অসম

assam

AMCH: অসম চিকিৎসা মহাবিদ্যালয়ৰ চুপাৰ স্পেচিয়েলিটি ভৱনৰ চিলিং খহি আঘাতপ্ৰাপ্ত নাৰ্চ, ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে এজাহাৰ

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 9:17 AM IST

Updated : Oct 10, 2023, 3:41 PM IST

ডিব্ৰুগড়ত AMCH ৰ নৱ-নিৰ্মিত চুপাৰ স্পেচিয়েলিটী ভৱনৰ খহি পৰিল চিলিং, আঘাতপ্ৰাপ্ত এগৰাকী নাৰ্চ ৷ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে হাস্পতাল কৰ্তৃপক্ষই । হায়দৰাবাদৰ কে এম ভি নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে হাস্পতাল কৰ্তৃপক্ষই ।

AMCH
অসম চিকিৎসা মহাবিদ্যালয়ৰ চুপাৰ স্পেচিয়েলিটি ভৱনৰ খহি পৰিল চিলিং

অসম চিকিৎসা মহাবিদ্যালয়ৰ চুপাৰ স্পেচিয়েলিটি ভৱনৰ খহি পৰিল চিলিং

ডিব্ৰুগড়, 10 অক্টোবৰ: অসম চিকিৎসা মহাবিদ্যালয়ৰ নৱ-নিৰ্মিত ছুপাৰ স্পেচিয়েলিটি ভৱনৰ নিউৰ’লজি বিভাগত নিশা খহি পৰিল চিলিং। ঘটনাটোৰ ফলত কৰ্মৰত অৱস্থাত থকা এগৰাকী নাৰ্ছ আঘাতপ্ৰাপ্ত হোৱাৰ পাছতেই নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে হাস্পতাল কৰ্তৃপক্ষই । ঘটনা অনুসৰি কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা অসম চিকিৎসা মহাবিদ্যালয়ৰ চুপাৰ স্পেচিয়েলিটি ব্লকৰ তৃতীয় মহলাৰ এখন বৃহৎ চিলিং অকস্মাতে নিশা খহি যোৱা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ডিব্ৰুগড় জিলাত ।

অসম চিকিৎসা মহাবিদ্যালয়ৰ চুপাৰ স্পেচিয়েলিটি ভৱনৰ খহি পৰিল চিলিং

ঘটনা সন্দৰ্ভত অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে গোচৰ দিয়াৰ লগতে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক বিষয়টো অৱগত কৰিছে । উল্লেখ্য যে, কেন্দ্রীয় পুঁজিৰে ডিব্ৰুগড়ৰ AMCH ত ছুপাৰ স্পেচিয়েলিটি ব্লক নিৰ্মাণৰ বাবে 2014 চনতে কেইবাকোটি টকাৰ অনুমোদন দিয়া হৈছিল । 2016 চনৰ পৰা অত্যাধুনিক এই হাস্পতালৰ নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ পিছত 2021 চনত নিৰ্মাণৰ দায়িত্বত থকা হায়দাবাদৰ কে এম ভি নামৰ এক ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে এ এম চি এইচক আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰিছিল ।

কোটি কোটি টকাৰ কেন্দ্ৰীয় পুঁজিৰে নিৰ্মিত ব্লকটোৰ চিলিং মাত্ৰ দুবছৰৰ ভিতৰতে খহি পৰাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ নিম্নমানৰ কামৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উঠিছে । চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষকজনে জানিবলৈ দিয়া মতে অসম চিকিৎসা মহাবিদ্যালয়ৰ চুপাৰ স্পেচিয়েলিটি ব্লকত প্ৰায়েই কিছু ঘটনা সংঘটিত হয় যি চিকিৎসা সেৱা প্ৰদানত ব্যাঘাত জন্মাই আহিছে ।

কেইবা কোটিটকীয়া ব্লকটোৰ চিলিং খহি পৰাৰ পিছত এ এম চি এইচ কৰ্তৃপক্ষই হায়দৰাবাদৰ কে এম ভি নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে । অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উক্ত নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক:Amrit kalash Yatra: অখিল গগৈক দেশপ্ৰেম শিকাৰ পৰামৰ্শ সাংসদ প্ৰদান বৰুৱাৰ

Last Updated :Oct 10, 2023, 3:41 PM IST

ABOUT THE AUTHOR

...view details