মহালয়া উপলক্ষে হোজাইবাসীৰ মাজত উছাহ-উদ্দীপনা

By

Published : Sep 25, 2022, 7:05 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

আজি পৱিত্ৰ মহালয়া (Mahalaya 2022) ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি পুৱাৰে পৰা আমাৰ ৰাজ্যখনতো মহালয়াৰ উছাহ-উদ্দীপনা পৰিলক্ষিত হৈছে ৷ দেৱী দুৰ্গাক আদৰাৰ বাবে হোজাইৰ ভক্তপ্ৰাণ ৰাইজে কাহিলীপুৱাৰে পৰা বাটে-ঘাটে ভিৰ কৰা পৰিলক্ষিত হৈছে (Mahalaya celebrated in Hojai) ৷ একেদৰে পুৱাৰে পৰা ভিৰ বাঢ়িছে মন্দিৰবোৰটো ৷ লোকবিশ্বাস অনুসৰি আজিৰ দিনটোতেই দেৱী দুৰ্গা ধৰালৈ নামি আহে (Durga Puja 2022) ৷ কোভিডজনিত পৰিস্থিতিৰ পাছত পোনপ্ৰথমবাৰৰ বাবে দেশ তথা ৰাজ্যবাসীয়ে সম্পূৰ্ণ মুক্ত মনেৰে দুৰ্গোৎসৱ উদযাপন কৰিবলৈ পায় দুগুণ উছাহ প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছে ভক্তপ্ৰাণ ৰাইজৰ মাজত ৷ হিন্দু ধৰ্মাৱলম্বীসকলৰ পৱিত্ৰ শাৰদীয় দুৰ্গোৎসৱৰ আৰম্ভণিৰ পূৰ্বে চণ্ডীপাঠৰ মাধ্যমেৰে দেৱী দুৰ্গাক আমন্ত্ৰণ জনোৱা হয় । তাৰ পাছৰ পৰাই ধাক-ঢোল, ডবা-শংখৰ ধ্বনিৰ লগতে দেৱী বন্দনাৰে মুখৰ হৈ পৰে সমগ্ৰ পৰিৱেশ ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.