ আদৰিবলৈ সাজু হৈছে ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজ ৷ পবিত্ৰ মহালয়াৰ সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন...

নিউজ ডেস্ক, 24 ছেপ্টেম্বৰ : কালিলৈ পবিত্ৰ মহালয়া (Mahalaya 2022) । কালিলৈ মৰ্ত্যলৈ আহিব মহিষ মৰ্দিনী দেৱী দুৰ্গা । প্ৰবাদ মতে, মহালয়াৰ এই বিশেষ দিনটোতেই পৃথিৱীলৈ শুভ শক্তিৰ আগমন হয় আৰু পুৱাৰ পবিত্ৰ বা-জাকে শৰীৰ-মন-আত্মা সুস্থ কৰে ।

আনকি মহালয়াৰ দিনটোত দেৱীৰ সংস্পৰ্শ লাভ কৰিলে সকলো অপায়-অমংগলৰ পৰা পৰিত্ৰাণ লাভ কৰে বুলিও বিশ্বাস কৰা হয় ৷ সাধাৰণৰ ৰাইজৰ বাবে মহালয়া দুৰ্গা পূজাৰ আৰম্ভণি হ’লেও জ্যোতিষ শাস্ত্ৰত ইয়াৰ আছে অন্য তাৎপৰ্য ৷ দেৱী দুর্গাৰ আগমণ আৰু গমন ওপৰত ভিত্তি কৰিয়েই হিন্দু ধর্মৰ লোকসকলে বিশ্বাস কৰি আহিছে দেশৰ পৰৱৰ্তী কাল ।

জ্যোতিষ শাস্ত্ৰ অনুসৰি, মহালয়া হ’ল পিতৃ পক্ষৰ সমাপ্তি আৰু দেৱী পক্ষৰ আৰম্ভণি ।

এই দিনটোত, বহুলোকে তেওঁলোকৰ পূৰ্ব পুৰুষসকলক শ্ৰদ্ধাঞ্জলি তথা তৰ্পণ কৰে । তৰ্পণৰ অৰ্থ হৈছে সন্তুষ্ট কৰা । পূৰ্ব পুৰুষত তৰ্পন কৰিলে নৰকত থকা পূৰ্ব পুৰুষে মুক্তি লাভ কৰে বুলি জনবিশ্বাস আছে ৷ আনকি পূৰ্ব পুৰুষে মুক্তি প্ৰদান কৰিলে পূৰ্ব পুৰুষৰ আত্মাই সন্তুষ্টি লাভ কৰাৰ লগতে কনিষ্টজনক আৰ্শীবাদো প্ৰদান কৰে বুলি লোক বিশ্বাস আছে ৷ সেয়ে পূৰ্ব পুৰুষৰ আত্মাক সন্তুষ্ট কৰিবলৈ এই বিশেষ দিনটোত তৰ্পণ কৰা হয় ।

বিগত প্ৰায় দুটা বছৰে কৰ’ণা মহামাৰীৰ ফলত তৰ্পণ মুক্ত মনেৰে বা মুক্তভাৱে কৰাটো সম্ভৱ নাছিল ৷ কিন্তু বৰ্তমান পূৰ্বৰ কৰ’ণা পৰিস্থিতি কিছু খাম কটাৰ বাবে দেশ তথা ৰাজ্যৰ বিশেষকৈ বঙালী সম্প্ৰদায়ৰ লোকে অধিক আগ্ৰহেৰে বাট চাই ৰৈছে ৷

লগতে পঢ়ক : সমাগত দুৰ্গা পূজা, শাৰদী ৰাণীক আদৰিবলৈ ব্যস্ত সকলো

প্ৰবাদ অনুসৰি, বহু বছৰৰ পূৰ্বে মহালয়াৰ দিনটোত ভগৱান ৰামচন্দ্ৰই তেওঁৰ পূৰ্ব পুৰুষসকলক তৰ্পণ আগবঢ়াইছিল । যাৰ ফলতে পূৰ্ব পুৰুষৰ কৃপা দৃষ্টি তেওঁ লাভ কৰিছিল বুলি মান্যতা আছে ৷ জ্যোতিষ শাস্ত্ৰ অনুসৰি, এইবাৰ অৰ্থাৎ 2022 বৰ্ষত মহালয়া শনিবাৰে নিশা 2:55 মিনিট 39 ছেকেণ্ডৰ পৰা আৰম্ভ হ’ব । এই মহালয়াৰ শুভ ক্ষণ 25 ছেপ্টেম্বৰৰ পুৱতি নিশা 3:24 মিনিট 17 ছেকেণ্ডলৈকে থাকিব ৷

আনহাতে, হিন্দু পৌৰাণিক কাহিনী অনুসৰি, বিশ্বাস কৰা হয় যে মহালয়াৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে ৰাক্ষস মহিষাসুৰক পৰাস্ত কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল । মহালয়াই নৱৰাত্ৰিৰ আৰম্ভণিক চিহ্নিত কৰে বুলি বিশ্বাস আছে ৷ যাক মা দুৰ্গাৰ নামত উৎসৰ্গিত কৰা হয় । এই দিনকেইটাত ভক্তসকলে 9 দিন উপবাসে থাকি মা দুৰ্গাৰ নটা ৰূপৰ পূজা কৰে ।

ভাৰতৰ কিছু ঠাইত ভক্তসকলে নৱৰাত্ৰিৰ সময়ত অষ্টম আৰু নৱম দিনা কন্যা পূজা কৰে । এই অনুষ্ঠানটোত মুখ্যতঃ 9 গৰাকী ছোৱালীৰ উপাসনা কৰে । এই 9 গৰাকী ছোৱালীয়ে দেৱী দুৰ্গাৰ নটা ৰূপক প্ৰতিনিধিত্ব কৰে । লোক বিশ্বাস অনুসৰি, এই দিনটোত দেৱী দুৰ্গাই তেওঁৰ সন্তান-লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু গণেশৰ সৈতে নাও, হাতী বা ঘোঁৰাত কৈলাশৰ পৰা পৃথিৱীত থকা তেওঁৰ পিতৃগৃহলৈ যায় ।

সেই সময়তে দেৱী দুৰ্গাই পৃথিৱীৰ পৰা ৰাক্ষস আঁতৰাই তেওঁৰ ভক্তসকলক আশীৰ্বাদ প্ৰদান দিছিল । মহালয়াৰ সপ্তম দিনা দুৰ্গা পূজা আৰম্ভ হয় আৰু দশম দিনা সমাপ্ত হয় (Durga Puja 2022) । মহালয়াৰ আৰম্ভণিৰ সময়ত ভক্তসকলে পুৱাই উঠি দেৱী দুৰ্গাক উপাসনা কৰে ।

আনকি এই মহালয়াৰ আৰম্ভণিৰ সময়তে মৃণ্ময় শিল্পীসকলেও নিৰ্মাণ কৰা দেৱী দুৰ্গাৰ প্ৰতিমাৰ চকুৰ ৰং কৰাৰ আৰম্ভ কৰে (Devi Durga Idol) । অৰ্থাৎ সেই মৃৎ নিৰ্জীৱ মূৰ্তিটো (Clay idol of Goddess Durga) জাগ্ৰত ৰূপ পাই বুলি বিশ্বাস আছে ৷

লগতে পঢ়ক : সমাগত দুৰ্গোৎসৱ: সাজু হৈ উঠিছে পুৰণিগুদামৰ ঐতিহাসিক কাঠৰ প্ৰতিমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.