মহিষাসুৰ মৰ্দিনীৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত খাৰুপেটীয়াৰ মৃৎশিল্পী দিলীপ পাল

author img

By

Published : Sep 8, 2022, 10:06 PM IST

Durga Puja Preparation at Dalg

অজন্তা থীমেৰে দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত খাৰুপেটীয়াৰ মৃৎশিল্পী । মূল্যবৃদ্ধিৰ সমান্তৰালকৈ বৃদ্ধি পাইছে প্ৰতিমাৰ দামো । কিন্তু ইয়াৰ মাজতে হাঁহি বিৰিঙিছে মৃৎশিল্পীৰ মুখতো ৷ শিল্পীৰ আঙুলিৰ পৰশত প্ৰাণ পাই উঠিব ধৰিছে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ প্ৰতিমা (Clay idol of Goddess Durga) ।

দলগাঁও, ৮ ছেপ্টেম্বৰ : কঁহুৱা-কোমল উশাহ লৈ, শেৱালি কোমল হাঁহিটিৰে শৰৎ আকৌ আহিছে । বতাহত লহপহকৈ হালি উঠা কঁহুৱাৰ লয়-লাস-ছন্দই শৰতৰ মধুময় দিনৰ আদৰণি জনাইছে । শেৱালি সুবাসেৰে আমোলমোল কৰা পদুলিমুখত নিয়ৰসিক্ত দুবৰিৰ দলিচাত যাওঁ বুলি যাবই নোখোজা মন এটা লৈ আহি আছে শৰৎ ।

শৰৎ বুলি ক’লেই মনলৈ আহে পদূলিৰ মূৰত থকা শেৱালি জোপাৰ কথা ৷ শৰৎ বুলি ক’লেই মনলৈ আহে শাৰদীয় দুৰ্গোৎসৱৰ কথা ৷ সমাগত শাৰদীয় দুৰ্গোৎসৱ । মাজত আৰু কেইটামান দিন বাকী । প্ৰাণ চঞ্চলা প্ৰকৃতিয়ে দিছে শৰতৰ বতৰা ৷

মহিষাসুৰ মৰ্দিনীৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত খাৰুপেটীয়াৰ মৃৎশিল্পী দিলীপ পাল

ইয়াৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকলো (Clay idol of Goddess Durga) ।

ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ দৰঙৰ খাৰুপেটীয়াতো দেখা গৈছে‌ এক ব্যস্ততাপূৰ্ণ পৰিৱেশ । ব্যস্ত হৈ পৰিছে মৃৎশিল্পীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলো (Durga Puja Preparation at Dalg)। কিয়নো ক’ভিড সৃষ্ট পৰিৱেশৰ পাচত এইবাৰ পূৰ্বৰ দৰে দেশে অতি উলহ-মালহেৰে পালন কৰিব দূৰ্গা পূজা ৷

বিগত প্ৰায় দুটা বছৰে ব্যাপক লোকচানৰ সন্মুখীন হোৱা খাৰুপেটীয়াৰ মৃৎশিল্পী দিলীপ পালে এইবেলি দুগুণ উৎসাহেৰে অৰ্ডাৰ অনুসৰি সৰু বৰ আকাৰৰ ৩৭ টাকৈ দেৱী দুৰ্গাৰ মৃণ্ময় মূৰ্তি নিৰ্মাণৰ কাম হাতত লৈছে ৷ যাৰ বাবে দিনে নিশাই দেৱী দুৰ্গাৰ প্ৰতিমা (Devi Durga Idol) নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃৎশিল্পী দিলীপ পাল আৰু তেওঁৰ সংগীবৃন্দ ৷

শিল্পীগৰাকীৰ কাৰখানাত এইবাৰ অৰ্ডাৰ মতে ২০-২৫ হাজাৰৰ পৰা ৭০-৮০ হাজাৰ টকীয়া অজন্তা থীমৰ দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণৰ কামত দিনে নিশাই নিয়োজিত হৈ আছে ৮-৯ জনকৈ শ্ৰমিক ৷ ইফালে বিভিন্ন সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সমান্তৰালকৈ এইবাৰ বৃদ্ধি পাইছে প্ৰতিমাৰ দামো । যাৰ বাবে মৃৎশিল্পীৰ মুখত বিৰিঙিছে হাঁহি ।

শিল্পীৰ আঙুলিৰ পৰশত ক্ৰমে প্ৰাণ পাই উঠিব ধৰিছে ৩৭ টাকৈ দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ প্ৰতিমাৰ লগতে অজন্তা থীমৰ মৃন্ময় মূৰ্তি । অপেক্ষা মাথো অন্তিম পৰশলৈ ৷ উল্লেখ্য যে, বংশগতভাৱে প্ৰতিমা নিৰ্মাণৰ জৰিয়তে পৰিয়ালৰ পোহপাল দিয়া এই মৃৎশিল্পীসকলে আজিলৈ চৰকাৰৰ ফালৰ পৰা সহায় সাহায্যৰ নামত নাপালে এটা ফুটা কড়িও ৷ যাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে মনৰ কিছু ক্ষোভো ৷

লগতে পঢ়ক : Dr Bhupen Hazarika birth anniversary : শিৱসাগৰত সুধাকণ্ঠক স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.