সমাগত দুৰ্গা পূজা, শাৰদী ৰাণীক আদৰিবলৈ ব্যস্ত সকলো

author img

By

Published : Sep 23, 2022, 8:06 PM IST

Durga Puja 2022 in Assam

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী (Durga Puja 2022 in Assam) । দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো চলিছে পূজাৰ ব্য়াপক প্ৰস্তুতি ।

নিউজ ডেস্ক, 23 ছেপ্টেম্বৰ : এয়া শৰতৰ বতৰ ৷ শৰৎ মানেই শাৰদী ৰাণী দুৰ্গা মাৰ ধৰালৈ আগমনৰ সময় (Durga Puja 2022 in Assam) ৷ এই শাৰদীয় বতৰত শেৱালি ফুলৰ গোন্ধই সকলোকে কৰি তুলিছে আপ্লুত ৷ তাতে আকৌ শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী ৷ 30 অক্টোবৰৰ পৰা সমগ্ৰ দেশ তথা ৰাজ্যতে পালন কৰা হ’ব দুৰ্গা পূজা ৷

কি মৃৎশিল্পী, কি মণ্ডপ নিৰ্মাণ কৰ্তা নাইবা ঢাক প্ৰস্তুত কৰ্তাসকল ৷ সকলো এতিয়া ব্যস্ত ৷ কাৰো মূৰ তুলি চাবলৈকো আহৰি নাই ৷ ৰঙিয়াৰ আটাইতকৈ পুৰণি মৃৎ শিল্পৰ প্ৰতিষ্ঠান হৈছে অজন্তা শিল্পালয় । এই শিল্পালয়ৰ শিল্পীসকলো ব্যস্ত দেৱী দুর্গাৰ মূৰ্তি নিৰ্মাণত (Devi Durga Idol)।

সমাগত দুৰ্গা পূজা, শাৰদী ৰাণীক আদৰিবলৈ ব্যস্ত সকলো

যোৱা প্ৰায় দুটা বছৰে ক’ভিডকালীন পৰিস্থিতিৰ বাবে আৰ্থিক মন্দাৱস্থাৰ প্ৰভাৱ দেখা গৈছিল মৃৎশিল্পৰ ব্যৱসায়ত ।

কিন্তু এইবাৰ ক’ভিডকালীন পৰিস্থিতি কিছু খাম কটাত দুগুণ উৎসাহেৰে অৰ্ডাৰ লাভ কৰা মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে পৰিয়ালটোৰ সকলো । ইফালে ৰঙিয়াৰ মিলৰোডৰ সাৰ্বজনীন পূজা কমিটিৰ পূজাৰ মণ্ডপটো উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰিবলৈ মনস্থ কৰিছে উদ্যোক্তাসকলে (Durga Puja Preparation at Rangia) ।

লগতে পঢ়ক : মহিষাসুৰ মৰ্দিনীৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত খাৰুপেটীয়াৰ মৃৎশিল্পী দিলীপ পাল

প্ৰায় তিনিলাখ টকা ব্যয় সাপেক্ষে কমিটিখনৰ 38 তম পূজা মণ্ডপটো সাজি উলিওৱা হ’ব (Clay idol of Goddess Durga) ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ লখিমপুৰ জিলাৰ বিহপুৰীয়াতো মৃৎশিল্পীসকলৰ মাজত দেখা গৈছে‌ এক ব্যস্ততাপূৰ্ণ পৰিৱেশ (Durga Puja Preparation at Bihpuria) । ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰবৰ্গও ৷

বিহপুৰীয়াৰ এখন প্ৰতিমা নিৰ্মাণৰ প্ৰতিষ্ঠানত দুই ভগ্নী আৰু ভাতৃ - তিনিও মিলি এইবেলি দুগুণ উৎসাহেৰে মূৰ্তি নিৰ্মাণৰ কাম হাতত লৈছে ৷ প্ৰতিষ্ঠানটোত এইবাৰ 12 টাকৈ প্ৰতিমা নিৰ্মাণত দিনে নিশাই ব্যস্ত আছে শিল্পীসকল । এইবেলি হাতীত আগমন আৰু নৌকাত গমন হ’বলগীয়া মা দুৰ্গাক আদৰিবলৈ সাজু নলবাৰীৰ ঐতিহাসিক শক্তিপীঠ বিল্বেশ্বৰ দেৱালয় কৰ্তৃপক্ষ ৷

ৰজা নাগক্ষৰ দিনতে স্থাপিত নলবাৰীৰ বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়তো চলিছে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি (Durga Puja Preparation in Nalbari) ৷ দুশৰ পৰা তিনিশ শতিকাৰ ভিতৰত স্থাপিত ঐতিহাসিক দেৱালয়ত বছৰৰ পিছত বছৰ ধৰি চলি আহিছে নৱৰাত্ৰি পূজা ৷ প্ৰতিপদ তিথিৰ পৰা এইখন শক্তিপীঠ বিল্বেশ্বৰ দেৱালয়ত বিজয়া দশমীলৈ দুৰ্গতি নাষিনী দেৱী দুৰ্গাক ন টা ৰূপত কৰা হয় পূজা অৰ্চনা ৷

ব্যয়বহুল বাজেটৰে আগন্তুক 26 ছেপ্তেম্বৰৰ পৰা 5 অক্টোবৰলৈ বিল্বেশ্বৰ দেৱালয়ত চলিব দেৱীৰ আৰধনা ৷ এনেদৰেই এতিয়া দেৱী দুৰ্গাক ধৰালৈ আদৰিবলৈ সকলো ব্যস্ত হৈ পৰিছে ৷ অপেক্ষা মাথো আৰু কেইটামান দিনৰ...

লগতে পঢ়ক : সমাগত দুৰ্গোৎসৱ: সাজু হৈ উঠিছে পুৰণিগুদামৰ ঐতিহাসিক কাঠৰ প্ৰতিমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.