ETV Bharat / state

UNESCO expert leaves Charaideo: বহু তথ্যৰ সম্ভাৰ লৈ চৰাইদেউ এৰিলে ইউনেস্ক’ৰ পৰ্যবেক্ষকে ! অপেক্ষা ভাল খবৰলৈ

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 10:58 PM IST

UNESCO expert leaves Charaideo
বহু তথ্যৰ সম্ভাৰ লৈ ঘৰমুৱা হ’ল ইউনেস্ক’ৰ পৰ্যবেক্ষক চিয়াং

ঘৰমুৱা হ’ল ইউনেস্ক’ৰ পৰ্যবেক্ষক লিম চিং চিয়াং ৷ ঐতিহাসিক চৰাইদেউ মৈদামৰ বহু তথ্যৰ সম্ভাৰ লৈ চৰাইদেউ এৰিলে পৰ্যবেক্ষক চিয়াঙে ৷ তিনিদিনে ব্যস্ত থকা চৰাইদেউ আজি নিজম পৰিল ৷

বহু তথ্যৰ সম্ভাৰ লৈ ঘৰমুৱা হ’ল ইউনেস্ক’ৰ পৰ্যবেক্ষক চিয়াং

ডিব্ৰুগড়, 9 অক্টোবৰ: ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰ্যবেক্ষণ কৰি তিনিদিনৰ পাচত উভতিল ইউনেস্ক’ৰ পৰ্যবেক্ষক লিম চিং চিয়াং ৷ আহোম ৰাজত্ব কালৰ প্ৰথম ৰাজধানী ঐতিহাসিক চৰাইদেউ মৈদামৰ বিভিন্ন তথ্য সংগ্ৰহ কৰি সোমবাৰে চৰাইদেউ বিদায় দিলে চিয়াঙে ৷

ঐতিহাসিক চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্তিৰ বাবে ইউনেস্ক’ৰ বিশেষজ্ঞ প্ৰতিনিধি লিম চিং চিয়াং শনিবাৰে উপস্থিত হৈছিল চৰাইদেউ মৈদামস্থলীত ৷ তিনিদিনীয়া পৰ্যবেক্ষণ সামৰি ঘৰমুৱা হ'ল ইউনেস্ক’ৰ পৰ্যবেক্ষকগৰাকী ৷

শনিবাৰে বিয়লি চৰাইদেউ মৈদামস্থলীত উপস্থিত হোৱাৰ পিচৰে পৰা বিগত তিনি দিনে বিশেষজ্ঞ লিম চিং চিয়াঙে ঐতিহাসিক মৈদামস্থলীৰ ক'ৰ আৰু বাফাৰ দুয়োটা জ'নৰ সকলো ইতিহাস প্ৰসিদ্ধ স্থান পৰিদৰ্শন কৰে ।

প্ৰথম দিনা মৈদাম ক্ষেত্ৰত উপস্থিত হৈ চৰাইদেউ মৈদামস্থলীত স্থাপন কৰা ৰেন চেঙত মলুংসকলে অনুষ্ঠিত কৰা ফুৰালুং পূজাত অংশগ্ৰহণ কৰিছিল বিশেষজ্ঞ গৰাকীয়ে । ইয়াৰ পাচতে মৈদামত উপস্থিত হৈ কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ পৰা যাৱতীয় তথ্য সংগ্ৰহ কৰে পৰ্যবেক্ষক গৰাকীয়ে । পুৰাতাত্ত্বিক খননকাৰ্য চলি থকা মৈদামৰ অভ্যন্তৰত প্ৰৱেশ কৰি বিভিন্ন তথ্য সংগ্ৰহ কৰিছিল চিয়াঙে ৷

আনকি ইউনেস্ক’ৰ পৰ্যবেক্ষক গৰাকীয়ে মৈদাম ক্ষেত্ৰৰ প্ৰতিটো ঐতিহাসিক সমল পৰ্যবেক্ষণ কৰে । নিজৰ ফোন আৰু কেমেৰাৰ লেন্সত বন্দী কৰে মৈদামৰ ঐতিহাসিক সমলসমূহৰ দৃশ্য । তিনিটা দিনত ইউনেস্ক’ৰ পৰ্যবেক্ষক গৰাকীয়ে চৰাইদেউ মৈদাম ক্ষেত্ৰত দাঁতিকাষৰীয়া ঐতিহাসিক স্থানসমূহ পৰিদৰ্শন কৰে ।

চৰাইদেউ মৈদাম ক্ষেত্ৰত থকা মূল মৈদামসমূহ পৰিদৰ্শনে নহয় ইউনেস্ক’ৰ বিশেষজ্ঞগৰাকীয়ে আহোম সকলৰ জীৱন প্ৰণালী, খাদ্য, সংস্কৃতি আদিৰো আভাস লৈ তিনিদিনৰ মূৰত ঘৰমুৱা হয় । ইউনেস্ক’ৰ বিশেষজ্ঞ গৰাকীক তিনিটা দিন ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ বিষয়া, চৰাইদেউ জিলা প্ৰশাসন, স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰকে ধৰি ৰাজ্যৰ বহু কেইজন ইতিহাসবিদে সহযোগিতা আগবঢ়ায় ।

ইউনেস্ক’ৰ প্ৰতিনিধি জনে সঠিক প্ৰতিবেদন দাখিল কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি লাভ কৰিব চৰাইদেউ মৈদামে । সকলোৱে আশা প্ৰকাশ কৰিছে এইবাৰ 600 বছৰীয়া সোণালী ইতিহাস বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিব ।

লগতে পঢ়ক:UNESCO expert visits Charaideo: বিশেষজ্ঞ চিয়াঙৰ পৰ্যবেক্ষণ; বিশ্ব ঐতিহ্য হ’বলৈ কিমান দূৰ চৰাইদেউৰ পৰা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.