ETV Bharat / state

Amrit kalash Yatra: অখিল গগৈক দেশপ্ৰেম শিকাৰ পৰামৰ্শ সাংসদ প্ৰদান বৰুৱাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 8:08 AM IST

Amrit kalash Yatra in Sissiborgaon of Dhenaji
অখিল গগৈক দেশপ্ৰেম শিকাৰ পৰামৰ্শ সাংসদ প্ৰদান বৰুৱাৰ

ধেমাজিৰ চিচিবৰগাঁওত অমৃত কলহ যাত্ৰাৰ বিশাল কাৰ্যসূচী । যাত্ৰাত অংশগ্ৰহণ কৰি বিধায়ক অখিল গগৈক সমালোচনা কৰে সাংসদ প্ৰদান বৰুৱাই । অনুষ্ঠানৰ অন্তত পেকেট লাঞ্চ বিচাৰি ৰাইজৰ মাজত খোৱা কামোৰা পৰিস্থিতি ।

ধেমাজিৰ চিচিবৰগাঁওত অমৃত কলহ যাত্ৰাৰ বিশাল কাৰ্যসূচী

জোনাই, 10 অক্টোবৰ: ধেমাজি জিলাৰ চিচিবৰগাঁও উন্নয়ন খণ্ডত সোমবাৰে সম্পন্ন হয় অমৃত কলহ যাত্ৰাৰ সমাপন কাৰ্যসূচী । চৰকাৰৰ 'মোৰ মাটি মোৰ দেশ' শীৰ্ষক কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এই অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰি স্থানীয় সাংসদ প্ৰদান বৰুৱাই আক্ৰমণ কৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক ৷ এই যাত্ৰাত চিচিবৰগাঁও উন্নয়ন খণ্ডৰ মুঠ 17 খন গাওঁ পঞ্চায়তৰ অগণন প্ৰতিনিধিয়ে গায়ন-বায়ন,বিহু নাম, জনগোষ্ঠীয় নৃত্য-গীতেৰে প্ৰায় 3 কিলোমিটাৰ সমদল কৰি আহি অমৃত কলহসমূহ উন্নয়ন খণ্ডত অনুষ্ঠিত মুকলি সভাৰ মূল মঞ্চত হস্তান্তৰ কৰে ।

অমৃত কলহ লৈ বিভিন্ন পঞ্চায়তৰ পৰা উলিওৱা হয় বিশাল শোভাযাত্ৰা । বৰ্ষাবিঘ্নিত বতৰকো নেওচি শতাধিক লোকে অংশগ্ৰহণ কৰে এই সমদল কাৰ্যসূচীত ৷ পৰৱৰ্তী সময়ত অনুষ্ঠিত হয় এক মুকলি সভা । সভাত অংশ লৈ স্থানীয় সাংসদ প্ৰদান বৰুৱাই চৰকাৰৰ এই বিশাল কাৰ্যসূচীত ভাগ ল’বলৈ গৌৰৱান্বিত হোৱা বুলি কৈ অমৃত কলহ কাৰ্যসূচীৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে ৰাইজক অৱগত কৰায় ।

বিজেপিৰ প্ৰতিটো কাৰ্যসূচীৰ বিৰুদ্ধে বিধায়ক অখিল গগৈয়ে বিৰূপ মন্তব্য কৰা বুলি খেদ প্ৰকাশ কৰি সাংসদ বৰুৱাই বিধায়ক অখিল গগৈক দেশপ্ৰেম শিকিবলৈ পৰামৰ্শ আগবঢ়ায় । অনুষ্ঠানত উপস্থিত বিধায়ক ভূবন পেগুৱে ৰাইজৰ অভূতপূৰ্ব সহাঁৰিয়ে চৰকাৰক জনহিতকৰ কাৰ্য কৰিবলৈ উৎসাহিত কৰা বুলি আটাইলৈ কৃতজ্ঞতা জনায় । অনুষ্ঠানৰ আৰম্ভণিতে কিষ্কিন্ধা ৰাজ্যৰ পৰা অহা বালি-সুগ্ৰীৱৰ যুদ্ধই ৰাইজক বাৰুকৈয়ে আকৰ্ষিত কৰা পৰিলক্ষিত কৰা হ’ল ।

মহা ধুমধামেৰে আয়োজন কৰা কাৰ্যসূচীটোৰ শেষৰ ফালে বিসংগতিয়েই দেখা দিয়া পৰিলক্ষিত হয় । সভাৰ শেষত দূৰদূৰণিৰ পৰা আহি অনুষ্ঠানত ভাগ লোৱা লোকসকলে পেকেট লান্স বিচাৰি খোৱা কামোৰা কৰা পৰিলক্ষিত হয় । দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি দূৰণিবটীয়া লোকে পেকেট লাঞ্চ বিচাৰি হতাহতিত লিপ্ত হোৱা বুলিও জানিব পৰা গৈছে ।‌

লগতে পঢ়ক: UNESCO expert leaves Charaideo: বহু তথ্যৰ সম্ভাৰ লৈ চৰাইদেউ এৰিলে ইউনেস্ক’ৰ পৰ্যবেক্ষকে ! অপেক্ষা ভাল খবৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.